শান্তি স্বৰূপ ভাটনাগৰ বঁটা
বিৱৰণ | আন্তঃবিভাগীয় বৈজ্ঞানিক গৱেষণা |
---|---|
অৱস্থান | বিজ্ঞান ভৱন, নতুন দিল্লী |
প্ৰদান কৰোঁতা | বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদ (Council of Scientific and Industrial Research) |
ৱেবচাইট | শান্তি স্বৰূপ ভাটনাগৰ বঁটাৰ ৱেবছাইট |
শান্তি স্বৰূপ ভাটনাগৰ বঁটা (ইংৰাজী: Shanti Swarup Bhatnagar Prize for Science and Technology, SSB) ভাৰতবৰ্ষত বাৰ্ষিকভাৱে বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বিজ্ঞানীক বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদ (Council of Scientific and Industrial Research, CSIR)-এ প্ৰদান কৰি অহা এক সন্মানীয় বঁটা। আন্তঃবিভাগীয় বিজ্ঞান (Interdisciplinarity science)-ত অৱদানৰ বাবে ভাৰতত আগবঢ়োৱা বঁটাসমূহৰ ভিতৰত এই বঁটাই আটাইতকৈ মৰ্য্যদাপূৰ্ণ বঁটা বুলি গণ্য কৰা হয়।[1] এই বঁটা বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদৰ প্ৰতিষ্ঠাপক সঞ্চালক শান্তি স্বৰূপ ভাটনাগৰ (Shanti Swaroop Bhatnagar)-ৰ স্মৃতিত প্ৰতিবছৰে প্ৰদান কৰা হয়।[2] এই বঁটা পোনপ্ৰথমবাৰৰ বাবে ১৯৫৮ চনত প্ৰদান কৰা হৈছিল।
বঁটাসমূহ[সম্পাদনা কৰক]
এই বঁটা বিজ্ঞানৰ মুলত: সাতটা বিভাগত প্ৰদান কৰা হয়-
- জীৱবিজ্ঞান (Biological Sciences)
- ৰসায়ন বিজ্ঞান (Chemical Sciences)
- ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান (Earth, Atmosphere, Ocean and Planetary Sciences)
- অভিযান্ত্ৰিক বিজ্ঞান (Engineering Sciences)
- গণিত (Mathematical Sciences)
- চিকিৎসা বিজ্ঞান (Medical Sciences)
- পদাৰ্থ বিজ্ঞান (Physical Sciences)
বঁটা বিতৰণ[সম্পাদনা কৰক]
পৰম্পৰাগতভাৱে এই বঁটা প্ৰাপকসকলৰ নাম প্ৰতিবছৰে CSIR প্ৰতিষ্ঠা দিৱস ২৬ ছেপ্টেম্বৰত ঘোষণা কৰা হয়। এই বঁটা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰে।[3]
বঁটা লাভ কৰা অসমীয়া বিজ্ঞানী[সম্পাদনা কৰক]
নাম | বৰ্ষ | বিভাগ | কৰ্মস্থান |
---|---|---|---|
মিহিৰ কান্তি চৌধুৰী[4] | ১৯৮৯ | ৰসায়ন বিজ্ঞান | উপাচাৰ্য, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়,অসম |
জিতেন্দ্ৰনাথ গোস্বামী[5] | ১৯৯৪ | ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান | Physical Research Laboratory, আহমেদাবাদ |
ভূপেন্দ্ৰ নাথ গোস্বামী[6] | ১৯৯৫ | ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান | ইণ্ডিয়ান ইন্সিটিউট অব ট্ৰপিকেল মেটিয়োৰলজি, পুনে |
প্ৰশান্ত গোস্বামী[7] | ২০০১ | ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান | CSIR-Fourth Paradigm Institute (CSIR-Centre for Mathematical Modelling & Computer Simulation), বেংগালুৰু |
বিনয় কুমাৰ শইকীয়া[8] | ২০২১ | ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান | উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, যোৰহাট |
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ Press Trust of India (27 September 2000). "10 scientists nominated for Bhatnagar Awards". Indian Express. http://www.indianexpress.com/ie/daily/20000927/ina27012.html। আহৰণ কৰা হৈছে: 17 August 2010.
- ↑ "From the awarding body Council of Scientific and Industrial Research (CSIR)". http://www.csir.res.in/External/Utilities/Frames/career/main_page.asp?a=topframe.htm&b=leftcon.htm&c=../../../Heads/career/awards.htm। আহৰণ কৰা হৈছে: 2008-05-14.
- ↑ http://ssbprize.gov.in
- ↑ http://ssbprize.gov.in/Content/Detail.aspx?AID=430
- ↑ http://ssbprize.gov.in/Content/Detail.aspx?AID=467
- ↑ http://ssbprize.gov.in/Content/Detail.aspx?AID=466
- ↑ http://ssbprize.gov.in/Content/Detail.aspx?AID=468
- ↑ Desk, Sentinel Digital (2021-09-26). "After 20 Years Assamese Scientist Receives Shanti Swarup Bhatnagar Award - Sentinelassam" (en ভাষাত). https://www.sentinelassam.com/north-east-india-news/assam-news/after-20-years-assamese-scientist-receives-shanti-swarup-bhatnagar-award-556498.
- ↑ "CSIR selects 10 scientists for prestigious Shanti Swarup Bhatnagar award". Times of India. Times of India. 2014-09-26. http://timesofindia.indiatimes.com/india/CSIR-selects-10-scientists-for-prestigious-Shanti-Swarup-Bhatnagar-award/articleshow/43549450.cms.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত শান্তি স্বৰূপ ভাটনাগৰ বঁটা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- আধিকাৰিক ৱেবছাইট
- Awardees for the period 1958 − 1998
- Awardees for 2000 Archived 2014-01-02 at the Wayback Machine
- Awardees for 2002
- Awardees for 2003
- Awardees for 2004 and 2005
- Awardees for 2006
- Awardees for 2007 and 2008
- Awardees for 2009 and 2010
- Awardees for 2011
- Awardees for 2012
- Awardees for 2013
- Awardees for 2014