চাৰুল পৰৱ
পালন কৰে | চাহ জনগোষ্ঠী |
---|---|
প্ৰকাৰ | লোক উৎসৱ ভাৰতীয় উৎসৱ |
চাৰুল পৰৱ হৈছে চাহ জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ। চ'ত মাহৰ পঞ্চমী, সপ্তমী আৰু নৱমী তিথিত এই উৎসৱ পালন কৰা হয়।[1] চাহ জনগোষ্ঠীয়সকলে এই উৎসৱত নবিধ শাক একেলগে খায়। ঘৰে-ঘৰে নৃত্য-গীত গাই গৃহস্থক বছৰটোৰ বাবে আশীৰ্বাদ দিয়ে। এই পৰৱটোক মুণ্ডা খাড়িয়াসকলে 'বাতছাৱলী', মুণ্ডাৰীসকলে 'গেছেগড়', কুৰ্মীসকলে 'ৰূপবাৰেখ' আৰু গড়সকলে 'গ্ৰেডা নাচ' বুলি কয়।
‘অসমৰ চাহ জনগোষ্ঠীৰ সমাজ আৰু সংস্কৃতি’ গ্ৰন্থত উল্লেখ আছে এনেদৰে- মাঝি, ৰাউতীয়া, তেলী, মুন্দা আদি সম্প্ৰদায়ৰ লোকসকলে চ'ত বহাগ মাহত ঘৰে ঘৰে চাৰুল পূজা নামৰ উৎসৱ পালন কৰে। এই উৎসৱ দুদিনীয়াকৈ পালন কৰা হয়। প্ৰথম দিনা ন-বিধ তৰকাৰীৰে আহাৰ খোৱা "ন-খোৱা উৎসৱ" আৰু দ্বিতীয় দিনা ফুল পূজা পতা হয়। ফুল পূজাত ঘৰে ঘৰে ফুল আৰি দিয়া হয়। লগতে তেওঁলোকে নিজেও কাণত ফুল গুজি লয়। এই উৎসৱত ফাগুৱা পৰৱৰ নিচিনাকৈ ইজনে সিজনৰ গালৈ পানী, বোকা আদি ছটিয়া কৰি খেলা কৰে। এইদৰে চাৰুল পূজা পালন নকৰা কোনো-কোনোৱে ফাগুন মাহত ফাগুৱা পৰৱত সাধাৰণতে ভাগ নলয়। তেওঁলোকে বিশ্বাস কৰে যে চাৰুল পূজা নপতাকৈ ফাঁকু খেলিব নাপায়।[2]
বিৱৰণ
[সম্পাদনা কৰক]অসমৰ বিভিন্ন জনজাতীয় গোষ্ঠীসমূহৰ ভিতৰত চাহ জনজাতীয় লোকসকল অন্যতম। এওঁলোক মূলতঃ চাহ বাগান আৰু কৃষিৰ লগত জড়িত। বছৰৰ বিভিন্ন মাহত এই লোকসকলে কৃষিৰ শ্ৰীবৃদ্ধি তথা জাতিটোৰ সৰ্বাংগীণ উন্নতিৰ বাবে বিভিন্ন উৎসৱ-পাৰ্বৰ্ণ আদি পালন কৰা দেখা যায়। ইয়াৰ ভিতৰত বসন্তকালত পালন কৰা এক কৃষিভিত্তিক উৎসৱৰ নাম হ’ল চাৰুল পৰৱ। চ'ত মাহৰ পঞ্চমী, সপ্তমী আৰু নৱমী তিথিত এই উৎসৱ পালন কৰা হয়।
এই সময়ছোৱাত চাহ শ্ৰমিকসকলে ঘৰে ঘৰে ন বিধ আঞ্জাৰে খোৱা লোৱাৰ আয়োজন কৰে। বিশ্বাস আছে যে এনে কৰিলে বিভিন্ন বেমাৰ আজাৰৰপৰা হাত সাৰি থাকিব পাৰি। উৎসৱৰ দিনা উপবাসে থাকি গোসাঁই ঘৰ (মাড়ৈঘৰ)-ত কুকুৰা বলি দি দেৱতাক আৰাধনা কৰে। ইয়াৰ পিছত তেওঁলোকে গাঁৱৰ আটায়ে লগ লাগি ঘৰে ঘৰে নাচি ফুৰে আৰু গৃহস্থক একোপাহ ফুল মূৰত দি মংগল কামনা কৰি আশীৰ্বাদ দিয়ে। এই দলত গাঁৱৰ মুখিয়াল ফুলধৰিয়া পাহান আৰু কটোৱালো উপস্থিত থাকে। এই উৎসৱত চাহ জনজাতিসকলৰ বিভিন্ন গোষ্ঠীৰ বিশেষকৈ ওৰাং খাড়িয়া, চাওঁতাল, মুণ্ডা, মাঝি আদিৰ লোকসকলে বৰ আস্তৰিকতাৰে সমিলমিলেৰে ভাগ লয়। চাহ জনজাতিসকলৰ ঐক্য-সংহতি, শাস্তি সম্প্ৰীতিৰ প্ৰতীক স্বৰূপ এই চাকল পৰৱযদিও বিভিন্ন সম্প্ৰাদায়ৰ লোকসকলে একেলগে এই উৎসৱ পালন কৰে তথাপি কিছুমান ৰীতি-নীতিৰ ইফাল সিফাল হোৱা দেখা যায়। মুণ্ডা, খাড়িয়াসকলৰ এই উৎসৱটোক বেওছাৱলী পৰৱবুলি কোৱা হয় আৰু তেওঁলোকে এই উৎসৱ জেঠ-আহাৰ মাহত সোণাৰ ফুলাৰ সময়ত পালন কৰে। চাহ জনজাতিসকলৰ এই বসন্তকালীন উৎসৱ চাৰুল পৰৱত বিভিন্ন খেল-ধেমালি আৰু ৰং-ৰহইচৰ আয়োজন কৰা দেখা যায়। মূলত চাহ জনজাতীয় লোকসকলৰ এই উৎসৱে অকল জনজাতীয় সংস্কৃতিয়ে নহয় সমগ্ৰ অসমীয়া সংস্কৃতিকে সমৃদ্ধিশালী কৰি তুলিছে।[1]