গোছ উঠা উৎসৱ
গোছ উঠা উৎসৱ, কৃষিজীৱী অসমীয়া গঞা ৰাইজৰ মনত এক পৱিত্ৰ উছৱ৷ কৃষিৰ আৰম্ভণিতে যিদৰে ’গোছ লোৱা’ অনুষ্ঠান পতা হয়; তেনেদৰে কৃষিৰ ফচল সামৰিবৰ পৰত ’গোছ উঠা’ উছৱ পালন কৰা হয়৷ ই এক ঋতুকালীন কৃষিভিত্তিক উছৱ৷[1] অসমৰ নানা জনগোষ্ঠীয়ে বেলেগ বেলেগ নামেৰে এই গোছ লোৱা উছৱ অনুষ্ঠিত কৰে৷ ডিমা হাচাও জিলাৰ পাহাৰীয়া নগা জনগোষ্ঠীৰ কৃষিজীৱী লোকে “ফককাটমি’’ নামে এই উছৱ পাতে আৰু পূজাৰ লগতে নৃত্য গীতৰ আয়োজন কৰে৷ কুকি সম্প্ৰদায়ৰ লোকসকলেও কৃষি চপাবৰ পৰত “চংহা হ’’ পালন কৰে৷[2]
গোছ উঠা উছৱৰ বিধি
[সম্পাদনা কৰক]গোছ উঠাৰ দিনা তিনিগোছা পকা ধান দাই, থুৰিওৱা তামোলসহ কলপাতত মেৰিয়াই ফুলাম গামোচাৰে ঢাকি মূৰত তুলি ঘৰলৈ অনা হয়৷ অতীজত গায়নে-বায়নে৷ ঢোলে=ডগৰে এই গোছভাগ আদৰি অনা হৈছিল৷ আগ আনি কোনোৱে বাৰীৰ গছৰ ডালত, কোনোৱে ঘৰৰ বেৰত বা কোনোৱে ভঁৰালৰ আগত থয়৷ পিছত ৰীতি-নীতিমতে ভঁৰালত সুমুৱায়৷ গোছ লৈ অহা ব্যক্তিগৰাকীয়ে গা-পা ধুই নতুন কাপোৰ পিন্ধে৷ সাধাৰণতে ঘৰৰ মূল মানুহজনে এই কাম কৰে৷ লখিমীক ঘৰলৈ আনোতে অইন ব্যক্তিৰ লগত কথা পতা আৰু মূৰত তুলি লোৱাৰ পিছত পিছলৈ উভতি চোৱা বাধা৷
গোষ্ঠী ভেদে নীতি-নিয়ম
[সম্পাদনা কৰক]গোছ উঠা অনুষ্ঠানৰ গোষ্ঠী সম্প্ৰদায়ভেদে বেলেগ বেলেগ কিছু নিয়ম দেখা যায়৷ কৈৱৰ্ত, যোগী, কোঁচ, চুতীয় তাই-আহোম, ঠেঙাল, সোনোৱালসকলে সামান্য বেলেগ নিয়মেৰে এই উছৱ পালন কৰে৷ এওঁলোকে দাবলৈ লোৱা ধান তিনিগোছাৰ ওচৰত থুৰিওৱা তামোল দি চাকি-বন্তি জ্বলাই সেৱা কৰে আৰু তিনি গোছা ধান দাই কলপাতেৰে মেৰিয়াই, ফুলাম গামোচাৰে ঢাকি মূৰত তুলি ঘৰলৈ আনে৷ পিছত শস্য চপোৱাত শেষত মৰণা মাৰি, নাম-কীৰ্তন কৰি আনুষ্ঠানিকভাৱে ভঁৰালত সোমোৱায়৷ তাই-আহোমসকলৰ আহু আৰু শালিধানৰ গোছ উঠা পৰ্ব কিছু পৃথক৷ আহুধানৰ আগ আনোতে তামোল-পাণ, পিঠাগুড়ি, কল, কুকুৰা চৰাই বা হাঁহ আৰু সাজেৰে আৰু শালিধানৰ লখিমীক ভঁৰালৰ ভিতৰত কুকুৰা চৰাই বা হাঁহৰ মাংসৰে নৈবেদ্য আগবঢ়াই, পূজা দিয়াৰ প্ৰথা আছিল৷[3] এই গোছ উঠা পৰৱক নামনি অসমত ’আগ আনা’ উছৱ বোলা হয়৷ সেইদিনা আগ অনাজনে গা-পা ধুই পথাৰলৈ গৈ পকি থকা ধানৰ আগত ধূপ-চাকি জ্বলাই, তামোল-পাণ দি সেৱ কৰে আৰু তিনিগোছা ধান উশাহ নসলোৱাকৈ কাটি আনি কলপাতত মেৰিয়াই মূৰত তুলি ঘৰলৈ আনে৷ আগ অনাজনে আগ আনি নিৰ্দিষ্ট ঠাইত থোৱাৰ আগলৈ কাৰো লগত কথা নাপাতে আৰু পিছলৈ উভতি নোচোৱাকৈ অহাটো নিয়ম৷