লঙ্কিনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হনুমান আৰু লংকিনীৰ মাজত সংঘৰ্ষ।

লঙ্কিনী প্ৰাচীন হিন্দু মহাকাব্য ৰামায়ণত বৰ্ণিত এগৰাকী শক্তিশালী ৰাক্ষসী আছিল। তেওঁৰ নামৰ আক্ষৰিক অৰ্থ হৈছে "লংকাৰ দেৱতা" কিয়নো তেওঁ চহৰখনৰ একমাত্ৰ মহিলা ব্যক্তিত্ব আছিল যি লংকাৰ দুৱাৰৰ অভিভাৱকত্ব লাভ কৰিছিল।[1]

ব্ৰহ্মৰ অভিশাপ[সম্পাদনা কৰক]

ৰামায়ণ অনুসৰি, লঙ্কিনী এসময়ত ব্ৰহ্মাৰ বাসস্থানৰ অভিভাৱক আছিল। যেতিয়া তেওঁ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ঘৰটো সুৰক্ষিত ৰাখিছিল, সেই সময়ত তেওঁ নিজৰ স্থিতি সম্পৰ্কে অহংকাৰী হৈ পৰিছিল। তেওঁ ৰাজপ্ৰাসাদৰ আনসকলক ঘৃণাৰ দৃষ্টিৰে চাবলৈ ধৰিলে আৰু ব্যৱহাৰ আদিত কঠোৰতা অৱলম্বন কৰে। এই কাৰণত তেওঁক ব্ৰহ্মাই ৰাক্ষসৰ চহৰখন চিৰদিনৰ বাবে ৰক্ষা কৰিবলৈ অভিশাপ দিয়ে। লংকিনীয়ে নিজৰ ভুল অনুভৱ কৰি ব্ৰহ্মাৰ ওচৰত ক্ষমা বিচাৰিছিল। অৱশ্যে, ব্ৰহ্মাৰ বাবে এই অভিশাপ ঘূৰাই লোৱাটো সম্ভৱ নাছিল, আৰু তাৰ পৰিৱৰ্তে ব্ৰহ্মাই তেওঁক এটা আশীৰ্বাদ দিছিল যে- যেতিয়া এটা বান্দৰে তেওঁক যুঁজত পৰাজিত কৰিব আৰু এনেদৰে তেওঁ ৰাক্ষস স্বৰূপক শেষ কৰিব তেতিয়াহে তেওঁ এই অভিশাপৰ পৰা মুক্ত হ'ব। [1][2]

হনুমানৰ সৈতে মুখামুখি[সম্পাদনা কৰক]

ৰামায়ণৰ বৰ্ণনা অনুসৰি বনবাসৰ সময়ত স্বামীৰ অনুপস্থিতিত লংকাৰ ৰজা ৰাৱণৰ হাতত সীতাৰ হৰণ হয়। সীতাক বিচাৰি বনত ঘূৰি ফুৰা অৱস্থাত ৰাম লক্ষ্মণে হনুমান আৰু সুগ্ৰীৱৰে মিত্ৰতা কৰি সীতাৰ সন্ধানত হনুমানক লংকালৈ পঠিয়াই, কাৰণ সেতু অবিহনে সমুদ্ৰৰ সিপাৰৰ লংকালৈ যোৱাৰ ক্ষমতা কেৱল হনুমানৰহে আছিল। হনুমানে সীতাক বিচাৰি লংকাত প্ৰৱেশ কৰাৰ সময়ত লংকতাৰ দুৱাৰমুখত লঙ্কিনীৰ সৈতে মুখামুখি হৈছিল। যেতিয়া লঙ্কিনীয়ে তেওঁৰ পৰিচয় আৰু ভ্ৰমণৰ উদ্দেশ্যৰ বিষয়ে সুধিছিল, হনুমানে তেওঁৰ লক্ষ্য সম্পৰ্কে কোনো কথা প্ৰকাশ কৰিব নিবিচাৰিছিল আৰু চতুৰতাৰে উত্তৰ দিছিল যে তেওঁ লংকাৰ বিখ্যাত চহৰ আৰু ইয়াৰ সৌন্দৰ্য চাবলৈ আকাংক্ষা কৰি অৰণ্যৰ পৰা আহিছে। এই কথাত লঙ্কিনীয়ে হনুমানক এজন অনুপ্ৰৱেশকাৰী বুলি মানি লৈ আক্ৰমণ কৰে। এগৰাকী মহিলা বুলি জানি হনুমানে লংকিনীৰ সৈতে যুজঁ দিব নিবিচাৰে আৰু লাহেকৈ তেওঁৰ পিঠিত আঘাত কৰে যাতে তেওঁ পৰি যায় আৰু ৰক্তক্ষৰণ হয়। এই আঘাতত হতভম্ব আৰু বিভ্ৰান্ত লঙ্কিনীয়ে লগে লগে অনুভৱ কৰে যে তেওঁৰ প্ৰতিদ্বন্দ্বী কেৱল এটা সাধাৰণ বান্দৰ নহয় আৰু ব্ৰহ্মাৰ ভৱিষ্যতবাণী সঁচা হৈছে বুলি উপলব্ধি কৰি ক্ষমা বিচাৰে। হনুমানে তেওঁক ক্ষমা কৰে। যেতিয়া তেওঁ লঙ্কিনীক এৰি লংকালৈ অন্বেষণ অব্যাহত ৰাখিবলৈ প্ৰস্তুত হয় সেই সময়তে লংকিনী তেওঁৰ অভিশাপৰ পৰা মুক্ত হৈ পৰে।[3] [4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Kishore, B.R. (1995). Ramayana. Diamond Pocket Books. ISBN 9789350837467. https://books.google.com/books?id=PaKLCgAAQBAJ। আহৰণ কৰা হৈছে: 2017-01-08. 
  2. Yedavalli, S.K. (2015). Ramayan. Lulu.com. ISBN 9781304901002. https://books.google.com/books?id=2gxSCAAAQBAJ। আহৰণ কৰা হৈছে: 2017-01-08. [সংযোগবিহীন উৎস]
  3. Ramayan: India's Classic Story of Divine Love: P. R. Mitchell: 9780595507634: Amazon.com: Books. February 2009. ISBN 978-0595507634. 
  4. Pattanaik, Devdutt (2015). The Book of Ram. ISBN 978-0143065289.