তুলাপাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

তুলাপাত হৈছে পুৰণি অসমত পুথি লিখাৰ এবিধ উপকৰণ।[1]

ঐতিহাসিক বিচাৰ[সম্পাদনা কৰক]

দেওধাই অসম বুৰঞ্জীত আছে যে স্বৰ্গদেউ চুডাংফাই নৰা ৰজালৈ যাঠিৰ নালত এখনি পত্ৰ দিছিল। সেই পত্ৰখনি কাকতত লিখা। ‘এ মনোগ্ৰাফ অন পেপাৰ মেকিং এণ্ড পেবিয়েৰ মেচ ইন দ্য প্ৰভিন্স অব ইষ্টাৰ্ণ বেংগল এণ্ড আচাম’ গ্ৰন্থত আই. চি. এছ জে. এন. গুপ্তই লিখিছে যে মুছলমান সকলে ভাৰতবৰ্ষত মৰাপাটৰ পৰা একপ্ৰকাৰ কাগজ তৈয়াৰ কৰিছিল। সেই কাকত কুৰি শতিকাৰ প্ৰথম তৰংগলৈকে পূৰ্ববংগ, মণিপুৰ প্ৰভৃতিত প্ৰচলিত আছিল।

তুলাপাত প্ৰস্তুতকৰণ[সম্পাদনা কৰক]

ইষ্টাৰ্ণ ইণ্ডিয়ান মেনুস্ক্ৰিপটচ পেইণ্টিং শীৰ্ষক গ্ৰন্থত ড॰ ৰজতানন্দ দাশগুপ্তই ক’লাজামু, কৰঙা জামু শ্ৰেণীৰ মাইহাই গছৰ শাহ সিজাই তুলাপাত প্ৰস্তুত কৰাৰ বৰ্ণনা দিছে। শ্যানলোকে ইয়াক হস্ (Hsa) আৰু অসমীয়া লোকে নুনী (Papyrifyra) বোলে। ইয়াৰ উপৰি সুৰাগছ নামৰ আন এবিধ গছৰ বাকলিবোৰ ব্যৱহাৰোপযোগী আকাৰত কাটি তাক ভালদৰে সিজাই ওপৰৰ অপবস্তুবোৰ আঁতৰাই পানীৰে ধুই চাৰিকোণী পাত্ৰত থৈ চপচপীয়াকৈ চেঁচা পানী ঢালিব লাগে। কিছু সময় পিছত মণ্ডখিনি গোটেই চতুষ্কোণী পাত্ৰটো আগুৰি ধৰি পানীৰ ওপৰত ভাঁহি থাকে। ঠাণ্ডা হোৱাৰ পিছত সিবোৰে আজিৰ হাতে সজা কাগজৰ আকাৰ লয়। পিছত তাক শুকাই লৈ দুজাপ কৰি মজবুত কৰে। তুলাপাত প্ৰস্ততকৰণৰ এই পদ্ধতি শ্বান এট হোমত কথিত হৈছে। অৰুণাচল প্ৰদেশকামেং জিলাৰ বৌদ্ধসকলে উপযুক্ত পদ্ধতিত চুকছো (Sukso)গছৰ শাহৰপৰা তুলাপাত প্ৰস্তত কৰে বুলি জনা যায়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ড॰ পৰমানন্দ ৰাজবংশী. অসমীয়া সংস্কৃতিৰ কণিকা. ড॰ নাৰায়ণ দাস.