"ইপাৰ সিপাৰ কোনপাৰে নেজানো
অ' মই চৌপাশতে আছোঁ
লুইততে নাও মেলিও
পদ্দাৰ ভাটিয়ালী ৰচোঁ"
- ভূপেন হাজৰিকা
MS Sakib ডাঙৰীয়া, অসমীয়া ৱিকিপিডিয়াৰ অতিথি সম্পাদক হিচাপে আপোনাক হিয়াভৰা ওলগ জনালোঁ। আন এখন দেশৰ আন এটা ভাষাৰ থলুৱা ৱিকিপিডিয়ান হৈয়ো অসমীয়া ভাষাক বুকুত সামৰি লোৱাৰ লগতে অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ বৰঙণিৰ কৃতজ্ঞতাস্বৰূপে অসমীয়া ৱিকি পৰিয়ালৰ হৈ আপোনালৈ এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই যোগাত্মক বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ বুঢ়া লুইত আৰু পদ্মা নদীৰ এই সংগম চিৰস্থায়ী হওক। ধন্যবাদেৰে। —-Chandan Chiring Phukon Chat 18:29, 29 May 2022 (ইউ.টি.চি.)
|