চন্দৰী আই
চন্দৰী আই (ইংৰাজী: Chandari Aai) শংকৰদেৱৰ পৰিয়ালৰ এগৰাকী পৰিচাৰিকা বা দাসী আছিল৷ কোনো কোনোৰ মতে, চন্দৰী আই শংকৰদেৱৰ ধাই মাক আছিল৷[1] পৰিচাৰিকা যদিও তেওঁ সমাজত প্ৰচলিত শাস্ত্ৰজ্ঞানেৰে জ্ঞানী আছিল৷ সেই বাবেই শংকৰদেৱৰ সৃষ্টিতো খুঁত উলিয়াই তাক শুধৰাবলৈ সক্ষম হৈছিল৷ শংকৰদেৱে তেওঁৰ প্ৰথম অংকীয়া নাট চিহ্ন-যাত্ৰা ৰচনা কৰিছিল ১৪৬৮ খ্ৰীষ্টাব্দত৷[2] ৰামচৰণ ঠাকুৰ বিৰচিত “গুৰু চৰিত’’তো আছে;
পুনু পুনু চান্দেৰী মুখত দেই নিয়া
নখায় শংকৰে তাক পেলায় চাদিয়া৷৷
তথাপিতো দিৱয় চান্দেৰী ধাই বান্দী৷
হেন দেখি শংকৰে উঠয় কান্দি কান্দি৷৷[3]
দশম পাঠ কৰোঁতে ভকতসকলে “বিষ্ণু বুদ্ধি কৰি নন্দৰ পোক৷ দেখাইলা বৈকুণ্ঠ ব্ৰজৰ লোক৷৷’’ পদফাকি শুনি শংকৰদেৱক খাটনি ধৰিছিল, কৃষ্ণই গোপ-গোপীক দেখুওৱাৰ দৰে শংকৰদেৱেও তেওঁলোকক বৈকুণ্ঠখন দেখুৱাওক৷ তাকে শুনি শংকৰদেৱে তুলাপাতত সাত বৈকুণ্ঠৰ চিত্ৰ আঁকিলে৷ কিন্তু স্বৰ্গৰ বৃক্ষ “কল্পতৰু’’জোপা ক’ত দিব তাকে ভাবি ৰৈ গ’ল৷ চোতালত ধান শুকুৱাই থকা চন্দৰী আয়ে মাত দিলে “ডেকাগিৰি, সেইখিনিতে নিদিয়া কিয়, শ্ৰীমন্দিৰ কাখে সপ্তম দ্বাৰ আগকৈ’’৷ [4] চন্দৰী আই সংস্কৃত ভাষাও জানিছিল আৰু গীতাতত্ত্ব ব্যাখ্যা কৰিব পাৰিছিল৷ এবাৰ শংকৰদেৱক তৰ্কত হৰুৱাবলৈ এদল পণ্ডিত আহি শংকৰদেৱ ক’ত আছে সোধোঁতে চন্দৰী আয়ে তাৰ কাৰণ সোধাত শাস্ত্ৰ ব্যাখ্যা কৰিবলৈ অহা বুলি ক’লে৷ তেতিয়া তেওঁ সেই পণ্ডিতদলৰ আগত গীতাতত্ত্ব ব্যাখ্যা কৰি দিছিল আৰু পণ্ডিতসকল চন্দৰী আইৰ পাণ্ডিত্য দেখি অবাক হৈছিল৷[3][2] এইগৰাকী নাৰীৰ বিষয়ে চৰিতপুথিসমূহত বহলাই পোৱা নাযায়৷ ক’ৰবাত তেওক গোঁসানী, ক’ৰবাত আই, ক’বাত ধাই বুলি উল্লেখ থকা পোৱা যায়৷ নামটোও ঠাইবিশেষে চন্দৰী বা চান্দেৰী৷ “চিহ্নযাত্ৰ’’ নাট প্ৰদৰ্শন শেষ কৰাৰ পিছত ঘৰাঘৰি যোৱা মানুহে বাটত চন্দৰী আইক পাই ক’লৈ যায় সোধাত কৈছিল, ডেকাগিৰিয়ে পট আঁকিছে, তাকে চাওঁগৈ৷ তেতিয়া ভকতসকলে ক’লে যে, লগ হৈ গ’লেহে দেখুৱাব; অকলে নেদেখুৱায়৷ “মোক দেখুৱাব’’ বুলি আই গৈ শংকৰদেৱক পটখন দেখুৱাবলৈ কোৱাত শংকৰদেৱে ক’লে, অকলে আহিব নাপায়৷ তেতিয়া বুঢ়ীয়ে খং কৰি ক’লে, “পূৰ্বৰ কথা মনত ৰাখিছা হ’বলা? কাজলী পাৰলী গৰুৱে ধান খোৱাত যে মই গালি পাৰিছিলোঁ, সেইদেখি মোক নেদেখুৱাবা নেকি?’’ তেতিয়া শংকৰদেৱে মিচিকিয়াই হাঁহি পট দেখুৱাইছিল৷ এই কথাখিনিৰ বৰ্ণনা “বৰদোৱা গুৰু চৰিত’’ৰ ৬৫ পৃষ্ঠাত আছে৷[3]
পৰৱৰ্তী কালত বিভিন্ন পদ-দিহা-কীৰ্তনত চন্দৰী বা চান্দেৰী আইৰ বিষয়ে উল্লেখ পোৱা যায়৷ মাধব আতা সত্ৰত পোৱা সাঁচিপতীয়া পুথিত পোৱা কীৰ্তনৰ উপৰি অনেক দিহানামত চন্দৰী আইৰ উল্লেখ পোৱা যায়৷ এটা উদাহৰণ;
চন্দৰী মাতৃক পথত পুছন্ত
কৈক যোৱা বুঢ়ী আই
শংকৰদেউ আঁকিছে সাতোখন বৈকুণ্ঠ
আপুনি আহোঁগৈ চাই৷[3]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ বেজবৰুৱা, লক্ষ্মীনাথ (১৯৯৫). মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমাধবদেৱ. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ১৬.
- ↑ 2.0 2.1 দাস, দীপা (২০২২). "আধ্যাত্মিক সাধনাত চন্দৰী আই". কল্পতৰু: ১৩৬.
- ↑ 3.0 3.1 3.2 3.3 গোস্বামী, স্বৰ্ণ (১৯৯৭). সত্ৰসূৰ্য. কলিয়াবৰ জিলা সত্ৰ মহাসভা.
- ↑ নেওগ, মহেশ্বৰ(সম্পা:) (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৩১.