শ্ৰেণী:শান্তি স্বৰূপ ভাটনাগৰ বঁটা বিজয়ী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শান্তি স্বৰূপ ভাটনাগৰ বঁটা (ইংৰাজী: Shanti Swarup Bhatnagar Prize for Science and Technology, SSB) ভাৰতবৰ্ষত বাৰ্ষিকভাৱে বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বিজ্ঞানীক বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদ (Council of Scientific and Industrial Research , CSIR)-এ প্ৰদান কৰি অহা এক সন্মানীয় বঁটা৷ আন্তঃবিভাগীয় বিজ্ঞান (Interdisciplinarity science)-ত অৱদানৰ বাবে ভাৰতত আগবঢ়োৱা বঁটাসমূহৰ ভিতৰত এই বঁটাই আটাইতকৈ মৰ্য্যদাপূৰ্ণ বঁটা বুলি গণ্য কৰা হয়। এই বঁটা বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদৰ প্ৰতিষ্ঠাপক সঞ্চালক শান্তি স্বৰূপ ভাটনাগৰ (Shanti Swaroop Bhatnagar)-ৰ স্মৃতিত প্ৰতিবছৰে প্ৰদান কৰা হয়। এই বঁটা পোনপ্ৰথমবাৰৰ বাবে ১৯৫৮ চনত প্ৰদান কৰা হৈছিল৷