সমললৈ যাওক

ছবাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দ্বাৰাৱতী সংস্কৃতিৰ ছবাই পিন্ধা মহিলাৰ মূৰ্তি
ছবাই পৰিহিতা থাই যুৱতী

ছবাই (ইংৰাজী: Sbai; খমেৰ: ស្បៃ [sɓaj]; লাও: ສະໄບ; মালয়: Sebai; থাই: สไบ) বা ফা বিয়ান (ইংৰাজী: phaa biang; থাই: ผ้าเบี่ยง [pʰâː bìa̯ŋ]) হৈছে দক্ষিণ-পূব এছিয়া মূল ভূখণ্ডত চাদৰৰ দৰে বা বুকু ঢাকিবলৈ পৰিধান কৰা এবিধ বস্ত্ৰ। কম্বোডিয়া, লাওছ আৰু থাইলেণ্ডৰ মহিলাসকলে ৰেচমৰ বক্ষবন্ধনী হিচাপে ছবাই পিন্ধে, আনহাতে উপকূলীয় সুমাত্ৰা, বৰ্নিও আৰু মালয় উপদ্বীপত ছবাই শব্দটো কান্ধৰ মেৰিওৱা এবিধ কাপোৰৰ বাবে ব্যৱহাৰ কৰা হয়।[1] এটা মূৰ কান্ধত ওলমাই ৰাখি পৰিধান কৰা ভাৰতীয় শাৰীৰ পৰা ছবাই উদ্ভৱ হৈছে বুলি কোৱা হয়।[1]

ব্যুৎপত্তি

[সম্পাদনা কৰক]

ছবাই শব্দটো এটা খেমৰ ভাষাৰ শব্দ। ই যিকোনো ধৰণৰ পাতল আৰু কোমল কাপোৰক বুজায়।[2] কাপোৰৰ ক্ষেত্ৰত ই বিশেষভাৱে বেছিভাগ মহিলাই পৰিধান কৰা[3] আৰু কমসংখ্যক ধৰ্মীয় পুৰুষে ব্যৱহাৰ কৰা[4] চাদৰ সদৃশ কাপোৰ আৰু বক্ষবন্ধনীক বুজায়।

ভাৰতীয় সংস্কৃতিৰ অন্যান্য পৰম্পৰা আৰু উপাদানৰ লগতে ভাৰতীয়কৃত ৰাজ্যসমূহৰ জৰিয়তে দক্ষিণ-পূব এছিয়াত প্ৰৱেশ কৰা ভাৰতীয় শাৰীৰ পৰা ছবাইৰ উৎপত্তি হৈছে বুলি অনুমান কৰা হয়।[1]

কম্বোডিয়া

[সম্পাদনা কৰক]
ছবাই আৰু ছমপট চং ক্বেন পৰিধান কৰা খেমৰ যুৱতী

কম্বোডিয়াৰ ছবাই আৰু ভাৰতীয় শাৰীৰ মাজত মিল আছে কিয়নো প্ৰাচীন ভাৰতৰ পৰাই ছবাইৰ উৎপত্তি হৈছিল। খেমৰ সংস্কৃতিত ছবাইৰ ইতিহাস সম্পৰ্কে এটা পৌৰাণিক কাহিনী আছে, যিটো সম্ভৱতঃ ফুনান ৰাজ্যৰ চাং কবেনত খ্ৰীষ্টীয় প্ৰথম শতিকাত সৃষ্টি হৈছিল। “প্ৰেহ থং আৰু নেয়াং নেয়ক”ৰ কিংবদন্তিত ছবাইৰ কথা উল্লেখ কৰা হৈছে। এটা দৃশ্যত প্ৰেহ থঙে নাগিনিয়ে পিন্ধা কাপোৰৰ টুকুৰা এটাত ধৰি নাগ ৰাজ্যলৈ যাত্ৰা কৰিছিল; সেই কাপোৰৰ টুকুৰাটো আছিল এটা ছবাই। সেই কাহিনীত নাগ ৰাজকুমাৰী নেয়াং নেয়কৰ নেজৰ প্ৰতীক হিচাপে ছবাইক প্ৰতিনিধিত্ব কৰা হৈছে।[5][6]

আংকোৰিয়ান যুগত যদিও পুৰুষ আৰু মহিলাৰ বাবে কান্ধৰ ওপৰৰ অংশ আবৃত নকৰাটো সাধাৰণ কথা আছিল, তথাপি শৰীৰৰ ওপৰৰ অংশত কাপোৰ পিন্ধিছিল: বায়ন, প্ৰেহ খান আৰু অন্যান্য আংকোৰিয়ান মন্দিৰৰ ভেটিৰ বেৰসমূহত মহিলাসকলে চাদৰৰ দৰে কাপোৰ আৰু ধৰ্মীয় পুৰুষ সকলে বিভিন্ন সাজোনেৰে সজ্জিত কৰা ছবাই পিন্ধা মূৰ্তি দেখা পোৱা যায়। “এংকৰ ৱাট”ত অপেশ্বৰীসকলে নিজৰ ছমপটৰ সৈতে সংযুক্ত ছবাই পৰিধান কৰা চিত্ৰ আছে, আনহাতে এংকৰ ৱাটৰ উত্তৰৰ দেৱালত দীঘল ছবাই পিন্ধা আৰু হাতত বিভিন্ন প্ৰসাদ লৈ থকা মহিলাৰ দল এটাৰ চিত্ৰ দেখা পোৱা যায়।

বৰ্তমান চাং কবেন আৰু ছমপটৰ সৈতে ছবাইক কম্বোডিয়াৰ জাতীয় সাজ-পাৰ হিচাপে গণ্য কৰা হয়।[7] পৰম্পৰাগত খেমৰ বিয়াত অনুষ্ঠিত “প্ৰেহ থং টাং ছবাই নেয়াং নেয়ক” (অনুবাদ: নিয়াং নেয়কৰ ছবাইত ধৰি থকা প্ৰেয়া থং) নামৰ এটা লোকাচাৰ পালন কৰা হয়। এই লোকাচাৰত দৰাই নিজৰ কোঠালৈ যোৱাৰ সময়ত কইনাৰ ছবাইত ধৰি ধৰি যায় আৰু ই ফুনানৰ কিংবদন্তিক প্ৰতিনিধিত্ব কৰে। এই সময়ত বিভিন্ন ধৰণৰ আৰু সজ্জাৰ ছবাই ব্যৱহাৰ কৰা হয়। কইনাৰ লগতে দৰাজনেও ছবাই পিন্ধে।[8]

পুৰুষৰ বাবে বিশেষকৈ ব্ৰাহ্মণ আৰু বৌদ্ধ সন্ন্যাসী সকলৰ বাবে হিন্দু আৰু বৌদ্ধ সন্ন্যাসীৰ চোলা[9] বুলি গণ্য কৰা ছবাইক “স্ববং স্বাই ত্ৰৈ চিভোৰ” বুলি কোৱা হয়।[4] মহিলাৰ বাবে ছবাই মুক্তভাৱে আৰু বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি যেনে ইয়াক শৰীৰত মেৰিয়াই লোৱা, কান্ধ ঢাকি ৰখা, আৰু সাধাৰণতে বাওঁ কান্ধৰ ওপৰেৰে স্তন আৰু পেট ঢাকি ৰখা। কম্বোডিয়ান মহিলাসকলে নিজৰ পছন্দ আৰু পৰম্পৰাৰ ওপৰত ভিত্তি কৰি বিভিন্ন শৈলীৰ ছবাই ব্যৱহাৰ কৰে।

লাওছত এই কাপোৰক ফা বিয়ান বা ছাবাই বুলি জনা যায়। লাও মহিলাসকলে ছাবাই পিন্ধাটো এটা সাধাৰণ কথা কাৰণ ইয়াক পৰম্পৰাগত সাজ-পোছাক বুলি গণ্য কৰা হয়। বিয়াত বা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময় পুৰুষেও ছাবাই পিন্ধে। লাও পুৰুষে পিন্ধা ছাবাইৰ সাধাৰণতে ঘৰ ঘৰ কৰা আৰ্হিৰ হয়। ছাবাই হৈছে প্ৰায় এফুট বহল কান্ধ ঢাকি বুকুৰ ওপৰত মেৰিয়াই লোৱা আৰু এটা মূৰ পিঠিৰ পিছফালে তললৈ ওলোমাই পৰিধান কৰা এবিধ ৰেছমৰ বস্ত্ৰ।[10]

মালয়েছিয়া

[সম্পাদনা কৰক]

মালয়েছিয়াত ছেবাই হৈছে কান্ধ ঢাকিবলৈ ডিঙিত মেৰিয়াই লোৱা কাপোৰ। ইয়াক কান্ধত ওলোমাই পৰিধান কৰা হয় আৰু ইয়াৰ দুয়োটা মূৰ বুকুত ওলমি থাকে।[11]

ম্যানমাৰ

[সম্পাদনা কৰক]

জনগোষ্ঠীয় মনসকলেও মন ভাষাত য়াট টুট নামে জনাজাত চাদৰ সদৃশ ছাবাই পিন্ধে। বুকুৰ ওপৰেৰে এটা মূৰেৰে কান্ধ ঢাকি আৰু আনটো মূৰ পিঠিৰ পিছফালে তললৈ ওলমাই লাওছ মহিলাসকলে পিন্ধাৰ দৰে মন জনগোষ্ঠীৰ মহিলাসকলেও ছাবাই পিন্ধে। এই পৰম্পৰাই তেওঁলোকক ম্যানমাৰৰ অন্যান্য জনগোষ্ঠীৰ পৰা পৃথক কৰি তোলে। বৰ্তমানৰ থাইলেণ্ডৰ মন দ্বাৰৱতী স্থানৰ পৰা পোৱা শিল্পকৰ্মত ছাবাইৰ সৈতে মিল থকা কাপোৰ পৰিধান কৰা মহিলাৰ এটা দলক চিত্ৰিত কৰা হৈছিল।

থাইলেণ্ড

[সম্পাদনা কৰক]

জনগোষ্ঠীয় মন দ্বাৰৱতী স্থানত পোৱা শিল্পকৰ্মত ছাবাইৰ সৈতে মিল থকা কাপোৰ পিন্ধা মহিলাৰ চিত্ৰ দেখিবলৈ পোৱা যায়। থাইলেণ্ডৰ মহিলা বা পুৰুষ উভয়ে ছাবাই পৰিধান কৰে। ম্যানমাৰ আৰু থাইলেণ্ডত একে ধৰণেৰে ছাবাই পৰিধান কৰা হয়। উদং বুকুৰ ওপৰত নাইবা আন কাপোৰৰ ওপৰত ছাবাই পৰিধান কৰা হয়। পশ্চিমীয়া কাপোৰৰ অধিক প্ৰচলন হোৱাৰ আগলৈকে ৰজা চুলালংকৰ্ণৰ (King Chulalongkorn) দিনৰ পৰা ৰজা ৱাজিৰাৱুধৰ (King Vajiravudh) ৰাজত্বকাললৈকে ভিক্টোৰিয়ান কাপোৰৰ সৈতে ছাবাই পিন্ধা এক সাধাৰণ প্ৰথা আছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 Maxwell, Robyn J.; Gittinger, Mattiebelle (2003). Textiles of Southeast Asia: Tradition, Trade and Transformation. Periplus Editions. ISBN 9780794601041. https://archive.org/details/textilesofsouthe0000maxw.
  2. Chuon Nath Khmer Dictionary. 1966, Buddhist Institute, Phnom Penh
  3. "สไบ - Thai / English dictionary meaning - สไบ ภาษาอังกฤษ แปล ความหมาย". www.thai2english.com. https://www.thai2english.com/dictionary/1402943.html আহৰণ কৰা হৈছে: 2020-03-09.
  4. 1 2 "លក្ខណៈពិសេសនៃពណ៌ស្បង់ចីវររបស់ព្រះសង្ឃពុទ្ធសាសនា" (km ভাষাত). Radio Free Asia. 2015-01-21. https://www.rfa.org/khmer/program/religion/unique-colors-of-buddhist-monks-robes-01212015031540.html আহৰণ কৰা হৈছে: 2019-09-07.
  5. "Custom & Tradition". www.cambodiancommunityday.org. Archived from the original on 2020-01-30. https://web.archive.org/web/20200130074229/http://www.cambodiancommunityday.org/index.php?option=com_content&view=article&id=69&Itemid=724 আহৰণ কৰা হৈছে: 2020-03-09.
  6. Nadeem, Zuha (2019-10-01). "Traditional Thai Clothing-16 Beautiful Outfits From Thailand" (en-US ভাষাত). Outfit Trends - Ideas How to Wear & What to Wear. https://www.outfittrends.com/traditional-thai-clothing-16-beautiful-outfits-from-thailand/ আহৰণ কৰা হৈছে: 2020-03-09.[সংযোগবিহীন উৎস]
  7. Books, Better World. "Buy New & Used Books Online with Free Shipping". Better World Books. https://www.betterworldbooks.com/product/detail/thai-clothing-1158488734 আহৰণ কৰা হৈছে: 2020-02-24.
  8. Nadeem, Zuha (2019-10-01). "Traditional Thai Clothing-16 Beautiful Outfits From Thailand" (en-US ভাষাত). Outfit Trends - Ideas How to Wear & What to Wear. Archived from the original on 2019-12-13. https://web.archive.org/web/20191213134807/https://www.outfittrends.com/traditional-thai-clothing-16-beautiful-outfits-from-thailand/ আহৰণ কৰা হৈছে: 2020-03-06.
  9. "Civara, aka: Cīvara; 10 Definition(s)". Wisdom Library. 2009-04-11. https://www.wisdomlib.org/definition/civara আহৰণ কৰা হৈছে: 2019-09-07.
  10. Bonnie Ghazarbekian, Jane Siegel, Sawaddi, 15 years, p.130.
  11. "Carian Umum - Sebai". prpm.dbp.gov.my. https://prpm.dbp.gov.my/cari1?keyword=sebai আহৰণ কৰা হৈছে: 2020-11-15.