সমললৈ যাওক

সুন্দৰীদিয়াৰ সুঁৱেৰী উৎসৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

’সুঁৱেৰী’ বৰপেটাৰ দৌল উৎসৱ এক অংগাংগী উৎসৱ৷ এই সুঁৱেৰী বৰপেটাৰ সকলো সত্ৰতে পালন কৰা হয় যদিও ’সুন্দৰীদিয়াৰ সুঁৱেৰী’ৰ এক সুকীয়া তাৎপৰ্য আছে৷ সুন্দৰীদিয়া সত্ৰত ব’হাগ বিহুৰ সপ্তম দিনা বা ’সাত দম্হী’ৰ দিনা ’সুঁৱেৰী’ পালন কৰা হয়৷ সুৱেৰী বা স’ৰি শব্দৰ অৰ্থ সোঁৱৰণ বা স্মৰণ৷ সচৰাচৰ দৌলোৎসৱ বা ফাকুৱাত ’কলীয়া গোঁসাই’ক মণিকূটৰ পৰা বাহিৰলৈ আনি নামঘৰৰ চাৰিওপিনে এপাক ঘূৰাই পুনৰ মণিকূটত স্থাপন কৰে৷ ফাকুৱা উৎসৱৰ বাহিৰে আন সময়ত গোঁসাইক মণকূট গৃহৰ পৰা বাহিৰ কৰা নহয়৷ কিন্তু সুন্দৰীদিয়া সত্ৰত ব’হাগৰ সাতবিহুৰ দিনা গোঁসাই উলিয়াই বাহিৰত ফুৰোৱা হয়৷ সুন্দৰীদিয়াই একমাত্ৰ সত্ৰ, য’ত গোঁসাইক বছৰেকত দুবাৰ বাহিৰ কৰা হয়৷[1]

সুন্দৰীদিয়াৰ সুঁৱেৰীৰ তাৎপৰ্য

[সম্পাদনা কৰক]

সুন্দৰীদিয়া সত্ৰত ব’হাগ বিহুৰ সময়ত সুঁৱেৰী অনুষ্ঠিত কৰাৰ আঁৰত এক প্ৰচলিত কাহিনী আছে৷ এবাৰ বছৰেকীয়া দৌল উৎসৱৰ সময়ত সুঁৱেৰীৰ দিনা গোঁসাইক মণিকূটৰ বাহিৰলৈ উলিওৱাৰ সময়ত হঠাৎ ধুমুহা বৰষুণে বিধি-পথালি দিলে৷ সেয়ে, নামঘৰৰ চাৰিওপিনে সাতপাক ঘূৰোৱাৰ পৰিৱৰ্তে মাথোঁ দুপাক ঘূৰাই, ভগৱানৰে ইচ্ছা বুলি ৰাইজে গোঁসাইক মণিকূটত স্থাপন কৰিলে৷ তাৰপাছত সেইবছৰ সত্ৰত বেমাৰ-আজাৰ, মাৰি-মৰক, প্ৰাকৃতিক দুৰ্যোগ আদিয়ে জনজীৱন স্তব্ধ কৰিলে৷ মানুহৰ বিশ্বাস হ’ল যে সুঁৱেৰীত মাথোঁ দুপাক ঘূৰাই ’কলীয়া গোঁসাই’ক মণিকূটত প্ৰৱেশ কৰোৱা বাবে এনে অপায়-অমঙ্গল হৈছে৷ সেয়ে, সকলোৱে মিলি কীৰ্তনঘৰৰ কাথিত বহা মেলত সিদ্ধান্ত ল’লে যে, ফাকুৱাৰ সুঁৱেৰীত বাকী থকা পাঁচপাক ঘূৰণ ব’হাগৰ সাতদম্হীত ঘূৰাই সাতপাক সম্পূৰ্ণ কৰা হওক৷ সকলোৱে মিলি পৰম উৎসাহেৰে বাকী থকা পাঁচপাক গায়ন-নায়ন লৈ গীত-পদ গাই সম্পূৰ্ণ কৰিলে৷ তেতিয়াৰে পৰা ই পৰম্পৰা হিচাপে চলি থাকিবলৈ ল’লে আৰু ই সুন্দৰীদিয়া সত্ৰৰ অন্যতম উৎসৱ হিচাপে আজিও পালিত হৈ আহিছে৷ ব’হাগৰ সুঁৱেৰীৰ বিশেষত্ব এয়াই যে, দৌল বা ফাকুৱাৰ সুঁৱেৰীৰ দৰে ইয়াত গোঁসাইক সাতপাক নুঘূৰাই মাথোঁ পাঁচপাকহে ঘূৰোৱা হয়৷[2]

দুই সুঁৱেৰীৰ মাজৰ পাৰ্থক্য

[সম্পাদনা কৰক]

দৌলৰ সুঁৱেৰী আৰু ব’হাগৰ সুঁৱেৰী পালনৰ মাজত যথেষ্ট প্ৰভেদ আছে৷ দৌলৰ সুঁৱেৰীত ’এনুৱা বসন্তে প্ৰাণ ক’লৈ উৰি যোৱা হে’ বুলি ঢোলক আৰু মঞ্জিৰা লৈ বসন্তক আদৰি অনা গীত গাই ডেকা বুঢ়া সকলো আনন্দত বাউল হৈ পৰে৷ কিন্তু ব’হাগৰ সুঁৱেৰীত গায়ন-বায়ন সহ ভকতৰ দ্বাৰা বৰগীত-নামঘোষাৰ গীত-পদ গাই ভগৱানৰ চৰণত ঠাই পোৱাৰ কাকূতি কৰা হয়৷ দৌলৰ সুঁৱেৰীত গোঁসাইক ’হেকেতা’ খুৱাবলৈ নিয়াৰ বিপৰীতে মণিকূটৰ পৰা উলিয়াই ওচৰৰ ’কলয়া কীৰ্তনঘৰ’লৈ নি সত্ৰীয়া আচাৰ-বিধিৰে নাম-কীৰ্তন কৰি পুনৰ মূল কীৰ্তনঘৰৰ মণিকূটত স্থাপন কৰা হয়৷ ৰাতিলৈ যাত্ৰা-ভাওনা পতা হয়৷ পিছদিনা সত্ৰৰ আটাইকেইখন হাটীৰ ভকত লগ হৈ বীৰ-কীৰ্তন কৰি অনুষ্ঠানৰ সামৰণি মাৰে৷

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. লোকসংস্কৃতিৰ লেছেৰি বোটলা, ডিম্বেশ্বৰ মেধি
  2. সুন্দৰীদিয়া সত্ৰৰ ইতিবৃত্ত, গোবিন্দ তালুকদাৰ