ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰত
ভাৰত
উপনাম নভৱৰ্ণা
সংস্থা হকী ইণ্ডিয়া
কনফেডাৰেচন এছিয়ান হকী ফেডাৰেচন (এছিয়া)
প্ৰশিক্ষক স্জোয়াৰ্ড মাৰিজনে
সহকাৰী প্ৰশিক্ষক এৰিক ৱনিংক
মেনেজাৰ কুমাৰ চি আৰ
অধিনায়ক ৰাণী ৰামপাল
Team colours Team colours Team colours
Team colours
Team colours
স্ব-ভূমি
Team colours Team colours Team colours
Team colours
Team colours
বিদেশ-ভূমি
আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচন ৰেংকিং
বৰ্তমান বৃদ্ধি ২ (২ আগষ্ট ২০২১)[1]
সৰ্বোচ্চ (আগষ্ট ২০২১)
অলিম্পিক
অংশগ্ৰহণ ৩ (১৯৮০ চনত প্ৰথম)
শ্ৰেষ্ঠ ফলাফল ৪ৰ্থ (১৯৮০, ২০২০)
মহিলাৰ
অংশগ্ৰহণ ৭ (১৯৭৪ চনত প্ৰথম)
শ্ৰেষ্ঠ ফলাফল ৪ৰ্থ (১৯৭৪)
এছিয়ান গেমছ
অংশগ্ৰহণ ১০ (১৯৮২ চনত প্ৰথম)
শ্ৰেষ্ঠ ফলাফল Gold বিজয়ী (১৯৮২)
এছিয়া কাপ
অংশগ্ৰহণ ৮ (১৯৮৯ চনত প্ৰথম)
শ্ৰেষ্ঠ ফলাফল Gold বিজয়ী (২০০৪, ২০১৭)

ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দলে আন্তঃৰাষ্ট্ৰীয় ফিল্ড হকী প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে, এই দল হকী ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত। নভৱৰ্ণা নামৰে পৰিচিত এই দলে আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচনৰ বিশ্ব ৰেংকিঙত ২০২১ চনৰ আগষ্টৰ অনুসৰি সপ্তম স্থানত আছে আৰু এছিয়াৰ শ্ৰেষ্ঠ দল হিচাপে স্থান লাভ কৰিছে। দলটোৱে ২০০২ কমনৱেলথ গেমছ আৰু ১৯৮২ এছিয়ান গেমছত স্বৰ্ণ পদক জয় কৰিছে। তেওঁলোকে ২০০৪ আৰু ২০১৭ চনত দুবাৰকৈ মহিলা এছিয়া কাপ জিকিছে। দলটোৱে ২০১৬ চনত এছিয়ান চেম্পিয়নছ ট্ৰফীও জিকিছিল। ২০১২ চনত অনুষ্ঠিত ২০২০ টকিঅ' গ্ৰীষ্মকালীন অলিম্পিকত[2] দলটোৱে প্ৰথমবাৰৰ বাবে মহিলা হকীৰ অলিম্পিক প্ৰতিযোগিতাত ছেমি ফাইনেলত উপনীত হৈছিল কিন্তু ছেমিফাইনেলত আৰ্জেণ্টিনাৰ হাতত[3] আৰু তাৰ পাছত ব্ৰঞ্জৰ পদকৰ খেলত গ্ৰেট ব্ৰিটেইনৰ হাতত[4] পৰাস্ত হোৱাৰ ফলত চতুৰ্থ স্থান লাভ কৰি কোনো পদক অৰ্জন কৰাত ব্যৰ্থ হয়।

প্ৰদৰ্শনৰ ইতিহাস[সম্পাদনা কৰক]

ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দলটোৰ প্ৰথম সফল প্ৰদৰ্শন আছিল ১৯৭৪ চনত মাণ্ডেলিউত অনুষ্ঠিত মহিলা হকী বিশ্বকাপত, য'ত তেওঁলোকে চতুৰ্থ স্থান লাভ কৰিছিল। অলিম্পিকত তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ১৯৮০ চনৰ মস্কো গ্ৰীষ্মকালীন অলিম্পিকত যেতিয়া অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মহিলাৰ হকী প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল, তাত তেওঁলোক চতুৰ্থ স্থানত আহিছিল। দলটোৱে ১৯৮২ চনত নতুন দিল্লীত অনুষ্ঠিত প্ৰথম এছিয়ান গেমছত ফাইনেলত কোৰিয়াক পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে।

২০০২ চনৰ কমনৱেলথ গেমছ,[5] ২০০৩ চনৰ আফ্ৰো-এছিয়ান গেমছ আৰু ২০০৪ চনৰ মহিলা হকী এছিয়া কাপৰ সময়ত কেপ্টেইন সুৰজ লতা দেৱীয়ে দলটোক একেৰাহে তিনি বছৰৰ বাবে স্বৰ্ণ পদক লাভ কৰাত সফল কৰিছিল। ২০০৪ চনৰ জয়ৰ পিছত দলৰ সদস্যসকলক "আচি (জছজিৎ) জৈচি কোই নেঁহি" বা "হকীৰ সোণালী ছোৱালী" বুলি কোৱা হৈছিল।[6] ২০০২ চনৰ কমনৱেলথ গেমছত দলটোৱে কেপ্টেইন সুৰজ লতা দেৱীৰ নেতৃত্বত অংশগ্ৰহণ কৰিছিল। দলটোৱে নিউজিলেণ্ডক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল[7] আৰু ইংলেণ্ডক পৰাস্ত কৰি স্বৰ্ণ পদক জয় কৰিছিল।[5][8][9] এই পৰিঘটনাটোৱে ২০০৭ চনত মহিলাৰ ফিল্ড হকীক লৈ নিৰ্মিত বলিউডৰ 'চক দে! ইণ্ডিয়া' চলচ্চিত্ৰখনৰ অনুপ্ৰেৰণা হিচাপে কাম কৰিছিল।[10]

দলটোৱে ২০১৩ চনত কুৱালালামপুৰত অনুষ্ঠিত মহিলা হকী এছিয়া কাপত চীনক শ্বুটআউটত পৰাস্ত কৰি তৃতীয় স্থান অৰ্জন কৰিছিল।[11] ২০১৪ চনৰ কমনৱেলথ গেমছত দলটোৱে পঞ্চম স্থানত থাকে; ২০১৪ চনৰে ইন্সিয়ন এছিয়ান গেমছত জাপানক এক কঠিন প্ৰতিদ্বন্দ্বিতাৰ খেলত ২-১ গ'লত পৰাস্ত কৰি এছিয়ান গেমছত তেওঁলোকৰ তৃতীয় ব্ৰঞ্জৰ পদক অৰ্জন কৰে।[12] ২০১৫ চনৰ গ্ৰীষ্মকালত দলটোৱে ২০১৪-১৫ মহিলা এফ আই এইচ হকী ৱৰ্ল্ড লীগৰ ৰাউণ্ড ২ আয়োজন কৰে আৰু শীৰ্ষস্থান দখল কৰি পৰৱৰ্তী পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰে। এণ্টৱাৰ্পত অনুষ্ঠিত ৱৰ্ল্ড লীগ ছেমিফাইনেলত দলটোৱে শ্ৰেণীবিভাজন খেলত উচ্চ স্থানত থকা জাপানক পৰাস্ত কৰি পঞ্চম স্থান লাভ কৰে।[13] ভাৰতীয় মহিলাৰ ৰাষ্ট্ৰীয় ফিল্ড হকী দলে ১৯৮০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ পিছত প্ৰথমবাৰৰ বাবে ২০১৬ গ্ৰীষ্মকালীন অলিম্পিকৰ[14][15] বাবে যোগ্যতা অৰ্জন কৰে।[14][16] তেওঁলোক গ্ৰুপ পৰ্যায়ত বাহিৰ হৈ ৬ষ্ঠ স্থান লাভ কৰিছিল।

২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত ৰাণী ৰামপালৰ নেতৃত্বত ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দলে ১৯৮০ চনৰ পাছত প্ৰথমবাৰ বাবে ছেমিফাইনেলত প্ৰৱেশ কৰে। পিছে ছেমিফাইনেলত আৰ্জেণ্টিনাৰ হাতত ২-১ ব্যৱধানত আৰু ব্ৰঞ্জৰ পদকৰ খেলত ২০১৬ ৰ বিজয়ী গ্ৰট ব্ৰিটেইনৰ হাতত ৪-৩ ব্যৱধানত পৰাস্ত হৈ চতুৰ্থ স্থান লাভ কৰে। ১৯৮০ চনৰ পাছত অলিম্পিকত মহিলা দলটোৰ আছিল সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "FIH Men's and Women's World Ranking". http://www.fih.ch/rankings/outdoor. 
  2. "Tokyo Olympics 2021 Live: India vs Australia women's hockey quarterfinal underway" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/sports/tokyo-olympics/tokyo-olympics-2021-live-updates-kamalpreet-kaur-olympic-games-tokyo-2020-india-day-11/liveblog/84962050.cms। আহৰণ কৰা হৈছে: 2021-08-02. 
  3. Livemint (2021-08-04). "Tokyo Olympics: India women lose hockey semi-final 1-2 to Argentina" (en ভাষাত). mint. https://www.livemint.com/sports/olympics-news/tokyo-olympics-india-women-lose-hockey-semi-final-1-2-to-argentina-11628073719897.html। আহৰণ কৰা হৈছে: 2021-08-06. 
  4. Aug 2021, Times Now | 06; Ist, 09:18 Am. "Tokyo Olympics 2020: Indian women's hockey team lose 3-4 to Great Britain in Bronze-medal match". The Economic Times. https://economictimes.indiatimes.com/news/sports/tokyo-olympics-2020-indian-womens-hockey-team-lose-3-4-to-great-britain-in-bronze-medal-match/videoshow/85090108.cms। আহৰণ কৰা হৈছে: 2021-08-06. 
  5. 5.0 5.1 "2002 Manchester: The XVII Commonwealth Games". 2002 Manchester: The XVII Commonwealth Games. 2002. Archived from the original on 3 March 2016. https://web.archive.org/web/20160303190932/http://m2002.thecgf.com/results/default.asp?ID=MC&Content=IND_md&Type=Medal। আহৰণ কৰা হৈছে: 17 August 2021. 
  6. Pandey, Vineeta (15 February 2004). "Indian Sportswomen: Still the Second Sex". The Times of India. http://timesofindia.indiatimes.com/Indian-sportswomen-Still-the-second-sex/articleshow/497363.cms?। আহৰণ কৰা হৈছে: 12 April 2008. 
  7. "Indian women stun Kiwis". BBC. 1 August 2002. http://news.bbc.co.uk/sport3/commonwealthgames2002/hi/hockey/newsid_2166000/2166787.stm। আহৰণ কৰা হৈছে: 12 April 2008. 
  8. "India deny England gold". BBC. 3 August 2002. http://news.bbc.co.uk/sport3/commonwealthgames2002/hi/hockey/newsid_2170000/2170576.stm। আহৰণ কৰা হৈছে: 12 April 2008. 
  9. "Indian eves win Commonwealth hockey gold". Rediff.com. 3 August 2002. http://www.rediff.com/sports/2002/aug/03hock1.htm। আহৰণ কৰা হৈছে: 12 April 2008. 
  10. Zanane, Anant; Das, Suprita (13 March 2008). "Women's hockey hopes to deliver". Sports. NDTV. Archived from the original on 30 January 2013. https://archive.today/20130130014858/http://sports.ndtv.com/othersports/hockey/item/43969-womens-hockey-hopes-to-deliver। আহৰণ কৰা হৈছে: 7 April 2008. 
  11. "India clinches bronze in Asia Cup hockey". The Hindu. 27 September 2013. http://www.thehindu.com/sport/hockey/india-clinches-bronze-in-asia-cup-hockey/article5175817.ece. 
  12. Press Trust of India (1 October 2014). "Indian women's hockey team wins Asiad bronze". Times of India. http://timesofindia.indiatimes.com/asian-games-2014/india-at-incheon/Indian-womens-hockey-team-wins-Asiad-bronze/articleshow/43986308.cms. 
  13. Press Trust of India (6 July 2015). "On the verge of Olympic qualification, Indian women's hockey team arrive to grand welcome". Firstpost. http://www.firstpost.com/sports/verge-olympic-qualification-indian-womens-hockey-team-arrive-grand-welcome-2329378.html. 
  14. 14.0 14.1 "Chak De Moment For India". India Today. 29 August 2015. https://www.youtube.com/watch?v=0f9qKU8l95w। আহৰণ কৰা হৈছে: 29 August 2015. 
  15. Bhagvatula, Shrikant (29 August 2015). "Chak De: Indian women's hockey team qualifies for Rio Olympics". Hindustan Times. Archived from the original on 29 August 2015. https://web.archive.org/web/20150829193147/http://www.hindustantimes.com/othersports/chak-de-indian-women-hockey-team--qualifies-for-rio-olympics/article1-1385359.aspx. 
  16. Bose, Adrija (29 August 2015). "India Women's Hockey Team Bags Historic 2016 Rio Olympic Berth After 36 Years". Huffington Post India. http://www.huffingtonpost.in/2015/08/29/womens-hockey-team-_n_8057566.html। আহৰণ কৰা হৈছে: 29 August 2015.