ফাবাংকূট উৎসৱ
ফাবাংকূট উৎসৱ উৎসৱ ডিমা হাচাও জিলাত বসবাস কৰা কম জনসংখ্যাৰ ’বেইটে’ সম্প্ৰদায়ৰ পয়োভৰপূৰ্ণ জাতীয় উৎসৱ৷ এই উৎসৱ কৃষিকৰ্মৰ লগত জড়িত৷ কৃষিকৰ্মৰ লগত জড়িত আন আন উৎসৱসমূহ হ’ল, কৃষিৰ আৰম্ভণিৰে পৰা একাদিক্ৰমে চেমচ’ই কূট, পামচাৰ কূট, লাবাংকূট আদি৷ তেওঁলোকৰ উৎসৱসমূহ প্ৰধানকৈ দুই ভাগত ভগাব পাৰি, কৃষিভিত্তিক আৰু বিজয় প্ৰদৰ্শক৷ কৃষিভিত্তিক এই ফাবাংকূট উৎসৱ ভৈয়ামৰ ভোগালী বিহুৰ দৰে কৃষি কাৰ্য সামৰণি পৰাৰ পাছত ভঁৰালত লখিমী সুমুওৱাৰ আনন্দত সকলোৱে মিলি নৃত্য-গীতৰ মাজেৰে পালন কৰে৷ এই উৎসৱৰ মূল কেন্দ্ৰবিন্দু বেইটে জনগোষ্ঠীৰ উপাস্য দেৱতা “ফাবাংকূট পাৰ্থিয়ান’’৷ সমাজৰ মুখীয়ালসকলৰ নেতৃত্বত নৃত্য-গীতৰ সকলো অনুষ্ঠান সুপৰিচালিত হয়৷ মুখীয়ালসকল হ’ল, ’খুৱপু’ (গাওঁবুঢ়া), ’চিয়েৰ কালিম’ ( মূখ্য বিষয়া), ’থিয়েমপু’ (পূজাৰী) আদি৷ এইসকলৰ আলোচনা আৰু পৰামৰ্শমতে অন্যান্য উৎসৱৰ দৰে ফাবাংকূট উৎসৱৰো আয়োজন কৰা হয়৷ ফাবাংকূট গাঁৱৰ মাজৰ মুকলি ঠাইত অনুষ্ঠিত কৰা হয়৷ ’ফাবাংকূট পাৰ্থিয়ান’ক উদ্দেশ্যি ’থিয়ামপু’য়ে ছাগলী, কুকুৰা, ম’হ, গাহৰি আদি বলি দিয়ে৷ তাৰপাছত সকলোৱে লাউপানী আৰু ভোজ-ভাত খাই আনন্দ কৰে৷ এই উৎসৱত নানা খেল-ধেমালি আৰু নৃত্য পৰিৱেশন কৰি গীতৰ দ্বাৰা মনৰ ভাব প্ৰকাশ কৰি গীত জুৰে৷ ফাবাংকূট উৎসৱত দুখ প্ৰকাশক গীতো গোৱা হয়৷ উৎসৱৰ আনন্দৰ মাজতে গাভৰুৱে অতীতৰ প্ৰেমৰ কথা সুঁৱৰি বিলাপগীত গায়৷ গাভৰুৰ প্ৰেমিকৰ যদি মৃত্যু হয়, তেন্তে তেওঁৰ গুণ-যশ বৰ্ণাই উৎসৱৰ মাজতে শোক কৰে৷ তেনে এটি শোকগীতৰ উদাহৰণ কথাৰে দিয়া হ’ল:-- ’যুদ্ধত শত্ৰুক জিনিবৰ জোখাৰে তেওঁৰ প্ৰিয়তম শক্তিমন্ত নহয়, সেয়ে শত্ৰুৱে তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিলে৷ তেওঁৰ মিঠা সান্নিধ্যৰ মধুৰ স্মৃতিয়ে আজিও গাভৰুগৰাকীৰ হৃদয়ৰ গোপন অংশ হেঁচুকি যায়.....৷’[1]
সাজ-পাৰ
[সম্পাদনা কৰক]উৎসৱ উপলক্ষে বেইটে জনগোষ্ঠীৰ পুৰুষ মহিলা উভয়েই পৰম্পৰাগত সাজ-পাৰ পিন্ধি নৃত্যত অংশ গ্ৰহণ কৰে৷ মহিলাসকল বোঁৱা-কটাত পাকৈত৷ তেওঁলোকে ’পৱন-ৰিকল’(কঁকালত বান্ধি মাটিত বহি বোৱা তাঁতশাল)ত তেওঁলোকৰ সাজ-পাৰ বৈ উলিয়ায়৷ মহিলাসকলে ’পুৱানবুম’(মেখেলা), ’জাকুৱা’(ছাৰ্ট বা চোলা), ’চইপৱন’(মেঠনি) আৰু ’ৰিটাই’ (মূৰত মৰা ফিটা) পিন্ধে৷ পুৰুষসকলে ’পুৱান’(ধুতি), ’ৰিংজেল’(চোলা), আৰু ’লুখুম’(পাগুৰি) পিন্ধে৷ মহিলাসকলে পইচাৰে গঁথা ’ৰিথাই’ (মালা) অলংকাৰ হিচাপে পৰিধান কৰে৷[2]
বাদ্যযন্ত্ৰ
[সম্পাদনা কৰক]ফাবাংকূট উৎসৱ বা আন উৎসৱত বেইটেসকলে চেৰেণ্ডা, ’ভাৰৰিবো’(কাঁহ), ’ভাৰপুই’(বৰকাঁহ), ’খুৱং’ (ঢোল), ’ৰচেম’( তিতালাউৰ খোলা আৰু বাঁহীৰ দ্বাৰা তৈয়াৰী বাদ্য), ’চংপ্ৰেং’ (বাঁহ এপাবত দুডাল চেঁচুৰে সজা বাদ্য), ’থেইলে’(বাঁহী), ’টেংৰেপ’(তাল), ’টুই মেই খুৱং’(বাঁহৰ চুঙাৰ বাদ্য) আদি বজাই গীতৰ তালে তালে নৃত্য কৰে৷