হাজা গেৰবা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হাজা গেৰবা অসমত বসবাস কৰা ডিমাছা জনগোষ্ঠীৰ এক পৱিত্ৰ পূজা৷ গাঁৱৰ পৰিসীমাৰ মাজত যাতে বেমাৰ-আজাৰ নহয় আৰু মানুহ সুখ-সন্তোষে থাকিব পাৰে, তাৰবাবেই এই পূজা কৰা হয়৷ ’গেৰবা’ৰ অৰ্থ ভগৱানক ভোগ দিয়া৷[1] পূজাৰ দিনা গাঁৱৰ সকলো পুৰুষ গোট খাই গাঁৱত অনিষ্ট কৰিব পৰা অপদেৱতা বা ৰাক্ষসজনৰ উদ্দেশ্যে ভক্তিভাবে সেৱা জনায়৷ এই পূজাৰ বাবে এজোপা বৰগছৰ ডালৰ প্ৰয়োজন হয়৷ গছৰ ডালটো আনি তাত এটা চুফিন(বাঁহী), এটা খ্ৰাম(ঢোল)ৰ আকৃতিত সজা বাদ্যৰ প্ৰতিকৃতি আৰু এটা হলৌ বান্দৰৰ প্ৰতিকৃতি আঁৰি দিয়া হয়৷ হোজাই বা পূজাৰীজনে গছৰ ডালটো কান্ধত তুলি গাঁৱৰ বাহিৰলৈ কঢ়িয়াই নিয়ে৷ এই সময়ত হাঁহি-ধেমালি কৰা নিষেধ৷

বিশেষত্ব[সম্পাদনা কৰক]

ডিমাছা জনগোষ্ঠীৰ ’হাজা গেৰবা’ পূজাত একেদিনাই একেলগে চাৰিটা বেলেগ বেলেগ পূজা কৰিব লাগে৷ পূজা চাৰিটা হ’ল, ১) বৈৰাগী, ২) দাখিনচা, ৩) হাচং আৰু ৪) চগ৷ চাৰিওটা পূজাৰ আয়োজন একেলগে কৰিবলগীয়া হয় বাবে এই পূজা অতি ব্যয়বহুল আৰু কষ্টকৰ৷ গাঁৱৰ সকলো লোকে এই পূজাৰ বাবে দান-দক্ষিণা আগবঢ়ায়৷

পূজাৰ বিধি[সম্পাদনা কৰক]

হাজা গেৰবা পূজাৰ অন্তৰ্গত চাৰিওটা পূজাৰ বিধি বেলেগ বেলেগ৷ (১) বৈৰাগী পূজা:- গাঁৱৰ বাহিৰৰ কোনো বৰগছৰ তলত এই পূজাৰ বেদী পাতি, বেদীখন সেন্দূৰেৰে বোলাই ৰঙা কৰি কৰা হয়৷ চাউল, কল আৰু নানাবিধ ফল প্ৰসাদ হিচাপে আগ কৰা হয়৷ ধূপ ধূনা আৰু মমবাতি বা মিঠাতেলৰ চাকি জ্বলাই প্ৰাৰ্থনা কৰি শেষত হাঁহ বা ছাগলী বলি দিয়া হয়৷ (২) দাখিনচা পূজা:- এই পূজা গাঁৱৰ বাহিৰত কিন্তু গছৰ তলত কৰা নহয়৷ কোনো পিতনি থকা ঠাইত নলা এটাৰ ওপৰত বাঁহৰ চাং সাজি তাত বেদী স্থাপন কৰা হয়৷ এই বেদীৰ ওপৰতে পূজাৰ সকলো কাৰ্য সম্পন্ন কৰা হয়৷ হোজাইক উপস্থিত অন্যসকলে পূজা কৰাত সহায় কৰে৷ দাখিনচা পূজাত হাঁহ বা ছাগলীৰ পৰিৱৰ্তে কুকুৰা বলি দিয়া হয়৷ (৩) হাচং পূজা:- হাচং পূজাৰ বাবেও গাঁৱৰ বাহিৰৰ কোনো ডাঙৰ গছৰ তলৰ ঠাইৰ প্ৰয়োজন হয়৷ আনকেইটা পূজাৰ দৰে এই পূজাতো প্ৰসাদ হিচাপে ফলমূল আৰু চাউল লাগে৷ হাচং পূজাত কুকুৰা বলি দিয়া হয়৷ (৪) চগ পূজা:- হাজা গেৰবা পূজাৰ চাৰিওটা পূজাৰ ভিতৰত চগ পূজাৰ কিছু অমিল দেখা যায়৷ গাঁৱৰ বাহিৰৰ কোনো বৰগছৰ তলত বেদী সাজি পূজাৰ যোগাৰ কৰে৷ প্ৰসাদ হিচাপে ফলমূল ব্যৱহাৰ কৰা হয়৷ চগ পূজাত কুকুৰা বলি দিয়া নহয়৷ এই পূজাত দেৱতাৰ সন্তুষ্টিৰ বাবে কুকুৰাটো বেদীৰ সম্মুখত মৰিয়াই মৰিয়াই মৰা হয়৷[2] এইদৰে চাৰিওটা পূজা শেষ কৰি পুৰুষসকল গাঁৱলৈ উভতি আহে৷ এই পূজা কৰিলে গাঁৱত মাৰি-মাৰক, অপায়-অমঙ্গল হ’ব নোৱাৰে বুলি বিশ্বাস কৰা হয়৷

  1. উত্তৰ পূৰ্বঞ্চলৰ জনজাতি৷ মৃগেন শৰ্মা৷
  2. উত্তৰ কাছাৰ পাহাৰৰ লোকসংস্কৃতি ধৰ্মেশ্বৰ দুৱৰা৷