লজ্জা গৌৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লজ্জা গৌৰী
মধ্য প্ৰদেশত উদ্ধাৰ হোৱা ষষ্ঠ শতিকাৰ লজ্জা গৌৰীৰ ভাস্কৰ্য
মধ্য প্ৰদেশত উদ্ধাৰ হোৱা ষষ্ঠ শতিকাৰ লজ্জা গৌৰীৰ ভাস্কৰ্য
অধিকাৰ প্ৰাচুৰ্য, উৰ্বৰতা আৰু যৌনতাৰ দেৱী
গোত্ৰ দেৱী

লজ্জা গৌৰী (ইংৰাজী: Lajja Gauri) প্ৰাচুৰ্য, উৰ্বৰতা আৰু যৌনতাৰ সৈতে সম্পৰ্কিত এগৰাকী পদুম ফুলৰ দৰে মুৰযুক্ত হিন্দু দেৱী। তেওঁক লজ্জা বা লাজ দেৱী বুলিও অভিহিত কৰা হয়। তেওঁক কেতিয়াবা গৰ্ভধাৰণৰ বাহ্যিক লক্ষণ অবিহনে প্ৰসৱ ভংগীত দেখুওৱা হয়।[1] তেওঁ অশাস্ত্ৰীয় লৌকিক দেৱী। লজ্জা গৌৰীৰ প্ৰাৰম্ভিক বিৱৰণ সিন্ধু সভ্যতাৰ লোকসকলে লিপিবদ্ধ কৰা[2]শিলালিপিত পোৱা যায় যদিও পৰৱৰ্তী সময়ৰ বৰ্ণনাবোৰ প্ৰথম আৰু তৃতীয় শতিকাৰ। এই দেৱীৰ উপাসনা ভাৰতীয় উপমহাদেশৰ দক্ষিণ অঞ্চলত প্ৰচলিত আছিল।

মূৰ্তি[সম্পাদনা কৰক]

লজ্জা গৌৰীৰ মূৰ্তিসমূহত যৌনাংগ, যোনি বা গৰ্ভৰ সাংকেতিক প্ৰতিনিধিত্বৰ দ্বাৰা তেওঁৰ উৰ্বৰতাৰ দিশটোক গুৰুত্ব দিয়া হয়। ফুলি থকা পদুম ফুলক কিছুমান ক্ষেত্ৰত যৌৱন প্ৰাপ্তি আৰু আন কিছুমান ক্ষেত্ৰত এক উন্মুক্ত যোনি হিচাপে বৰ্ণনা কৰা হয়। সেয়ে প্ৰায়ে তেওঁৰ মুৰৰ স্থানত পদ্মফুল আৰু হাততো পদ্মফুল দেখা যায়। তেওঁৰ ভৰি খোলা মালাসন অৱস্থানত বহি থকা দেখুৱা হয়। এই অৱস্থানে সন্তান জন্মৰ সময়ৰ অৱস্থান দৰ্শায়। কিছুমান ক্ষেত্ৰত তেওঁৰ সোঁ ভৰিটো সম্পূৰ্ণ খোলাৰ সুবিধাৰ বাবে এক মঞ্চত ৰখা হয়। প্ৰচুৰ শস্য আৰু ভাল উৎপাদনৰ বাবে তেওঁক আবাহন কৰা হয়। তন্ত্ৰৰ ৰূপ হিচাপে তেওঁৰ মুৰ আৰু ডিঙৰ ঠাইত ফুলি থকা পদুম দেখুৱা হয়। তন্ত্ৰত মানৱশক্তি শৰীৰতন্ত্ৰৰ সাতটা চক্ৰ প্ৰায়ে ফুলি থকা পদুম হিচাপে দেখুওৱা হয়। লজ্জা গৌৰীক প্ৰায়ে তেওঁৰ শ্ৰী যন্ত্ৰত এক যোনি হিচাপে দেখুওৱা হয়। ইয়াক শ্ৰীযন্ত্ৰৰ কেন্দ্ৰত এক সৰলীকৃত ত্ৰিভুজ হিচাপে দেখুওৱা হয়। তদুপৰি প্ৰাচীন পৃথিৱীৰ বেছিভাগ উৰ্বৰতা দেৱী একেদৰে মুৰহীন দেখুওৱা হয় আৰু যৌনাঙ্গৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়।[3] দেৱীৰ বাহু ওপৰলৈ ভাঁজ থকা আৰু প্ৰতিখন হাতত এটা পদ্মৰ কাণ্ড ধৰি থাকে।

বৈদিক পৰম্পৰাত প্ৰমাণীকৰণযোগ্য পাঠৰ অনুপস্থিতিৰ বাবে তেওঁ প্ৰাচীন ভাৰতীয় হিন্দু ধৰ্মত উচ্চ স্থানৰ দেৱী বুলি গণ্য কৰা নহয়। সমগ্ৰ ভাৰতত বিশেষকৈ মধ্য ভাৰতৰ বাষ্টাৰৰ জনজাতীয় অঞ্চলত আৰু দক্ষিণলৈ বিয়পি থকা তেওঁৰ ভাস্কৰ্য সমূহে ইয়াকে সূচায় যে দেৱীৰ নিজৰ এটা সংস্কৃতি আছিল। দেৱীক কেতিয়াবা লাজ্জা গৌৰী বুলি কোৱা হয়, কিছুমানে সৃষ্টিকৰ্তা দেৱী[4] বা কেতিয়াবা কেৱল "মুণ্ডহীন দেৱী", বা অদিতি উতনাপদ[2] বুলি আধুনিক প্ৰত্নবিদ, শিক্ষাবিদ আৰু ইতিহাসবিদ সকলৰ দ্বাৰা ব্যাখ্যা কৰা হয়।[2]

উদ্ধাৰ হোৱা তেওঁৰ বেছিভাগ পোৰামাটিৰ মূৰ্তি গুপ্ত যুগ আৰু উত্তৰ গুপ্ত যুগৰ বুলি জানিব পৰা পোৱা গৈছে।[2]

উপাসনা[সম্পাদনা কৰক]

হিন্দু ধৰ্মৰ মাতৃ দেৱী হিচাপে তেওঁক লজ্জা গৌৰী, অদিতি, আদ্য শক্তি বুলিও কোৱা হয়। তদুপৰি মাতংগী আৰু ইয়ালাম্মা (সকলোৰে মাতৃ),[5] কোটাৰী, কোটাৱী (এক নগ্ন লোকদেৱী), কোট্টামাহিকা, কোটমাই, আৰু আন বহুতো নাম হিচাপে উৰ্বৰতাৰ দেৱী হিচাপে তেওঁক উপাসনা কৰা হয়। তেওঁ ধৰ্মীয় ব্যৱস্থাৰ আটাইতকৈ প্ৰাচীন দেৱী ৰূপ। লজ্জা গৌৰী উপাসনা ঘাইকৈ গুজৰাট, মহাৰাষ্ট্ৰ, মধ্য ভাৰতৰ জনজাতীয় অঞ্চল, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক আদিত কৰা হয়। মহাৰাষ্ট্ৰৰ অম্ৰাৱতীত লজ্জা গৌৰীৰ ১৫০-৩০০ খ্ৰীষ্টাব্দৰ এটা উল্লেখযোগ্য ভাস্কৰ্য পোৱা গৈছে।[6] বাদামি গুহা মন্দিৰৰ বাবে জনাজাত বাদামিৰ স্থানীয় পুৰাতাত্ত্বিক সংগ্ৰহালয়ত সংৰক্ষিত দেৱীৰ এটা ভাস্কৰ্য আছে। ইয়াক প্ৰকৃততে নাগনাথ মন্দিৰ, নাগনাথকোল্লা, বিজাপুৰ জিলাত পোৱা গৈছিল।[7] বাদামি চালুক্য স্থাপত্যত দেৱীৰ বাবে উৎসৰ্গিত এটা বৰ্তমানৰ মন্দিৰ আছে, যি খ্ৰীষ্টীয় ৬ষ্ঠ শতিকাৰ কালছোৱাত বিকাশ লাভ কৰা চালুক্য সাম্ৰাজ্যৰ চহৰৰ চৌহদত আছে।[8]

ড॰ ৰামচন্দ্ৰ চি. ধৰেৰ 'লজ্জা গৌৰী' গ্ৰন্থ অনুসৰি লাঞ্জ/লাঞ্জিকাৰ অৰ্থ হৈছে 'নগ্ন'। ই আমাক কংকাণৰ (মহাৰাষ্ট্ৰ) ভৌগোলিক অঞ্চলৰ কথা মনত পেলাই দিয়ে যাক লাঞ্জা বুলি কোৱা হয়।

অধিক পঢ়ক[সম্পাদনা কৰক]

  • Forms of the Goddess Lajja Gauri in Indian Art, by Bolon, Carol Radcliffe. 1992. আই.এচ.বি.এন. 978-0-271-00761-8.
  • The Universal Mother, by Shanti Lal Nagar. Published by Atma Ram & Sons, 1989. আই.এচ.বি.এন. 81-7043-113-1. Chapter 18: The Mother Goddess as Aditi/Lajja Gauri. Page 200
  • Nasim Khan, M. (2002)Lajja Gauri Seals and related antiquities from Kashmir Smast, Gandhara, South Asian studies, British Academy, London, ROYAUME-UNI (Revue). ISSN 0266-6030. 2002, vol. 18, pp.  83–90.
  • "Sacred Display: Divine and Magical Female Figures of Eurasia." Miriam Robbins Dexter and Victor H. Mair. Amherst, New York: Cambria Press, 2010

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Lotus-Headed Fertility Goddess Lajja Gauri". Metropolitan Museum of Art. Accessed 24 June 2018
  2. 2.0 2.1 2.2 2.3 Aditi Uttanapada (Lajja Gauri): Creatrix and Regenrator Images of Indian Goddesses: Myths, Meanings, and Models, by Madhu Bazaz Wangu. Published by Abhinav Publications, 2003. আই.এচ.বি.এন. 81-7017-416-3. Page 84-86.
  3. Iconography Of The Goddesses
  4. Book Review Forms of the Goddess Lajja Gauri in Indian Art, by Carol Radcliffe Bolon. 1992. আই.এচ.বি.এন. 978-0-271-00761-8.
  5. Chapter one:Left Halves The Goddess in India: The Five Faces of the Eternal Feminine, by Devdutt Pattanaik. Published by Inner Traditions / Bear & Company, 2000. আই.এচ.বি.এন. 0-89281-807-7. Page 4.
  6. George Abraham (1990-01-01). "sculpture of Lajja-Gauri". Huntington.wmc.ohio-state.edu. Archived from the original on 2012-07-10. https://archive.is/20120710113333/http://huntington.wmc.ohio-state.edu/public/index.cfm?fuseaction=showThisDetail&ObjectID=30031232। আহৰণ কৰা হৈছে: 2013-03-14. 
  7. Badami Travel Archived 2008-12-09 at the Wayback Machine Karnataka Travel.
  8. "The Lajja-Gouri Temple inside the Badami". Trekearth.com. 2008-04-09. http://www.trekearth.com/gallery/Asia/India/South/Karnataka/Badami/photo868895.htm। আহৰণ কৰা হৈছে: 2013-03-14. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]