খাৰচী পূজা
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
খাৰচী পূজা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ পূৰাণখ্যাত ত্ৰিপুৰা ৰাজ্যৰ উৎসৱ৷ এই পূজা প্ৰতি বছৰ আহাৰ মাহৰ শুক্লাষ্টমী তিথিৰ পৰা আগৰতলাত থকা “চতুৰ্দশ মন্দিৰ’’ত অনুষ্ঠিত হয়৷ এই পূজাৰ আঁৰত এক পৌৰাণিক কাহিনী আছে৷ সেইটো হ’ল, কাছাৰ ৰাজ্যৰ ৰজা আছিল ত্ৰিলোচন৷ ত্ৰিলোচনে মৃত্যুৰ আগমূহূৰ্তত ডাঙৰ ৰাজকুমাৰ দ্ৰিকপতিক উত্তৰাধিকাৰী ঘোষণা কৰে৷ কিন্তু ত্ৰিলোচনৰ মৃত্যুৰ পিছত তেওঁৰ দ্বিতীয় পুত্ৰ দক্ষিণে বলপূৰ্বক ৰাজপাটত আৰোহণ কৰে৷ ইয়াৰ পৰিণতিত দ্ৰিকপতিয়ে ভায়েক দক্ষিণৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে৷ যুদ্ধত দ্ৰিকপতিৰ জয় হয়৷ কিন্তু যুদ্ধৰ শেষত দক্ষিণে চৌদ্ধজন সেনাৰ মূৰ কাটি লৈ যায়৷ তেতিয়াৰ পৰাই দ্ৰিকপতিৰ বংশধৰসকলে মূৰ কটা যোৱা সৈনিকসকলক সোঁৱৰণ কৰি “খাৰচী পূজা’’ পাতিবলৈ লয়৷ খাৰচী শব্দৰ অৰ্থ হ’ল, ’খাৰ’ মানে পলায়ন কৰা আৰু ’চী’ মানে জ্ঞাত হোৱা৷ খাৰচী শব্দৰ সম্পূৰ্ণ অৰ্থ হ’ল, যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰা৷
চতুৰ্দশ মন্দিৰ আৰু দেৱতাৰ পূজা
[সম্পাদনা কৰক]ত্ৰিপুৰাৰ ’চতুৰ্দশ মন্দিৰ’ নিৰ্মাণ কৰে ৰজা কৃষ্ণ মাণিক্যই৷ এই মন্দিৰৰ স্থাপত্যত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ দেখা যায়৷ মন্দিৰৰ ভিতৰত চৌদ্ধগৰাকী দেৱ-দেৱীৰ মূৰ্তি আছে৷ সেই চৌদ্ধ গৰাকী দেৱ-দেৱী হ’ল, হৰ, হৰি, উমা, লক্ষ্মী, সৰস্বতী, কাৰ্তিক, গণেশ, ব্ৰহ্মা, পৃথিৱী, সাগৰ, গংগা, অগ্নি, কামদেৱ আৰু হিমাদ্ৰী দেৱী৷ আহাৰ মাহৰ শুক্লপক্ষৰ অষ্টমী তিথিত আৰম্ভ হোৱা খাৰচী পূজা সাতদিন ধৰি চলে আৰু প্ৰতিদিনে দুগৰাকীকৈ দেৱ বা দেৱীৰ পূজা কৰা হয়৷ পূজাৰ বাবে কেইটামান প্ৰতিমূৰ্তি বাঁহেৰে সজোৱা হয়৷ চান্থাই (প্ৰধান পুৰোহিত)য়ে পূজাত আগভাগ লয়৷ তেওঁক সহায় কৰে ধৰ্মীয় পদবীধাৰী আন চাৰিজন লোকে৷ সেইসকল হ’ল, নাৰাণ, বেৰিফাং, য়াকচুক আৰু গালিম৷ খাৰচী পূজাত সকলো ধৰ্মৰ আৰু সকলো জনগোষ্ঠীয় লোকে অংশগ্ৰহণ কৰে আৰু এই উৎসৱত জনজাতীয় অজনজাতীয় সকলো লোকে নিজৰ নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে৷[1]
চতুৰ্দশ দেৱ-দেৱীৰ বিশেষত্ব
[সম্পাদনা কৰক]চতুৰ্দশ দেৱ-দেৱীৰ প্ৰত্যেকৰে শিৰত অৰ্ধচন্দ্ৰ খচিত আছে আৰু শিৱৰ বাহিৰে বাকীসকল দেৱ-দেৱীৰ মুকুট সোণেৰে নিৰ্মিত৷ শিৱৰ মুকুট ৰূপেৰে নিৰ্মাণ কৰা হৈছে আৰু এই বিগ্ৰহটি আনকেইটি বিগ্ৰহতকৈ ডাঙৰ৷ ত্ৰিপুৰী জাতি চন্দ্ৰবংশীয় ক্ষত্ৰিয় কূলজাত কাৰণেই কূলীয় চিহ্ন হিচাপে আৰাধ্য দেৱ-দেৱীৰ শিৰত অৰ্ধচন্দ্ৰ খচিত কৰা আছে৷ খাৰচী পূজাত বিশেষ গোপনীয়তা অৱলম্বন কৰাৰ ৰীতি প্ৰচলিত৷ পূজাৰ কেইদিনৰ এদিন গভীৰ ৰাতি ’হজগিৰি’ নৃত্য অনুষ্ঠিত হয়৷ সেইদিনা ৰাজপুৰোহিতৰ বাদে আন সাধাৰণ লোকে ঘৰৰ বাহিৰত ঘূৰাপকা কৰা নিষিদ্ধ৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ উত্তৰ পূৰ্বাঞ্চলৰ জনজাতি, মৃগেন শৰ্মা