সতীশ ধৱন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সতীশ ধৱন
জন্ম ২৫ ছেপ্টেম্বৰ, ১৯২০
শ্ৰীনগৰ, জম্মু আৰু কাশ্মীৰ (প্ৰিন্সলী ষ্টেট্), ব্ৰিটিছ ভাৰত (বৰ্তমানৰ শ্ৰীনগৰ, জম্মু আৰু কাশ্মীৰ, ভাৰত)
মৃত্যু ০৩ জানুৱাৰী, ২০০২ (৮১ বছৰ)
বাংগালোৰ, কৰ্ণাটক, ভাৰত
ক্ষেত্ৰ যান্ত্ৰিক আৰু এৰ'স্পেছ অভিযান্ত্ৰিকী
কৰ্মস্থান ভাৰতীয় মহাকাশ গৱেষণা সংস্থা
ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান
কেলিফ'ৰ্ণিয়া প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
ৰাষ্ট্ৰীয় এৰ'স্পেছ পৰীক্ষাগাৰ
ভাৰতীয় বিজ্ঞান একাডেমী
ভাৰতীয় মহাকাশ আয়োগ
শিক্ষানুষ্ঠান পঞ্জাব বিশ্ববিদ্যালয়
মিনেছটা বিশ্ববিদ্যালয়
কেলিফ'ৰ্ণিয়া প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
ডক্তৰেল পৰামৰ্শদাতা হানছ্ ডব্লিউ. লিপমান
জনা যায় ভাৰতীয় মহাকাশ কাৰ্যসূচী
উল্লেখনীয় বঁটা পদ্মবিভূষণ
পদ্মভূষণ

সতীশ ধৱন (ইংৰাজী: Satish Dhawan; ২৫ ছেপ্তেম্বৰ, ১৯২০ – ৩ জানুৱাৰী, ২০০২) এগৰাকী ভাৰতীয় গণিতজ্ঞ তথা এৰ'স্পেছ অভিযন্তা। তেওঁক ভাৰতত পৰীক্ষামূলক তৰল গতিবিজ্ঞানৰ পিতৃ হিচাপে গণ্য কৰা হয়। শ্ৰীনগৰত জন্ম গ্ৰহণ কৰা সতীশ ধৱনে ভাৰততে শিক্ষা গ্ৰহণ কৰিছিল যদিও পাছলৈ তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰতো শিক্ষা গ্ৰহণ কৰে। তেওঁৰ গৱেষণাৰ ক্ষেত্ৰ আছিল টাৰবিউলেন্স আৰু পৰিধি স্তৰ। ১৯৭২ চনত তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে। তেওঁক ১৯৭১ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ[1] আৰু ১৯৮১ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ[1] প্ৰদান কৰা হয়।

শিক্ষা[সম্পাদনা কৰক]

ভাৰতলাহোৰত (এতিয়াৰ পাকিস্তানত) অৱস্থিত পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা সতীশ ধৱনে পদাৰ্থ বিজ্ঞান আৰু গণিতশাস্ত্ৰ বিষয়ত বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইয়াৰোপৰি তেওঁ যান্ত্ৰিক অভিযান্ত্ৰিকীৰ স্নাতক আৰু ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ১৯৪৭ চনত মিনেয়াপলিছত অৱস্থিত মিনেছটা বিশ্ববিদ্যালয়ৰ পৰা এৰ’স্পেছ অভিযান্ত্ৰিকীত বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে আৰু কেলিফ'ৰ্ণিয়া প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা বৈমাণিকী অভিযান্ত্ৰিকীৰ ডিগ্ৰী অৰ্জন কৰে। ১৯৫১ চনত ড॰ হানছ্ ডব্লিউ. লিপমানৰ নিৰীক্ষণত গণিত আৰু এৰ'স্পেছ অভিযান্ত্ৰিকীত দুটাকৈ পি. এইচ. ডি. অৰ্জন কৰে। তদুপৰি তেওঁ লুধিয়ানাৰ চৰকাৰী মহাবিদ্যালয়টো অধ্যয়ন কৰিছিল আৰু সেইকাৰণেই ১৯৭৬ চনত পঞ্জাব চৰকাৰে মহাবিদ্যালয়খনৰ নাম তেওঁৰ নামেৰে পুনৰ্নামকৰণ কৰে।

জীৱিকা[সম্পাদনা কৰক]

  • জেষ্ঠ বৈজ্ঞানিক প্ৰাধিকাৰী, ১৯৫১
  • অধ্যাপক আৰু বৈমাণিকী অভিযান্ত্ৰিক বিভাগৰ প্ৰধান অধ্যাপক, ১৯৫৫
  • সঞ্চালক, ১৯৬২–১৯৮১[2]
  • অতিথি অধ্যাপক, ১৯৭১–৭২
  • অধ্যক্ষ, অনুসন্ধান পৰিষদ, ১৯৮৪–৯৩
  • সভাপতি, ১৯৭৭–১৯৭৯
  • অধ্যক্ষ, ১৯৭২–১৯৮৪
  • ভাৰতীয় মহাকাশ আয়োগ
  • অধ্যক্ষ, ১৯৭২–২০০২

বঁটা[সম্পাদনা কৰক]

  • পদ্মবিভূষণ (ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান), ১৯৮১[1]
  • পদ্মভূষণ (ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান), ১৯৭১[1]
  • ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় সংহতি বঁটা, ১৯৯৯
  • বিশিষ্ট প্ৰাক্তন ছাত্ৰ বঁটা, ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান
  • বিশিষ্ট প্ৰাক্তন ছাত্ৰ বঁটা, কেলিফ'ৰ্ণিয়া প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ১৯৬৯

কৰ্ম[সম্পাদনা কৰক]

  • ১৯৫৩: "Direct measurements of skin friction", Technical Report 1121, National Advisory Committee for Aeronautics, Washington DC.
  • ১৯৫৮; "Some properties of boundary layer flow during the transition from laminar to turbulent motion", Journal of Fluid Mechanics 3(4): 418 – 36 doi:10.1017/S0022112058000094
  • ১৯৬৭: "Aeronautical Research in India", (22nd British Commonwealth Lecture), Journal of the Royal Aeronautical Society 71: 149-184.
  • ১৯৮২: "A glimpse of fluid mechanics research in Bangalore 25 years ago", in India: Surveys in fluid mechanics, Indian Academy of Sciences (Eds. R Narasimha, S M Deshpande) 1-15.
  • ১৯৮৮: Developments in Fluid Mechanics and Space Technology, (Eds. R Narasimha, APJ Abdul Kalam) Indian Academy of Sciences.
  • ১৯৯১: "Bird flight", Sadhana Proceedings in Engineering Sciences, Indian Academy of Sciences.
  • ২০০০: Special Section on Instabilities, transitions and turbulence, (Ed. R Narasimha) Current Science 79: 725-883.

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015. 
  2. "About IISc Heritage". Indian Institute of Science. Archived from the original on 15 August 2013. https://web.archive.org/web/20130815174415/http://www.iisc.ernet.in/about-iisc/heritage.php। আহৰণ কৰা হৈছে: 13 September 2013. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]