সমললৈ যাওক

ৰোদ্দম নৰসিম্‌হা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰোদ্দম নৰসিম্‌হা

জন্ম ২০ জুলাই, ১৯৩৩
মৃত্যু ১৪ ডিচেম্বৰ, ২০২০ (৮৭ বছৰ)
বেংগালুৰু, কৰ্ণাটক, ভাৰত
ক্ষেত্ৰ তৰল গতিবিজ্ঞান
শিক্ষানুষ্ঠান মহীশূৰ বিশ্ববিদ্যালয়
ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান
কেলিফৰ্ণিয়া প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
ডক্তৰেল পৰামৰ্শদাতা হান্স ডব্লিউ. লাইপমেন[1]
ডক্তৰেল বিদ্যাৰ্থী কে. আৰ. শ্ৰীনিবাসন
ৰামা গোবিন্দৰাজন
উল্লেখনীয় বঁটা শান্তি স্বৰূপ ভাটনাগৰ বঁটা, ১৯৭৪
পদ্মভূষণ, ১৯৮৭
পদ্মবিভূষণ, ২০১৩

ৰোদ্দম নৰসিম্‌হা (ইংৰাজী: Roddam Narasimha, ২০ জুলাই ১৯৩৩ – ১৪ ডিচেম্বৰ ২০২০) এগৰাকী ভাৰতীয় তৰল গতিবিদ তথা মহাকাশ বিজ্ঞানী। তেওঁ ১৯৬২ চনৰ পৰা ১৯৯৯ চনলৈ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ মহাকাশ অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক আছিল। তেওঁ ১৯৮৪ চনৰ পৰা ১৯৯৩ চনলৈ ৰাষ্ট্ৰীয় মহাকাশ পৰীক্ষাগাৰৰ সঞ্চালক পদত অধিষ্ঠিত আছিল।[2] ইয়াৰ লগতে তেওঁ ২০০০ চনৰ পৰা ২০১৪ চনলৈ বেংগালুৰুত অৱস্থিত জৱাহৰলাল নেহৰু উচ্চ বৈজ্ঞানিক গৱেষণা কেন্দ্ৰত যান্ত্ৰিক অভিযান্ত্ৰিক এককৰ অধ্যক্ষ আছিল। তেওঁ একেসময়তে জৱাহৰলাল নেহৰু উচ্চ বৈজ্ঞানিক গৱেষণা কেন্দ্ৰত ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ বিজ্ঞানৰ বৰ্ষ আসনৰ অধ্যাপক আৰু হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু অভিযান্ত্ৰিকতাৰ প্ৰেট আৰু হুইটনে আসনৰ অধ্যাপক আছিল। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ১৯৮৭ চনত পদ্মভূষণ আৰু ২০১৩ চনত পদ্মবিভূষণ প্ৰদান কৰে।[3] ২০২০ চনৰ ১৪ ডিচেম্বৰ তাৰিখে তেওঁৰ মৃত্যু হয়।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৩৩ চনৰ ২০ জুলাই তাৰিখে ৰোদ্দম নৰসিম্‌হাৰ জন্ম হৈছিল। তেওঁলোকৰ পৰিয়াল মূলতঃ অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰ জিলাৰ ৰোদ্দম গাঁৱৰ আছিল। তেওঁৰ পিতৃ আৰ. এল. নৰসিম্‌হাইয়া বেংগালুৰুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আছিল। ইয়াৰ লগতে তেওঁ পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞানৰ কন্নড় ভাষাৰ বিজ্ঞান লেখক আছিল।[4]

বেংগালুৰুৰ গান্ধী বজাৰত অৱস্থিত আচাৰ্য পাঠশালা পাব্লিক স্কুলত ৰোদ্দম নৰসিম্‌হায়ে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল।[5] তাৰপিছত তেওঁ মহীশূৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত বেংগালুৰুৰ বিশ্বেশ্বৰায় বিশ্ববিদ্যালয় অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। এই সময়চোৱাত তেওঁ টাটা ইনষ্টিটিউটৰ (এতিয়া ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বুলি জনাযায়) বৈমানিক বিভাগত প্ৰদৰ্শিত স্পিটফায়াৰ বিমান দেখি আকৰ্ষিত হৈছিল। ১৯৫৩ চনত স্নাতক হোৱাৰ পিছত তেওঁৰ পৰিয়ালৰ সদস্যসকলে ভাৰতীয় ৰে'লৱেৰ সৈতে বা বাৰ্মা শ্বেলৰ সৈতে চাকৰি গ্ৰহণ কৰিবলৈ কৈছিল। অৱশেষত তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত অভিযান্ত্ৰিক বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰে আৰু ১৯৫৫ চনত ডিগ্ৰী লাভ কৰে।[6] এই সময়চোৱাত তেওঁ সতীশ ধৱনৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰিছিল, যি পিছলৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুৰব্বী পদত অধিষ্ঠিত হৈছিল। তাৰ পিছত তেওঁ কেলিফৰ্ণিয়া ইনষ্টিটিউট অফ টেকন'লজীত হান্স লাইপমেনৰ অধীনত ১৯৬১ চনত ডক্তৰেট সম্পূৰ্ণ কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈছিল।[7]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

নৰসিম্‌হা আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্সৰ সন্মানীয় সদস্য আৰু লণ্ডনৰ ৰয়েল ছ'চাইটি আৰু আমেৰিকান ইনষ্টিটিউট অফ এৰোনাটিক্স আৰু এষ্ট্ৰ'নেটিক্সৰ সভ্য নিৰ্বাচিত হৈছিল। তেওঁ কেলিফৰ্ণিয়া প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ বিশেষ প্ৰাপ্তন ছাত্ৰ আছিল।[8][9] তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় অভিযান্ত্ৰিক একাডেমী আৰু ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ এগৰাকী বিদেশী সহযোগী আছিল।[10]

তেওঁ লাভ কৰা উল্লেখযোগ্য বঁটা আৰু সন্মান সমূহ হ'ল:

  • ১৯৮৫  শান্তি স্বৰূপ ভাটনাগৰ বঁটা[11][12]
  • ১৯৮৭  পদ্মভূষণ, ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা।[12]
  • ১৯৯০  গুজৰমল মোদী বঁটা[11]
  • ১৯৯৮  এছ. ৰামানুজন পদক, ভাৰতীয় বিজ্ঞান কংগ্ৰেছ[11]
  • ২০০০  তৰল গতিবিজ্ঞান বঁটা, আমেৰিকান ইনষ্টিটিউট অফ এৰোনাটিক্স এণ্ড এষ্ট্ৰ'নেটিক্স[11]
  • ২০০৮  ত্ৰিষ্টে বিজ্ঞান পুৰস্কাৰ, বিশ্ব বিজ্ঞান একাডেমী[11][13]
  • ২০০৯  জীৱনজোৰা কৃতিত্ব বঁটা, বিজ্ঞান আৰু প্ৰযুক্তি কংগ্ৰেছ, গুলবাৰ্গা বিশ্ববিদ্যালয়[14]
  • ২০১৩  পদ্মবিভূষণ, ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা[15][16]
  • ২০১৯  বিজ্ঞানত পৰামৰ্শদাতাৰ বাবে জীৱনজোৰা কৃতিত্ব বঁটা, নেচাৰ পত্ৰিকা[17][18]

তেওঁ ২০০ৰো অধিক গৱেষণা পত্ৰ বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মাধ্যমত আৰু ১৫খন গ্ৰন্থ প্ৰকাশিত হৈছে।[19]

উল্লেখযোগ্য গ্ৰন্থৰাজি

[সম্পাদনা কৰক]

২০২০ চনৰ ১৪ ডিচেম্বৰত বেংগালুৰুৰ এম. এছ. ৰামাইয়াহ চিকিৎসা মহাবিদ্যালয়ত মগজুৰ ৰক্তক্ষৰণত তেওঁৰ মৃত্যু হয়। তেওঁৰ বয়স আছিল ৮৭ বছৰ। তেওঁৰ আগতে হৃদৰোগত আক্ৰান্ত হৈছিল আৰু ২০১৮ চনত মগজুৰ ষ্ট্ৰোকৰ সন্মুখীন হৈছিল। তেওঁৰ পত্নী আৰু এগৰাকী কন্যা সন্তান আছে।[20]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Roddam Narasimha - The Mathematics Genealogy Project". Genealogy.math.ndsu.nodak.edu. 2017-04-04. https://www.genealogy.math.ndsu.nodak.edu/id.php?id=121035 আহৰণ কৰা হৈছে: 2018-04-14.
  2. http://www.nal.res.in/pages/pastdirectors.htm
  3. "Padma Awards". pib. 29 January 2013. http://pib.nic.in/newsite/erelease.aspx?relid=91838 আহৰণ কৰা হৈছে: 29 January 2013.
  4. "Roddam Narasimha: A keen scientific mind and scholar" (en ভাষাত). The Week. https://www.theweek.in/news/india/2020/12/15/roddam-narasimha-a-keen-scientific-mind-and-scholar.html আহৰণ কৰা হৈছে: 2020-12-15.
  5. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; ":1" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  6. "Caltech Aerospace (GALCIT)". Galcit.caltech.edu. http://www.galcit.caltech.edu/about/history#1941 আহৰণ কৰা হৈছে: 2018-04-14.
  7. "Flow Problems in Rarefied Gas Dynamics". Archived from the original on 4 March 2016. https://web.archive.org/web/20160304132410/http://desktop.jncasr.ac.in/uploaded/roddam/file/Narasimha_r_1961.pdf.
  8. "Caltech Aerospace (GALCIT) | Distinguished Alumni". Galcit.caltech.edu. 2009-10-31. Archived from the original on 2018-04-10. https://web.archive.org/web/20180410002859/http://galcit.caltech.edu/people/distinguished আহৰণ কৰা হৈছে: 2018-04-14.
  9. "Distinguished Alumni List". Indian Institute of Science. Archived from the original on 2013-03-15. https://web.archive.org/web/20130315002420/http://www.aero.iisc.ernet.in/dalumni_list.php আহৰণ কৰা হৈছে: 2012-07-11.
  10. "2000 NAS New Member Elections". .nationalacademies.org. 2000-05-02. http://www8.nationalacademies.org/onpinews/newsitem.aspx?RecordID=05022000 আহৰণ কৰা হৈছে: 2018-04-14.
  11. 1 2 3 4 5 "INSA :: Indian Fellow Detail". webcache.googleusercontent.com. Archived from the original on 2020-02-27. https://web.archive.org/web/20200227094235/http://insaindia.res.in/detail/N79-0510 আহৰণ কৰা হৈছে: 2020-12-16.
  12. 1 2 Writer, Staff (2020-12-15). "'Pained by his demise': PM Modi condoles death of Professor Roddam Narasimha" (en ভাষাত). mint. https://www.livemint.com/news/india/-pained-by-his-demise-pm-modi-condoles-death-of-aerospace-scientist-roddam-narasimha-11608014788602.html আহৰণ কৰা হৈছে: 2020-12-16.
  13. "Nature - Prize Winners of the Year (2008)". Nature. https://www.nature.com/news/2008/081217/pdf/456860a.pdf আহৰণ কৰা হৈছে: 2020-12-15.
  14. "Honour for scientist Roddam Narasimha". Associated Press. The Hindu.com. 22 September 2009. http://www.thehindu.com/news/cities/Bangalore/article23619.ece আহৰণ কৰা হৈছে: 30 May 2012.
  15. "Padma Vibhushan Awardee Aerospace Scientist Roddam Narasimha Dies At 87". Outlook India. https://www.outlookindia.com/website/story/india-news-padma-vibhushan-awardee-aerospace-scientist-roddam-narasimha-dies-at-87/367269 আহৰণ কৰা হৈছে: 2020-12-16.
  16. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 19 October 2017. https://web.archive.org/web/20171019215108/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf আহৰণ কৰা হৈছে: 21 July 2015.
  17. Dance, Amber (2020-02-06). "What the best mentors do" (en ভাষাত). Nature. doi:10.1038/d41586-020-00351-7. https://www.nature.com/articles/d41586-020-00351-7.
  18. "Roddam Narasimha (1933-2020): ‘Almost perfect guru, steeped in Indian tradition’" (en ভাষাত). The Indian Express. 2020-12-16. https://indianexpress.com/article/india/roddam-narasimha-1933-2020-almost-perfect-guru-steeped-in-indian-tradition-7106467/ আহৰণ কৰা হৈছে: 2020-12-16.
  19. "Narasimha Roddam - Publications". Jncasr.ac.in. 2012-01-24. http://www.jncasr.ac.in/roddam/index.php?menu_id=42&user_id=12&page_id=824 আহৰণ কৰা হৈছে: 2018-04-14.
  20. "Padma Vibhushan awardee and eminent aerospace scientist Roddam Narasimha dies" (en ভাষাত). Hindustan Times. 2020-12-15. https://www.hindustantimes.com/india-news/padma-vibhushan-awardee-and-eminent-aerospace-scientist-roddam-narasimha-dies/story-OjKQNQfgRGBgGU7mBzjMwM.html আহৰণ কৰা হৈছে: 2020-12-15.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]