টাংগুটি খেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

টাংগুটি এসময়ৰ এবিধ বৰ জনপ্ৰিয় খেল৷ এই খেলত দুয়োপক্ষৰ মাজত যথেষ্ট উত্তেজনাৰ সৃষ্টি হয়৷ দুইজনৰ পৰা ত্ৰিশজন খেলুৱৈলৈকে এই খেল খেলিব পাৰে৷ এই খেলত খেলৰ মাধ্যমেৰে দলীয় অনুশাসন, কৰ্মতৎপৰতা আদিৰ অনুশীলনো হয়৷ এই খেল খেলিবলৈ আহল-বহল ঠাইৰ লগতে যান-বাহন বা মানুহৰ আহ-যাহ নথকা বা কম আহ-যাহ থকা ঠাইৰ প্ৰয়োজন হয়৷ টাংগুটি খেলৰ সৈতে বৰ্তমানৰ জনপ্ৰিয় খেল ক্ৰিকেটৰ যথেষ্ট সাদৃশ্য থকা দেখা যায়৷

খেলৰ সঁজুলি[সম্পাদনা কৰক]

টাংগুটি খেল খেলিবলৈ টাংগুটি আৰু দেন্দাই নামৰ দুটা সঁজুলিৰ প্ৰয়োজন৷ টাংগুটিটো গছৰ ডালৰ পৰা কাটি তৈয়াৰ কৰা হয়৷ ইয়াৰ দুইমূৰে হেলনীয়াকৈ কাটি জোঙা কৰা হয়৷ হেলনীয়া দিশটো টাংগুটিটোৰ দুইমূৰে বিপৰীত দিশত হ’ব লাগে৷ দেন্দাই মাৰিডাল দুফুটমান দীঘল৷ সাধাৰণতে বাঁহৰ কামী গোটাকৈ চাঁচি এই মাৰিডাল তৈয়াৰ কৰা হয়৷ পোন গছৰ ডাল চাঁচিও দেন্দাই মাৰি প্ৰস্তুত কৰিব পাৰি৷

খেলৰ বিধি[সম্পাদনা কৰক]

খেল আৰম্ভ হোৱাৰ আগতে খেলুৱৈ যদি সৰহ হয়, তেন্তে দুটা দলত বিভক্ত হৈ ল’ব লাগে৷ এখন আহল-বহল পথাৰ বা চোতালৰ এমূৰত দীঘলীয়াকৈ প্ৰায় ছয় ইঞ্চিমান দীঘল গাঁত খান্দি তাত টাংগুটিটো পথালিকৈ বহুৱাব লাগে৷ এটা দলৰ খেলুৱৈ এজনে দেন্দাই মাৰিডাল গাঁতটোৰ এমূৰেদি সুমুৱাই গুটিটো আগলৈ মাৰি পঠিয়ায়৷ বিপক্ষ দলৰ সকলো আঠ-দহফুটমান নিলগত ৰৈ থাকে৷ তেওঁলোকে ওপৰেৰে অহা গুটিটো ওপৰতে ধৰিব লাগে৷ ধৰিব পাৰিলে, টাংগুটিটোৰে গাঁতটোলৈ “একুৰি’’ “দুকুৰি’’ কৰি হিচাপ কৰি জুখি আহে৷ ধৰিব নোৱাৰিলে, টাংগুটি মৰাজনে দেন্দাইডালেৰে “একুৰি’’ “দুকুৰি’’কৈ টাংগুটি পৰা ঠাইডোখৰলৈ জুখি আহে৷ এনেদৰে দলীয়ভাৱে যাৰে সংগৃহীত সংখ্যা বেছি হয়, সিয়ে জিকে৷ টাংগুটি ধৰিব নোৱাৰিলে, টাংগুটি মৰাজনে জুখি থাকোঁতে, পৰি যোৱা গুটিটো বিপক্ষই হাতত লৈ গাঁতলৈ দলিয়াব লাগে৷ তেনে কৰোঁতে দেন্দাইত গুটিয়ে স্পৰ্শ কৰিলে দেন্দাই লোৱাজনে অৱসৰ পায়৷ দেন্দাইত আঘাত কৰিব নোৱাৰিলে, দেন্দাই লোৱাজনে গুটিটো পৰা ঠাইলৈকে জুখি অহাৰ পিছত, পুনৰ খেল আৰম্ভ কৰি গাঁতৰ পৰা গুটিটো ওপৰলৈ মাৰি ওপৰতে পুনৰ কোবাই দূৰলৈ মাৰি পঠিয়াব লাগে৷ এনে কৰাত বিপক্ষই যদি টাংগুটি ওপৰতে ধৰিব পাৰে, তেন্তে দেন্দাই মৰাজনৰ পাল অন্ত পৰে, নোৱাৰিলে দেন্দাইধাৰীয়ে গাঁতৰপৰা টাংগুটি পৰা ঠাইলৈ পুনৰ জুখি আহে৷ দেন্দাইৰে টাংগুটি দুবাৰ কোবাব পাৰিলে লাভ৷ কাৰণ তেতিয়া প্ৰাপ্ত নম্বৰ এগুণত দুগুণ হয়, অৰ্থাৎ দহ দেন্দাই জুখিলে বিশ দেন্দাই লাভ কৰে৷[1]

শিক্ষণীয় বিষয়[সম্পাদনা কৰক]

  1. খেলত সতৰ্কতাৰ আৱশ্যক৷ গুটিটো দুয়োমূৰে জোঙা হোৱা বাবে ই যথেষ্ট বিপদজনক৷ টাংগুটিটো মাৰি দিয়াজনে আৰু ধৰিবলৈ থকাজনে(সকলে) সাৱধান নহ’লে চকু মুখত আঘাত পাব পাৰে৷
  2. টাংগুটিটো ওপৰেতে ধৰিবলৈ একে ঠাইতে ৰৈ কোব মাৰি দিয়াজনৰ হাতৰ চালনৰ দিশে মনোযোগ দিয়া আৰু ধৰি দেন্দাই মাৰিডালক লক্ষ্য কৰি মাৰি পঠিওৱা এই দুয়োটা কামে একাগ্ৰতা, আত্মবিশ্বাস আৰু প্ৰতিযোগিতাৰ মনোভাৱ বৃদ্ধি কৰে৷[2]

তথ্য উৎস[সম্পাদনা কৰক]

  1. আহোম ৰজাদিনীয়া লোকক্ৰীড়া, চাও লোকেশ্বৰ গগৈ, সূৰ্যৱতী, অঃসাঃসঃৰ ৰহা অধিৱেশনৰ স্মাৰকগ্ৰন্থ
  2. লুকাভাকু, এলি আহমেদ, অসম শিশু সাহিত্য ন্যাস