অসমীয়া–বঙালী লিপি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বঙালী–অসমীয়া লিপিৰ পৰা পুনঃনিৰ্দেশিত)
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
অসমীয়া–বঙালী
প্ৰকাৰ আবুগিডা
ভাষা অসমীয়া
বঙালী
বিষ্ণুপ্ৰিয়া মণিপুৰী
মেইতেই মণিপুৰী
ছিলঠীয়া
চাওঁতালী
খাছী
ককবৰক
গাৰো
হাজং
চট্টগ্ৰামীয়া
আৰু অন্যান্য।
সময় c. 1100–present
মাতৃ লিপি
ISO 15924 Beng, 325
দিশ বাওঁৰ পৰা সোঁ
ইউনিক'ড নাম Bengali
ইউনিক'ড ৰে'ঞ্জ U+0980–U+09FF
[a] ব্ৰাহ্মীয়া লিপিবিলাক চেমিটিয়া মূলৰ বুলি সকলোৱে নামানে।
টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে।

অসমীয়া–বঙালী লিপি হৈছে অসমীয়া আৰু বঙালী বৰ্ণমালাৰ ভেটি। ই প্ৰধানকৈ দুবিধ প্ৰধান ভাষাৰ বাবে ব্যৱহাৰ হয়: অসমীয়া আৰু বঙালী। এই দুবিধৰ বাহিৰেও ইয়াক বহুতো ভাষা যেনে বিষ্ণুপ্ৰিয়া মণিপুৰী, মেইতেই মণিপুৰী, ককবৰক আৰু আন আন অসমীয়া-বঙালী ভাষাৰ বাবে ব্যৱহাৰ কৰা হয়। অতীতত ই খাছী, বড়ো, কাৰ্বি, মিছিং আদি ভাষাৰ বাবেও ব্যৱহাৰ কৰা হৈছিল। আধুনিক ছিলঠীয়া ভাষাৰ কাৰণেও মাজে মাজে এই লিপি ব্যৱহাৰ কৰা হয়। সেইবাবে ই পৃথিৱীৰ ৫ম আটাইতকৈ বেছি ব্যৱহাৰ হোৱা লিপি।

বৰ্ণনা[সম্পাদনা কৰক]

ইয়াত থকা লিখনিত অসমীয়াত লিখা আছে আছে: "শ্ৰীশ্ৰীমত্‌শিৱসিংহমহাৰাজ" "Sri Sri Môt Xiwô Xinghô Môharaza" বুলি (লগতে চাওক শিৱ সিংহ)। এই ১৮ শতিকাৰ আহোম যোগীয়া পাণ্ডুলিপিত আধুনিক অসমীয়া "ৱ"ৰ সলনি পুৰণি অসমীয়া "ৰ" ব্যৱহাৰ কৰা হৈছে।

পূৰ্বী নাগৰী লিপিৰ আখৰবিলাক খুব কম ব্লকী কিন্তু বহুত সৰ্পিলাকাৰ। ই সিদ্ধম লিপিৰ পৰা উদ্ভৱ হৈছে। ১৭৭৮ চনত যেতিয়া চাৰ্লছ ৱিকিঞ্চ পূৰ্বী নাগৰী লিপিৰ প্ৰথম আখৰস্থাপক আছিল, তেতিয়া ইয়াৰ আধুনিক ৰূপ বিধিবদ্ধ কৰা হয়। বেলেগ বেলেগ ভাষাত বৰ্ণবিলাক কিদৰে উচ্চাৰণ কৰা হয় তাৰ ওপৰত ভিত্তি কৰি অসমীয়া আৰু বঙালী ভাষাত পূৰ্বী নাগৰী লিপিৰ একে আখৰৰে বেলেগ বেলেগ ৰূপ দেখা যায়।

আগতে পূৰ্বী নাগৰী লিপি কোনো নিৰ্দিষ্ট অঞ্চলৰ ভাষাৰ সৈতে যুক্ত নাছিল। তেও মধ্যযুগত ভাৰতবৰ্ষৰ পূৰ্বাঞ্চলৰ প্ৰধান লিপি হিচাপে প্ৰভাৱ বিস্তাৰ কৰিছিল। এই লিপিৰে সংস্কৃত ভাষাও লিখা হৈছিল। হিন্দু ধৰ্মৰ মহাকাব্য যেনেঃ মহাভাৰত আৰু ৰামায়ণ অতীজৰ পূৰ্বী নাগৰী লিপিত লিখা হৈছিল।

অসমীয়া লিপিৰ ইতিহাস[সম্পাদনা কৰক]

কানাই-বৰশীবোৱা শিলালিপি ১২০৭ খ্ৰীষ্টাব্দ (১১২৭ শক)

অসমীয়া লিপিৰ সকলোতকৈ পুৰণি প্ৰমাণ পোৱা যায় খ্ৰীষ্টিয় ৪ৰ্থ-৫ম শতিকাৰ ডুবৰণি শাসনত। খ্ৰী:পঞ্চম শতিকাৰ আগভাগৰ নগাজৰী খনিকৰ গাঁৱৰ প্ৰস্তৰ খণ্ড লিপি আৰু একে শতিকাৰ শেষভাগৰ উমাচলৰ লিপি অসমীয়া লিপিৰ প্ৰাচীনত্বৰ দুটা উল্লেখযোগ্য উদাহৰণ। পৰৱৰ্তী কালত বৌদ্ধ ধৰ্ম সাধনাৰ গীত "চৰ্যাপদত অসমীয়া লিপিৰ বিকশিত ৰূপ দেখিবলৈ পোৱা যায়[1]। চৰ্যাপদসমূহ ৮ম-১২ শতিকামানত ৰচনা কৰা হৈছিল। বঙালী ভাষা আৰু উড়িয়া ভাষাৰো পুৰণি ৰূপ চৰ্যাপদত দেখিবলৈ পোৱা যায়। ১৪ শতিকাত মাধৱ কন্দলীয়ে অসমীয়া লিপি ব্যৱহাৰ কৰি "ৰামায়ণ" লিখি উলিয়ায়। উল্লেখযোগ্য যে সংস্কৃত ভাষাৰ বাল্মীকিৰামায়ণৰ অনুবাদৰ ভিতৰত মাধৱ কন্দলীৰ ৰামায়ণখনেই হ'ল যিকোনো উত্তৰ ভাৰতীয় স্থানীয় ভাষালৈ অনূদিত প্ৰথম ৰামায়ণ। ১৫ আৰু ১৬ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অসমীয়া আৰু মৈথিলী ভাষাৰ সংমিশ্ৰণ ব্ৰজাৱলী ভাষাৰে তেওঁৰ কাব্যসমূহ ৰচনা কৰে। আহোম সাম্ৰাজ্যবুৰঞ্জী লিখিবৰ বাবে অসমীয়া ভাষা আৰু লিপিৰ ব্যৱহাৰ কৰা হৈছিল। আহোম ৰজা চক্ৰধ্বজ সিংহই (১৬৬৩-১৬৭০ খ্ৰীষ্টাব্দ) তেওঁৰ শাসনকালত অসমীয়া মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰে।

লিপিবিদসকল অসমীয়া লিপিৰ উৎপত্তি সম্পৰ্কে দুটা মতত বিভক্ত। প্ৰথম মত অনুসৰি ব্ৰাহ্মী লিপিৰ পৰা গুপ্ত লিপি, কুটিল লিপি আৰু পুৰণি অসমীয়া লিপিৰ মাজেৰে বৰ্তমানৰ ৰূপ পাইছে। দ্বিতীয় মত অনুসৰি ব্ৰাহ্মী লিপিৰ পৰা প্ৰাচীন কামৰূপী লিপি আৰু পুৰণি অসমীয়া লিপি হৈ বৰ্তমানৰ ৰূপ পাইছে। ৫ম শতিকাৰ উমাচল শিলালিপি আৰু নগাজৰী-খনিকৰ গাঁৱৰ প্ৰস্তৰখণ্ডৰ লিপিয়েই এই অঞ্চলত অসমীয়া লিপিৰ ব্যৱহাৰৰ প্ৰথম প্ৰমাণ। তাৰ পিছৰ কালৰ শিলালিপি, তামৰ ফলিৰ লিপি আৰু সাঁচিপাতৰ পুথিসমূহে ১৮-১৯ শতিকা মানলৈকে অসমীয়া লিপিৰ বিকাশ সূচায়। কানাই-বৰশীবোৱা শিলালিপিয়ে ইয়াকো প্ৰমাণ কৰে যে ১২ শতিকামানতে প্ৰাক্‌-অসমীয়া ৰূপ বা মধ্যযুগীয় বা কামৰূপী লিপিৰ বিকাশ ঘটে[2]। মধ্যযুগীয় অসমীয়া লিপিৰ তিনিটা শৈলী দেখিবলৈ পোৱা যায়: কাইথেলী/লহকৰি লিপি (কায়স্থসকলৰ দ্বাৰা পুথি ৰচনা, নকল কৰাৰ বাবে ব্যৱহৃত লিপি), গড়গঞা লিপি (আহোমসকলৰ দ্বাৰা প্ৰথমে বুৰঞ্জীৰ নকলৰ বাবে ব্যৱহৃত হৈছিল) আৰু বামুণীয়া লিপি (সংস্কৃত ভাষাৰ পৰা পুথি নকল কৰিবৰ বাবে ব্ৰাহ্মণসকলৰ দ্বাৰা ব্যৱহৃত)। ১৯ শতিকাৰ প্ৰথম ভাগত আত্মাৰাম শৰ্মাই পঞ্চানন কৰ্মকাৰে সাজি উলিওৱা ছপা আখৰ ব্যৱহাৰ কৰি শ্ৰীৰামপুৰত প্ৰকাশ কৰা 'ধৰ্মপুস্তক' (বাইবেলৰ অসমীয়া অনুবাদ)ত ছপা আখৰত প্ৰথম আধুনিক অসমীয়া লিপি দেখা পোৱা যায়[3]। উল্লেখযোগ্য যে, এই পুথিত ব্যৱহাৰ কৰিবৰ বাবে সাজি লোৱা আখৰৰ গঢ় পূৰ্বে উল্লেখ কৰা বামুণীয়া শৈলীৰ আছিল। বৰ্তমান পুথিখনি পুনৰ মুদ্ৰিত হৈছে। পুনৰ মুদ্ৰণত লিপিৰ পূৰ্বৰ ৰূপ অক্ষুণ্ণ ৰাখি ফটোগ্ৰাফিক ৰূপত প্ৰকাশ কৰা হৈছে।

ইউনিক’ডত বঙালী−অসমীয়া লিপি[সম্পাদনা কৰক]

পূৰ্বী নাগৰী লিপিৰ ইউনিক’ডত নাম হৈছে "Bengali।" ইয়াৰ ব্লকটো হ’ল U+0980– U+09FF:

বঙালী[1][2]
অসমীয়া-বঙালী লিপিৰ ইউনিক'ড তালিকা (পি.ডি.এফ.)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+098x
U+099x
U+09Ax
U+09Bx ি
U+09Cx
U+09Dx
U+09Ex
U+09Fx
বি. দ্ৰ.
১.^ ইউনিক'ড সংস্কৰণ ১৩.০ অনুসৰি
২.^ ধূসৰ এলেকাই অনিৰ্ধাৰিত স্থান বুজাইছে।

টোকা[সম্পাদনা কৰক]

  1. শৰ্মা, সত্যেন্দ্ৰনাথ (১৯৯৬); অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ
  2. goswami, Upendrantha; An introduction to Assamese(1978), Mani Manik publications
  3. "History of Assam#Social and literacy consciousness in Assam". online.assam.gov.in. http://online.assam.gov.in/web/guest/historyofassam?webContentId=109386। আহৰণ কৰা হৈছে: 13 Oct 2011. 

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  • Bora, Mahendra (1981). The Evolution of Assamese Script. প্ৰকাশক Jorhat, Assam: Assam Sahitya Sabha. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]