সমললৈ যাওক

ৰিতু ৰাণী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰিতু ৰাণী
ব্যক্তিগত তথ্য
জন্ম২৯ ডিচেম্বৰ, ১৯৯১ (৩৪ বছৰ)
হাৰিয়ানা, ভাৰত
স্থানফিল্ড হকী, হাফ বেক
ৰাষ্ট্ৰীয় দল
বৰ্ষদলখেলগ'ল
২০০৬-ভাৰত২৪০(১৬)
অন্তিম সংশোধন কৰা হৈছে: ১৬ ডিচেম্বৰ,

ৰিতু ৰাণী (ইংৰাজী: Ritu Rani, জন্ম ২৯ ডিচেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন অধিনায়ক। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দলটোত 'হাফবেক' হিচাপে খেলে।[1] ৰাণীয়ে দলটোক ২০১৪ চনৰ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক বিজয়ত নেতৃত্ব দিছিল। লগতে তেওঁৰ অধিনায়কত্বত দলটোৱে ২০১৪-১৫ মহিলা এফআইএইচ হকী ৱৰ্ল্ড লীগ ছেমিফাইনেলত পঞ্চম স্থান লাভ কৰাৰ পিছতেই ৩৬ বছৰৰ পিছত মহিলাৰ দলটোৱে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে।[2]

প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

ৰিতু ৰাণীৰ জন্ম হৈছিল ১৯৯১ চনৰ ২৯ ডিচেম্বৰত হাৰিয়ানাত। তেওঁ হাৰিয়ানাৰ শ্বাহবাদ মাৰ্কন্দাৰ শ্ৰী গুৰু নানক দেৱ ছিনিয়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।[3] তেওঁ ৯ বছৰ বয়সত হাতত হকী তুলি লৈছিল আৰু শ্বাহবাদ মাৰ্কন্দাৰ শ্বাহবাদ হকী একাডেমীত প্ৰশিক্ষণ আৰম্ভ কৰিছিল।[4] ৰাণীয়ে ২০১৪ চনলৈকে ভাৰতীয় ৰেলৱেত চাকৰি কৰিছিল, পিছত তেওঁ এই চাকৰি বাদ দি হাৰিয়ানা আৰক্ষীত যোগদান কৰে।[5]

কেৰিয়াৰ

[সম্পাদনা কৰক]

ৰাণীয়ে ২০০৬ চনত ভাৰতীয় মহিলাৰ জ্যেষ্ঠ দলটোত আত্মপ্ৰকাশ কৰি দোহাৰ এছিয়ান গেমছত প্ৰথমখন খেল খেলিছিল। তেওঁ মাদ্ৰিদত ২০০৬ চনৰ বিশ্বকাপ খেলা ভাৰতীয় মহিলা হকী দলটোৰ অংশ আছিল, আৰু সেই সময়ত ১৪ বছৰীয়া খেলুৱৈ হিচাপে তেওঁ উক্ত দলৰ কনিষ্ঠতম সদস্য আছিল। ২০০৯ চনত ৰাছিয়াৰ কাজানত অনুষ্ঠিত দ্বিতীয় চেম্পিয়নছ চেলেঞ্জ প্ৰতিযোগিতা খনত ভাৰতে জয়লাভ কৰে, ৰাণীয়ে তেওঁৰ নামত আঠটা গ'ল দি শীৰ্ষ স্ক'ৰ হিচাপে খেল শেষ কৰিছিল।[4] ২০১১ চনত তেওঁ দলটোৰ অধিনায়ক হিচাপে নিযুক্ত হৈছিল। তেওঁৰ নেতৃত্বত, দলটোৱে ২০১৩ চনত কুয়ালালামপুৰত অনুষ্ঠিত এছিয়া কাপ আৰু দক্ষিণ কোৰিয়াৰ ইনচিয়নত অনুষ্ঠিত ২০১৪ চনৰ এছিয়ান গেমছত তৃতীয় স্থান লাভ কৰিছিল।[6]

২০১৫ চনৰ গ্ৰীষ্মকালত যেতিয়া ভাৰতে ২০১৪-১৫ বৰ্ষৰ মহিলা এফআইএইচ হকী বিশ্ব লীগৰ ৰাউণ্ড ২ আয়োজন কৰিছিল, ৰাণীয়ে দলটোক পৰৱৰ্তী পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ শীৰ্ষস্থানত ৰাখিছিল। তেওঁ এণ্টৱাৰ্পত অনুষ্ঠিত ৱৰ্ল্ড লীগ ছেমিফাইনেলতো দলটোক নেতৃত্ব দিছিল আৰু দলটোৱে শ্ৰেণীবিভাজন খেলত উচ্চ স্থানত থকা জাপানক পৰাস্ত কৰি পঞ্চম স্থানত আছিল।[7] ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দলে এনেদৰে তেওঁৰ অধিনায়কত্বত ১৯৮০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ পিছত প্ৰথমবাৰৰ বাবে ২০১৬ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয়।[8][9]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

২০১৬ চনত ভাৰত চৰকাৰে ৰিতু ৰাণীক অৰ্জুন বঁটা প্ৰদান কৰি সন্মানিত কৰে।[10][11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Eves' hockey is on the right track: Ritu Rani". Deccan Herald. 10 April 2014. http://www.deccanherald.com/content/398219/eves039-hockey-right-track-ritu.html আহৰণ কৰা হৈছে: 10 October 2014.
  2. "Ritu Rani". 2014 Commonwealth Games, Glasgow. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304205800/http://results.glasgow2014.com/athlete/table_tennis/1008690/ritu_rani.html আহৰণ কৰা হৈছে: 8 July 2015.
  3. "Interview with Ritu Rani: Must improve penalty corner conversions". Sportskeeda. 8 December 2012. http://www.sportskeeda.com/hockey/interview-with-ritu-rani-must-improve-penalty-corner-conversions আহৰণ কৰা হৈছে: 10 October 2014.
  4. 1 2 "Hockey girls make Indian town of Shahbad famous". International Hockey Federation. 4 August 2009. http://www.fih.ch/en/news-2187-hockey-girls-make-indian-town-of-shahbad আহৰণ কৰা হৈছে: 10 October 2014.
  5. "Ritu Rani: Need more jobs for women hockey players". Sportskeeda. 6 October 2014. http://www.sportskeeda.com/hockey/exclusive-interview-ritu-rani-need-more-jobs আহৰণ কৰা হৈছে: 10 October 2014.
  6. "India win women's Asia Cup hockey bronze". Rediff.com. 27 September 2013. http://www.rediff.com/sports/report/india-win-womens-asia-cup-hockey-bronze/20130927.htm আহৰণ কৰা হৈছে: 10 October 2014.
  7. Press Trust of India (2015-07-06). "On the verge of Olympic qualification, Indian women's hockey team arrive to grand welcome". Firstpost. http://www.firstpost.com/sports/verge-olympic-qualification-indian-womens-hockey-team-arrive-grand-welcome-2329378.html আহৰণ কৰা হৈছে: 2015-08-29.
  8. "Chak De Moment For India". India Today. 2015-08-29. https://www.youtube.com/watch?v=0f9qKU8l95w আহৰণ কৰা হৈছে: 2015-08-29.
  9. Bose, Adrija (2015-08-29). "India Women's Hockey Team Bags Historic 2016 Rio Olympic Berth After 36 Years". Huffington Post. http://www.huffingtonpost.in/2015/08/29/womens-hockey-team-_n_8057566.html আহৰণ কৰা হৈছে: 2015-08-29.
  10. "National Sports Awards – 2016". pib.nic.in. http://pib.nic.in/newsite/PrintRelease.aspx?relid=149084 আহৰণ কৰা হৈছে: 2017-08-23.
  11. "Arjuna Award for Rani, Raghunath recommended" (en ভাষাত). The Hindu. http://www.thehindu.com/sport/hockey/hockey-indias-statement-said-ritu-rani-vr-raghunath-recommended-for-arjuna-award/article8584523.ece আহৰণ কৰা হৈছে: 2017-08-23.