দেওধাই অসম বুৰঞ্জী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
দেওধাই অসম বুৰঞ্জী  
লেখক সূৰ্য্যকুমাৰ ভূঞা(সম্পাদক)
দেশ ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ বুৰঞ্জীমূলক গ্ৰন্থ
প্ৰকাশক অসম চৰকাৰ, পুৰাতত্ত্ব বিভাগ
প্ৰকাশ ১৯৩২
মিডিয়া প্ৰকাৰ মুদ্ৰণ

দেওধাই অসম বুৰঞ্জী হৈছে অসম চৰকাৰ আৰু পুৰাতত্ত্ব বিভাগৰ দ্বাৰা ১৯৩২ চনত প্ৰথম প্ৰকাশ কৰা এখন বুৰঞ্জী পুথি। এই বুৰঞ্জী পুথিখনৰ চতুৰ্থ প্ৰকাশো ১৯৩২ চনতেই হৈছিল। পুথি খনৰ সম্পাদক সূৰ্য্যকুমাৰ ভূঞা[1][2][3]

নামকৰণ[সম্পাদনা কৰক]

দেওধাই অসম বুৰঞ্জী গ্ৰন্থখনৰ নাম কিয় দেওধাই অসম বুৰঞ্জী ৰখা হ'ল সেই সম্পৰ্কে গ্ৰন্থখনৰ পাতনিত সূৰ্য্যকুমাৰ ভূঞাই ইংৰাজীত লিখিছে-

The buranji has been named Deodhai Assam Buranji as it pre-sents the strictly Ahom ways of expression and though as well as their customs and manners,

ইয়াত সন্নিৱিষ্ট বুৰঞ্জী চাৰিখনত আহোমৰ ৰীতিনীতি, আচাৰ-ব্যৱহাৰ আদি বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে। ‘দেওধাই’ শব্দটো আহোম সংস্কৃতিৰ সৈতে সংপৃক্ত। সংস্কৃত ‘দেৱধ্বনি’ শব্দৰপৰা ‘দেওধাই’ শব্দটো ধ্বনিগত পৰিৱৰ্তন হৈ আহিছে। বুৰঞ্জীখনৰ ইংৰাজী পাতনিত সূৰ্য্যকুমাৰ ভূঞাই 'দেওধাই' শব্দৰ অৰ্থ দেৱতাৰ শুশ্ৰূষাকাৰী বুলি উল্লেখ কৰিছে। আহোম ভাষাত 'দেওধাই’ শব্দৰ দ্বাৰা পুৰোহিতক বুজোৱা হয়। এই শব্দটোৱে আহোম পৰম্পৰা তথা সংস্কৃতিৰ বাৰ্তা বহন কৰে। গ্ৰন্থখনৰ দেওধাই নামটোৱে তাত সন্নিৱিষ্ট বুৰঞ্জী চাৰিখনৰ বিষয়বস্তুৰ লগত সংগতি ৰক্ষা কৰিছে। সূৰ্য্যকুমাৰ ভূঞাই গ্ৰন্থখনত উল্লেখ কৰিছে যে-

দেওধাই অসম বুৰঞ্জীত সন্নিৱিষ্ট বুৰঞ্জী চাৰিখনৰ পাঠ গ্ৰহণ কৰা হৈছে সাঁচিপতীয়া পুথি আৰু ছপা বুৰঞ্জীৰপৰা। কাহিনীক পূৰ্ণাংগতা দিবৰ কাৰণে কেতিয়াবা এখন বুৰঞ্জীকে যুগতাবলৈ কেইবাখনো সাঁচিপতীয়া পুথিৰ সহায় ল'বলগা হৈছে। এনে কৰাৰ ফলত বুৰঞ্জী চাৰিখনত প্ৰকৃত সত্য প্ৰতিষ্ঠিত নোহোৱাকৈ থকা নাই। [1]

বিষয়বস্তু[সম্পাদনা কৰক]

বুৰঞ্জী পুথিখন আঠটা অধ্যায়ত বিভক্ত। আহোম ৰাজবংশৰ উৎপত্তিৰ পৰা চুত্যিণ্‌ফা নৰিয়া বা কেঁকোৰা ৰজাৰ ৰাজত্ব কাললৈকে ঘটা বিভিন্ন সৰু-ডাঙৰ ঘটনা একাদিক্ৰমে বৰ্ণোৱা হৈছে। এই বুৰঞ্জীখনৰ মূল হৈছে দুখন সাঁচিপতীয়া পুথি। এখন বেপ্তিষ্ট মিছনেৰী সকলৰ পৰা পোৱা আৰু এখন গুৱাহাটীৰ আনন্দিৰাম গগৈৰ ঘৰৰ পৰা পোৱা। দ্বিতীয়খন প্ৰথমখনতকৈ পুৰণি।

প্ৰথম খণ্ডৰ বুৰঞ্জী আহোম ভাষাৰপৰা কৰা পোনপটীয়া অনুবাদ। তাত শক, তাৰিখ, আহোম ৰজা আৰু ডা-ডাঙৰীয়াসকলৰ নাম, জীৱ-জন্তুৰ নাম আদি আহোম মতে দিয়া হৈছে। আহোম ভাষাৰ অধিকাংশ শব্দৰ ইয়াত প্ৰয়োগ হৈছে।

এই বুৰঞ্জীৰ দ্বিতীয় খণ্ড বুৰঞ্জী হ’ল বাঁহগড়ীয়া বুঢ়াগোহাঁইৰ বুৰঞ্জী। এইখন বুৰঞ্জী ৰাজমন্ত্ৰী বাহগড়ীয়া আতন বুঢ়াগোহাঁইৰ দ্বাৰা সৃষ্টি হোৱা। হেমচন্দ্ৰ গোস্বামীৰ পুত্ৰ শৰৎচন্দ্ৰ গোস্বামীৰ পৰা পোৱা এই বুৰঞ্জীখন এখন পুৰণি সাঁচিপতীয়া পুথি। ৩০ পৃষ্ঠাৰ এই বুৰঞ্জীত আহোম ৰাজবংশৰ উৎপত্তিৰ পৰা চুচেংফা প্ৰতাপ সিংহৰ ৰাজত্ব কাললৈকে বৰ্ণনা কৰা আছে।

তৃতীয় খণ্ড বুৰঞ্জী হ’ল দাঁতিলীয়া বুৰঞ্জী; এইখন মাত্ৰ ১৭ পিঠীয়া এখনি সংক্ষিপ্ত বুৰঞ্জী। নগাঁও জিলাৰ বৰকলাৰ মোহন সিং ডেকাৰপৰা আৰু নগাঁও জিলাৰে কলি গাঁৱৰ নিবাসী ভূমিধৰ কাকতিৰপৰা সংগ্ৰহ কৰা এই পুথিদুখন জীৰ্ণ-শীৰ্ণ। এই দুখন পুথিৰ আধাৰত দাঁতিয়লীয়া বুৰঞ্জী খণ্ড উদ্ধাৰ কৰা হৈছে। অসমৰ দাঁতিকাষৰীয়া কছাৰী, জয়ন্তীয়া, মিকিৰ, নেলী, গোভা, খাহিগৰীয়া আদি ৰজা পোৱালিৰ লগত অসমৰ ৰজাৰ সম্পৰ্কৰ কথা ইয়াত আছে। কছাৰী আৰু জয়ন্তীয়া ৰজাক বাদ দি বাকীবোৰ আহোম ৰজাৰ কৰকাটলীয়া ৰজা।

চতুৰ্থ খণ্ড অৰ্থাৎ শেষৰ খণ্ড বুৰঞ্জীক বিবিধ খণ্ড বুৰঞ্জী আখ্যা দিয়া হৈছে। ইয়াত আহোম সংস্কৃতিৰ সম্পূৰ্ণ বিৱৰণ আছে। আহোম ৰজাৰ উপৰি অন্যান্য থলুৱা ৰজাসকলৰ উৎপত্তিমূলক আখ্যানৰে এই অধ্যায়টো সম্পূৰ্ণ হৈছে। আহোম ৰজাৰ ৰং-ধেমালি, বিবাহ পদ্ধতি, মৈদাম আদিৰ বৰ্ণনা ইয়াত পোৱা যায়। এই বুৰঞ্জী খনৰো মূল হ’ল বিভিন্ন সাঁচিপতীয়া বুৰঞ্জী। অৰুণোদই, বাঁহী আদিত ইয়াৰ কিছু অংশ প্ৰকাশ হৈছিল। এইখন বুৰঞ্জীয়ে সামগ্ৰিকভাৱে আহোম সংস্কৃতিৰ পৰিচয় দাঙি ধৰিছে।[4][1]

ভাষা[সম্পাদনা কৰক]

অসমীয়া ভাষাৰ বিশেষ ঠাঁচ ইয়াত পৰিপুষ্ট হৈছে আৰু হিন্দী, বঙলা তথা অন্যান্য থলুৱা অসমীয়া কথাৰীতিও ইয়াত পোৱা গৈছে। বুৰঞ্জী খনত সংস্কৃত ভাষাৰ বাক্যবিন্যাস ঠায়ে ঠায়ে ব্যৱহাৰ হৈছে। ঠাই বিশেষে আহোম শব্দৰ প্ৰচুৰ ব্যৱহাৰ হৈছে। এই আহোম শব্দবোৰ ঘৰুৱা আৰু তদ্ভৱ শব্দৰ সৈতে সংগতি থকা। আৰবী, ফাৰ্চী মুলীয় আৰু নৱ্য ভাৰতীয় প্ৰাদেশিক ভাষাৰ শব্দও বুৰঞ্জীখনত ব্যৱহাৰ হৈছে। বুৰঞ্জী খনত কিছুমান খাচ ঘৰুৱা শব্দৰ বাক্য আছে। দাঁতিয়লীয়া, দোৱনীয়া ভাষাৰ নমুনাৰ প্ৰয়োগ বুৰঞ্জীখনৰ এক আকৰ্ষণীয় দিশ। স্বৰধ্বনি, ব্যঞ্জনধ্বনিৰ প্ৰয়োগৰ উপৰি খণ্ডবাক্য, জতুৱা ঠাঁচ, ফকৰা যোজনা, প্ৰবাদ-বাক্য, অলংকাৰৰ যথেষ্ট ব্যৱহাৰ হৈছে।[5]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 গগৈ, লীলা. বুৰঞ্জী সাহিত্য. 
  2. নেওগ, ডিম্বেশ্বৰ. নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী. 
  3. "প্ৰকাশিত গ্ৰন্থ আদিৰ তালিকা". ইতিহাস আৰু পূৰাতত্ত্ব অধ্যয়ন সঞ্চালকালয়, অসম. https://dhas.assam.gov.in/as/portlet-innerpage/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%95%E0%A6%BE%E0%A6%B6%E0%A6%BF%E0%A6%A4-%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A6%A8%E0%A7%8D%E0%A6%A5-%E0%A6%86%E0%A6%A6%E0%A6%BF%E0%A7%B0-%E0%A6%A4%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%95%E0%A6%BE। আহৰণ কৰা হৈছে: 3 May 2020. 
  4. গোস্বামী, প্ৰফুল্লদত্ত. বুৰঞ্জী আৰু সংস্কৃতি. 
  5. শৰ্মাদলৈ, হৰিনাথ. অসমীয়া গদ্য সাহিত্যৰ গতিপথ.