দনু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(দানুৰ পৰা পুনঃনিৰ্দেশিত)
দনু
দানৱৰ মাতৃ
সঙ্গী কাশ্যপ
পিতৃ-মাতৃ দক্ষ আৰু পাঞ্চজানী
সহোদৰ অদিতি, দানায়ুস, দনু, দিতি, কালিকা, কপিলা, ক্ৰোধাৱাসা, সুৰসা, মুনি, সিংহিকা, বিনতা, সতী, আদি
সন্তান শুম্ভ, নিশুম্ভ, নমুছি

হিন্দু কিংবদন্তি মতে দনু (সংস্কৃত: दनु) হৈছে দানৱসকলৰ মাতৃ। ঋকবেদতো দনু নামৰ এগৰাকী হিন্দু প্ৰাথমিক দেৱীৰ কথা উল্লেখ কৰা হৈছে। ঋকবেদত দনুক ইন্দ্ৰ বধ কৰা বৃত্ৰ নামৰ এটা পৈশাচিক সৰ্পৰ মাতৃ বুলি কোৱা হৈছে।[1] পৰৱৰ্তী কালত তেওঁক প্ৰজাপতি দক্ষ আৰু তেওঁৰ পত্নী পাঞ্চজানী কন্যা আৰু ঋষি কাশ্যপৰ সহধৰ্মিনী বুলি কোৱা হৈছে।[2][3] দনুৰ তিনিজন উল্লেখযোগ্য পুত্ৰ হৈছে শুম্ভ, নিশুম্ভ, নমুছি।[3]

নাম[সম্পাদনা কৰক]

“বৰষুণ” বা “তৰল”ৰ বাবে ব্যৱহাৰ কৰা শব্দ হিচাপে দনু শব্দটো আবেস্তা ভাষাৰ (Avestan) দনু (dānu) অৰ্থাৎ "নদী", আৰু লগতে ডন, ডানুবি, ডিনিপাৰ, ডিনিষ্ট্ৰ আদি নদীৰ নামৰ সৈতে তুলনা কৰা হয়। নেপালত দনু নামৰ এখন নদী আছে। "তৰল" শব্দটো সাধাৰণতে নিৰপেক্ষ, কিন্তু ঋকবেদত ইয়াক স্ত্ৰীবাচক শব্দ হিচাপে ব্যৱহাৰ কৰা দেখা যায়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Kinsley, David (1987, reprint 2005). Hindu Goddesses: Visions of the Divine Feminine in the Hindu Religious Tradition, Delhi: Motilal Banarsidass, আই.এচ.বি.এন. 81-208-0394-9. p. 16.
  2. The European discovery of India; key indological sources of romanticism. Ganesha Publishing. "Danu, d. of Daksha, w. of Kasyapa.”
  3. 3.0 3.1 ৰুচিনাথ বিপ্ৰ. শ্ৰীশ্ৰীচণ্ডী. নবীনচন্দ্ৰ ভট্টাচাৰ্য্য. পৃষ্ঠা. ৪৯. https://as.wikisource.org/wiki/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%9A%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%80.