চাটগাঁইয়া ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(চট্টগ্ৰামীয়া ভাষাৰ পৰা পুনঃনিৰ্দেশিত)
চাটগাঁইয়া
চিটাইঙ্গা[1]
উচ্চাৰণ [siʈaiŋga]
থলুৱা অঞ্চল বাংলাদেশ
অঞ্চল চট্টগ্ৰাম অঞ্চল
জাতীয়তা চিটাইঙ্গা, চাটগাঁইয়া
স্থানীয় ভাষিক
১ কোটি ৬০ লাখ (২০০৯)
ভাষা পৰিয়াল
ভাৰত-ইউৰোপীয়
লিখন প্ৰণালী বঙালী লিপি
আৰবী লিপি (আগতে কম পৰিসৰত)
ভাষা সংকেত
ISO 639-3 ctg
ভাষাতাত্বিক
ctg
লিংগোৱাস্ফেয়াৰ 73-DEE-aa
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে।
 
  চট্টগ্ৰামীয়া ভাষা কোৱা অঞ্চলসমূহ

চাটগাঁইয়া, চট্টগ্ৰামীয়া, চাটগাঞা, বা চিটাইঙ্গা হৈছে বাংলাদেশচট্টগ্ৰাম আৰু দক্ষিণ-পূৰ্বাঞ্চলত প্ৰচলিত এটা ভাৰত-আৰ্য ভাষা। বঙালী ভাষাৰ সৈতে এই ভাষাৰ ওতপ্ৰোত সম্পৰ্ক থকাৰ বাবেই ইয়াক সাধাৰণতে বঙালী ভাষাৰ অ-মান্য উপভাষা হিচাপে বিবেচনা কৰা হয়, কিয়নো এই ভাষাৰ কওঁতাসকলে নিজকে বঙালী-চিটাইঙ্গা দুয়ো বুলি পৰিচয় দিয়ে আৰু বঙালী ভাষাতেই শিক্ষা গ্ৰহণ কৰে।[2] কিন্তু এই দুয়োটা ভাষা পৰস্পৰে বোধগম্য নহয়।[3][4] অধিকাংশ ভাষাবিদে এই ভাষাক এক সুকীয়া ভাষা হিচাপে গণ্য কৰে।

২০০৯ চনৰ প্ৰাককলন অনুসৰি এই ভাষা ১ কোটি ৬০ লাখ লোকে কয়।[5]

শ্ৰেণী বিভাজন[সম্পাদনা কৰক]

চট্টগ্ৰামীয়া হৈছে ভাৰত-আৰ্য ভাষা পৰিয়ালৰ প্ৰাচ্য গোটৰ অসমীয়া-বঙালী উপশাখাৰ এটা ভাষা। এই শাখাৰে অন্য ভাষাসমূহ হ'ল― ছিলঠীয়া, ৰহিঙীয়া, চাকমা, অসমীয়া আৰু বঙালীপ্ৰাচীন-ভাৰত-ইউৰোপীয় ভাষাৰ পৰা প্ৰাচ্য মধ্য ভাৰত-আৰ্য ভাষাৰ মাধ্যমেদি প্ৰাচীন ভাৰত-আৰ্য ভাষাৰ পৰা ইয়াৰ উৎপত্তি ঘটিছে।[6]

কেইটামান চট্টগ্ৰামীয়া শব্দৰ উদাহৰণ[সম্পাদনা কৰক]

একবচন অসমীয়া অৰ্থ বহুবচন অসমীয়া অৰ্থ
ফটু ইয়ান ফটোখন ফটু গিন ফটোকেইখন
ফাতা উয়া পাতটো ফাতা গিন পাতকেইটা
দুয়ার গান দুৱাৰখন দুয়ার গিন দুৱাৰকেইখন
ফা'র গুয়া পাহাৰখন ফা'র গুন পাহাৰকেইখন
দেবাল ইয়ান দেৱালখন দেবাল ইয়ুন দেৱালকেইখন
কিতাব উয়া কিতাপখন কিতাব উন কিতাপকেইখন
মানুশ উয়া মানুহজন মানুশ উন মানুহকেইজন
উগ্গোয়া ফাতা / ফাতা উগ্গোয়া এটা পাত হদুন ফাতা / ফাতা হদুন কেইটামান পাত
এক্কান ফটু / ফটু এক্কান এখন ফটো হদিগিন ফটু / হদিইয়িন ফটু / ফটু হদিইয়িন কেইখনমান ফটো

কেইটামান চট্টগ্ৰামীয়া বাক্যৰ উদাহৰণ[সম্পাদনা কৰক]

চট্টগ্ৰামীয়া অসমীয়া অৰ্থ
আঁই বাত হাই মই ভাত খাওঁ
ইঁতি টিবি সার সি টিভি চাই আছে
ইঁতে ছাইরকেলত সৰেৰ সি চাইকেলউঠি আছে
ইঁতারা খ্যালা হার সিহঁতে খেল খেলি আছে

লিখন প্ৰণালী[সম্পাদনা কৰক]

ঐতিহাসিকভাৱে এই ভাষা লিখিবলৈ আৰবী লিপি ব্যৱহাৰ কৰা হৈছিল। বৰ্তমানৰ সময়ত সাধাৰণতে বঙালী লিপি ব্যৱহাৰ কৰা হয়।

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "চট্টগ্ৰামেৰ আঞ্চলিক স্বকীয়তা" (bn ভাষাত). Prothomalo. https://nagorik.prothomalo.com/%E0%A6%9A%E0%A6%9F%E0%A7%8D%E0%A6%9F%E0%A6%97%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%AE%E0%A7%87%E0%A6%B0-%E0%A6%86%E0%A6%9E%E0%A7%8D%E0%A6%9A%E0%A6%B2%E0%A6%BF%E0%A6%95-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%95%E0%A7%80%E0%A7%9F%E0%A6%A4%E0%A6%BE। আহৰণ কৰা হৈছে: 16 August 2022. 
  2. Masica, Colin (1991). The Indo-Aryan Languages. প্ৰকাশক Cambridge: Cambridge University Press. পৃষ্ঠা. 25. 
  3. "Chittagonian A language of Bangladesh". Ethnologue: Languages of the World, Sixteenth edition. 2009. http://www.ethnologue.com/show_language.asp?code=ctg। আহৰণ কৰা হৈছে: 3 February 2013. 
  4. Masica, Colin (1991). The Indo-Aryan Languages. প্ৰকাশক Cambridge: Cambridge University Press. পৃষ্ঠা. 16.  "The dialect of Chittagong, in southeast Bangladesh, is different enough to be considered a separate language."
  5. "Summary by language size". Ethnologue: Languages of the World, Sixteenth edition. 2009. http://www.ethnologue.com/ethno_docs/distribution.asp?by=size। আহৰণ কৰা হৈছে: 3 February 2013. 
  6. "Chittagonian A language of Bangladesh". Ethnologue: Languages of the World, Sixteenth edition. 2009. http://www.ethnologue.com/show_language.asp?code=ctg। আহৰণ কৰা হৈছে: 3 February 2013.