কচুগুটি খেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কচুগুটি খেল সাধাৰণতে দুটি সৰু ল’ৰা-ছোৱালীৰ মাজত খেলা হয়৷ কেতিয়াবা দুটাতকৈ বেছি ল’ৰা-ছোৱালীৰ মাজতো কচুগুটি খেল খেলা হয়৷ খেলুৱৈ বেছি হ’লে, খেলুৱৈসকল দুটা দলত ভাগ হৈ ল’ব লাগে৷ নামটো কচুগুটি যদিও প্ৰকৃততে কচুগুটি হাতত লোৱা নহয়৷ যিকোনো সৰু গুটি যেনে- তেঁতেলী গুটি, বগৰী গুটি বা সৰু শিলগুটি আদিৰেহে এই খেল খেলা হয়৷ এই খেলটো য’তে ত’তে থিয় হৈ বা বহিও খেলিব পাৰি৷ অনুমান কৰা হয়, এই খেলবিধৰ নাম “কচুগুটি’’ হোৱাৰ মূলতে খেলবিধৰ লগত অতি আৱশ্যকীয় পদ্যফাকিত উল্লেখ থকা “কচুগুটি’’ শব্দটোৰ পৰাই এই খেলৰ নাম কচুগুটি খেল বুলি নামকৰণ কৰা হৈছে৷

দুজনৰ মাজত[সম্পাদনা কৰক]

দুটা ল’ৰা-ছোৱালী “ক’’ আৰু “খ’’ৰ মাজত কচুগুটি খেল হ’লে “ক’’ই সৰু গুটি এটা হাতৰ মুঠিত লৈ দেহৰ পিছফালে অৰ্থাৎ পিঠিফালে লুকুৱাই থব লাগে৷ খেল আৰম্ভ হোৱাৰ লগে লগে হাতদুখন মুঠি মাৰি সম্মুখলৈ আনিব লাগে আৰু “খ’’ই কোনখন মুষ্টিৱদ্ধ হাতত গুটিটো আছে ক’ব লাগে৷ তাকে ক’বলৈ আন্দাজমতে ক’লে নহয়৷ এটা ছন্দোৱদ্ধ গীত গাই আঙুলিৰে মুষ্টিৱদ্ধ দুয়োখন হাত এবাৰ এবাৰ স্পৰ্শ কৰিব লাগে৷ গীতটো, “অলৌ গুটি তলৌ গুটি, কচুগুটি লাই৷ যিখন হাতত গুটি আছে, সিখন হাততে পায়’’৷ এইদৰে গাই গীতৰ শেষৰ শব্দটো যিখন হাতত পৰে বা শেষত “খ’’ই চুই দিয়ে, “ক’’ই সিখন হাত মেলি ধৰি গুটিটো আছেনে নাই পৰীক্ষা কৰিবলৈ দিয়ে৷ যদি আছে, তেন্তে 'খ' জিকিল৷ যদি নাই খ হাৰিল৷ জিকিলে গুটি লুকুওৱাৰ পাল “খ’’ৰ হাতলৈ যায়৷ এইদৰে পুনঃ পুনঃ খেল খেলা হয়।

দুদলৰ মাজত[সম্পাদনা কৰক]

কচুগুটি খেল দুশাৰীত দুটা দল হৈয়ো খেলিব পাৰি৷ দুটা দলৰ দুজন দলপতি থাকিব লাগিব৷ দুয়োটা দল দুটা শাৰীত শাৰী পাতি থিয় হ’ব বা বহিও ল’ব পাৰে৷ প্ৰথমে যিটো দলে গুটি লুকুওৱাৰ অধিকাৰ পাব, সেই দলৰ দলপতিজনে শাৰীত পিছফালে হাত দি ৰৈ থকা নিজ দলৰ সদস্যসকলৰ কাৰোবাৰ হাতত গুটিটো থৈ সম্মুখলৈ আহিব আৰু বাকীসকলে হাতবোৰ মুষ্টিৱদ্ধ কৰি সম্মুখলৈ আনিব৷ ইয়াৰ পিছত বিপৰীত দলৰ দলপতিজনে “অলৌ গুটি তলৌ গুটি কচু গুটি লাই, যিখন হাতত গুটি আছে সিখন হাততে পাই’ বুলি গীতটো গাই গাই গুটিটো বিচাৰিব৷ এইদৰে, গুটি বিচাৰি নোপাৱালৈকে বিচাৰি থকাৰ দলে বিচাৰিয়েই থাকিব; বিচাৰি পালে গুটি বিজিত দলে গুটি লুকুওৱাৰ অধিকাৰ লাভ কৰিব৷[1]

শিক্ষণীয় বিষয়[সম্পাদনা কৰক]

  1. এই খেল খেলি খেলি ল’ৰা-ছোৱালীবোৰে হাতৰ মুঠিৰ গোপনীয়তা শিকে৷
  2. প্ৰকৃততে যাৰ হাতত গুটিটো থাকে, সেই খেলুৱৈজনে হাতৰ গুটিটো লুকুৱায়ো চকু-মুখত নিৰ্লিপ্ততা দেখুওৱাৰ কিটিপ আয়ত্ত কৰাৰ অনুশীলন লাভ কৰে৷
  3. বাকী সহযোগী খেলুৱৈসকলেও একে নিৰ্লিপ্ত আচৰণ দেখুৱাই সহযোগিতা আৰু দলীয় শৃঙ্খলা ৰক্ষাৰ শিক্ষা পায়৷
  4. প্ৰতিপক্ষই গুটি বিচাৰিবলৈ কোনখন হাতত গুটি থাকিব পাৰে তাৰ অনুমান কৰাত সফল হ’লে জিকিব পাৰে আৰু পদ্যটো সেইমতে আৰম্ভ আৰু শেষ কৰি জয়ী হ’ব পাৰে৷ ইয়াৰ দ্বাৰা উমান, বিশ্বাস আদিৰ অনুশীলন হয়৷[2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. আহোম ৰজাদিনীয়া লোকক্ৰীড়া, চাও লোকেশ্বৰ গগৈ, সূৰ্যৱতী, অঃসাঃসঃৰ ৰহা অধিৱেশনৰ স্মাৰকগ্ৰন্থ
  2. লুকাভাকু, এলি আহমেদ, অসম শিশু সাহিত্য ন্যাস