সুদীপ্তা সেনগুপ্তা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
সুদীপ্তা সেনগুপ্তা
জন্ম ২৮ অক্টোবৰ ১৯৪৬
কলিকতা, ভাৰত
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ গাথঁনিক ভূবিজ্ঞান, পেৰাকেম্ব্ৰিয়াম ভূবিজ্ঞান
কৰ্মস্থান যাদৱপুৰ বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান যাদৱপুৰ বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা জেনেট ৱাটছন
আন শৈক্ষিক পৰামৰ্শদাতা সুবীৰ ঘোষ, জন ৰামছে, হান্স ৰেমবাৰ্গ
উল্লেখনীয় বঁটা শান্তি স্বৰূপ ভাটনাগৰ বঁটা, ১৯৯১
এণ্টাৰ্কটিকা বঁটা

সুদীপ্তা সেনগুপ্তা (ইংৰাজী: Sudipta Sengupta) এগৰাকী ভাৰতীয় ভূবিজ্ঞানী। তেওঁ কলকাতাত অৱস্থিত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ গাথঁনিক ভূবিজ্ঞান বিভাগৰ অধ্যাপক। তেওঁ এগৰাকী প্ৰশিক্ষিত পৰ্বতাৰোহী। তেওঁ সমুদ্ৰ বিজ্ঞানী আদিতি পণ্টৰ সৈতে এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম মহিলা। তেওঁলোক ১৯৮৩ চনৰ ভাৰতৰ এণ্টাৰ্কটিকা প্ৰগ্ৰেমৰ সহায়ত এণ্টাৰ্কটিকা অভিযানৰ সুযোগ লাভ কৰিছিল।[1][2] তেওঁ তেওঁৰ বঙালী ভাষাত ৰচিত এণ্টাৰ্কটিকা গ্ৰন্থ আৰু ভূবিজ্ঞান বিষয়ক বিভিন্ন প্ৰবন্ধ আৰু দূৰদৰ্শনৰে সাক্ষাৎকাৰৰ বাবে জনা যায়।[3] ১৯৯১ চনত তেওঁ ভূবিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক পৃথিৱী, বায়ুমণ্ডল সমুদ্ৰ আৰু গ্ৰহ বিজ্ঞান শিতানত ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সৰ্বোচ্চ সন্মান শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰে।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৪৬ চনৰ ২৮ অক্টোবৰত কলিকতাত সুদীপ্তা সেনগুপ্তাৰ জন্ম হৈছিল। তেওঁ জ্যোতি ৰঞ্জন সেনগুপ্তা আৰু পুষ্পা সেনগুপ্তাৰ কণিষ্ঠ কন্যা। তেওঁৰ পিতৃ এগৰাকী বতৰবিজ্ঞানী আছিল আৰু সেইবাবে তেওঁলোকৰ পৰিয়ালে ভাৰত আৰু নেপালত সময় কটাবলগীয়া হৈছিল। তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাত সন্মানসহ প্ৰথম হৈছিল। ১৯৭২ চনত তেওঁ ডঃ সুবীৰ ঘোষৰ তত্বাৱধানত যাদৱপুৰ বিশ্ববিদ্যালয়ৰে পৰা পিএইছডি ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৭০ চনত তেওঁ ভাৰতীয় ভূবৈজ্ঞানিক সৰ্বেক্ষণত এগৰাকী ভূবিজ্ঞানী হিচাপে যোগদান কৰে। ১৯৭৩ চনত তেওঁ যুক্তৰাজ্যৰ ৰয়েল কমিচন ফৰ দা এক্সিবিচন অফ ১৮৫১ জলপানি লাভ কৰে। তাৰপিছত তেওঁ তিনিবছৰৰ বাবে লণ্ডনৰ ইম্পেৰীয়েল কলেজত নিজৰ পোষ্ট ডক্টৰেল গৱেষণা কৰে। ১৯৭৭ চনত তেওঁ ছুইডেনৰ উপাশালা বিশ্ববিদ্যালয়ৰ ভুবিজ্ঞান প্ৰতিষ্ঠানত ডচেণ্ট হিচাপে ছয়মাহৰৰ বাবে যোগদান কৰে আৰু আৰু আন্তৰ্জাতিক ভূগতিবিজ্ঞান প্ৰকল্পৰ অধীনত অতিথি বিজ্ঞানী হিচাপে অধ্যাপক হান্স ৰামবাৰ্গৰ তত্বাৱধানত গৱেষণা কৰিছিল। ১৯৭৯ চনত তেওঁ ভাৰতলৈ ঘূৰি আহে আৰু ভাৰতীয় ভূবৈজ্ঞানিক সৰ্বেক্ষণত জেষ্ঠ্য ভূবিজ্ঞানী হিচাপে যোগদান কৰে। ১৯৮২ চনত তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে আৰু ইয়াৰ পৰা তেওঁ অধ্যাপক পদত থাকোতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।[3][4][5]

পৰ্বতাৰোহণ[সম্পাদনা কৰক]

সুদীপ্তা সেনগুপ্তা এগৰাকী দক্ষ পৰ্বতাৰোহী আছিল। তেওঁ হিমালয় পৰ্বতাৰোহণ প্ৰতিষ্ঠানত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ব্যক্তি টেনজিং নৰ্গেৰ পৰা পৰ্বতাৰোহণৰ প্ৰশিক্ষণ লাভ কৰিছিল। তাৰপিছত তেওঁ ভাৰত আৰু ইউৰোপত কেইবাটাও পৰ্বতাৰোহণ অভিযানত যোগদান কৰিছিল। তাৰে ভিতৰত উল্লেখযোগ্য হ'ল লাহাউল অঞ্চলৰ নামবিহীন ভাৰ্জিন পিক, পিছলৈ ইয়াৰ নাম মাউণ্ট লাহাউল ৰখা হয়।[5]

এণ্টাৰ্কটিকা অভিযান[সম্পাদনা কৰক]

১৯৮৩ চনত ভাৰতৰ তৃতীয় এণ্টাৰ্কটিকা অভিযানত তেওঁ সদস্য হিচাপে নিৰ্বাচিত হয়। এই অভিযানৰ মুখ্য উদ্দেশ্য আছিল পূব এণ্টাৰ্কটিকাৰ স্কীমাৰ্চ্চাৰ পাহাৰত ভূবৈজ্ঞানিক গৱেষণা কৰা। তেওঁ আৰু সমুদ্ৰ বিজ্ঞানী আদিতি পণ্ট এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা।[6][7] ১৯৮৯ চনত তেওঁ ভাৰতৰ নৱম এণ্টাৰ্কটিকা অভিযানৰ সদস্য হিচাপে আকৌ এণ্টাৰ্কটিকালৈ যাবলৈ সুযোগ লাভ কৰিছিল। স্কীমাৰ্চ্চাৰ পাহাৰত তেওঁৰ গৱেষণায়ে এই অঞ্চলৰ ন ন তথ্য উদ্ঘাটন কৰিবলৈ সহায় কৰে। ইয়াৰ লগতে ভাৰতীয় উপমহাদেশ, দা স্কটিছ হাইলেণ্ড আৰু স্কেন্দিনেভীয়ান কেলডনীদেছ আৰু পূব এণ্টাৰ্কটিকাত ভৌগোলিক গঠন আৰু পেৰাকেম্ব্ৰিয়াম গাঁথনিৰে ওপৰতো গৱেষণা কৰিছিল। [5][4]

প্ৰকাশন[সম্পাদনা কৰক]

অধ্যাপক সুদীপ্তা সেনগুপ্তাৰ কেইবাখনো গৱেষণা পত্ৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনীত প্ৰকাশিত হৈছে। ইয়াৰ উপৰিও তেওঁ গাঁথনিক ভূবিজ্ঞান বিষয়ক এখন গ্ৰন্থ সম্পাদনা কৰিছে। তেওঁৰ এণ্টাৰ্কটিকা অভিযানৰ কাহিনী সম্বলিত 'এণ্টাৰ্কটিকা' নামৰ গ্ৰন্থখন পশ্চিম বংগত সৰ্বোচ্চ বিক্ৰী হোৱা গ্ৰন্থত পৰিগণিত হৈছিল।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

১৯৯১ চনত ভূবিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক পৃথিৱী, বায়ুমণ্ডল সমুদ্ৰ আৰু গ্ৰহ বিজ্ঞান শিতানত ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সৰ্বোচ্চ সন্মান শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰে। তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সভ্য নিৰ্বাচিত হৈছিল। ইয়াৰ লগতে তেওঁ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় খনিজ বঁটা আৰু এণ্টাৰ্কটিকা বঁটা লাভ কৰিছিল। তেওঁ লেডী ষ্টাডি গ্ৰুপৰ প্ৰফেচন এণ্ড কেৰিয়াৰ বঁটাও লাভ কৰিছিল।

তথ্য উৎস[সম্পাদনা কৰক]

  1. Sharma, Sathya (January 2001). Breaking the ice in Antarctica: The first Indian wintering in Antarctica. New Age International. পৃষ্ঠা. 38. ISBN 9788122412901. https://books.google.com/?id=emCd_27imFoC&dq=aditi+pant+scientist। আহৰণ কৰা হৈছে: 11 October 2014. 
  2. "Smart Women Scientist who made India proud - Dr. Aditi Pant". 2015-05-18. http://ww.itimes.com/discussion/smart-women-scientist-who-made-india-proud-dr-aditi-pant. 
  3. 3.0 3.1 Sengupta, Sudipta. Antarctica. Ananda Publisher, 1989, আই.এচ.বি.এন. 81-7066-091-2
  4. 4.0 4.1 Doney, Anjali (August 20, 2019). "Exclusive: From Physicists to Geologists, Meet 6 Amazing Antarctic Women of India". https://www.thebetterindia.com/192027/antarctica-india-lab-women-science-research-work-photos/. 
  5. 5.0 5.1 5.2 Aishwarya, Tripathi (November 2, 2019). "Sudipta Sengupta's Journey in Geology to the Ends of the Earth". https://thewire.in/the-sciences/sudipta-sengupta-structural-geology-jadavpur-university-chandrima-shaha-insa. 
  6. Chaturvedi, Arun (2004). "Indian Women in Antarctic Expeditions: A Historical Perspective". Department of Ocean Development, Technical Publication খণ্ড 17: 277–279. 
  7. Tiwari, Anju (2008). Story of Antarctica. প্ৰকাশক Goa: National Centre for Antarctic and Ocean Research. ISBN 978-81-906526-0-5.