ৰেণুকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰেণুকা
দেৱনাগৰী रेणुका महार
সংস্কৃত লিপ্যন্তৰ Rénûka/Renu
সম্পৰ্ক দেৱী
নিবাস মাহুৰ
সঙ্গী জমদগ্নি
সন্তান পৰশুৰাম, বসু
বাহন সিংহ

ৰেণুকা মহাৰ (ইংৰাজী: Reṇukā Mahar) হৈছে কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু দক্ষিণ ভাৰতৰ ৰাজ্য, তামিলনাডু, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশত পূজা কৰা এগৰাকী হিন্দু দেৱী৷[1] তেওঁক ৰেণুগা মহাৰ আৰু ৰেণুমাতা মহাৰ নামেৰেও জনা যায়৷ প্ৰাচীন ৰেণুকা মহাৰ/য়েল্লাম্মা দেৱীৰ মন্দিৰ হৈছে কৰ্ণাটকৰ শক্তিপীঠসমূহৰ ভিতৰত অন্যতম, মহাৰ ৰেণুকাৰ মন্দিৰ মহাৰাষ্ট্ৰৰ মাহুৰত থকা শক্তিপীঠসমূহৰ ভিতৰত এটা৷

বিভিন্ন নাম[সম্পাদনা কৰক]

ৰেণুকা মহাৰ/ৰেণু মহাৰ বা য়েল্লাম্মা দেৱী মহাৰ বা একবিৰা বা এলাই আম্মা মহাৰ (মাৰাঠী: श्री. रेणुका महार/ येल्लुआई महार (Shree Renuka Mahar/ Yelluai Mahar), কন্নড়: ಶ್ರೀ ಯಲ್ಲಮ್ಮ ರೇಣುಕಾ, তামিল: ரேணு/Renukai amman/ரேணுகை அம்மன், তেলেগু : శ్రీ రేణుక/ ఎల్లమ్మ) -ক এগৰাকী হিন্দু দেৱী হিচাপে পূজা কৰা হয়। ইয়েল্লাম্মা কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু দক্ষিণ ভাৰতৰ ৰাজ্য তামিলনাডু, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশৰ এগৰাকী পূজিত হিন্দু দেৱী। তেওঁক ভক্তসকলে “বিশ্বব্ৰহ্মাণ্ডৰ মাতৃ” (Mother of the Universe) বা “জগদম্বা” (Jagadamba) বুলি সন্মান কৰে।

কিংবদন্তি[সম্পাদনা কৰক]

ৰেণুকাৰ কিংবদন্তিবোৰ মহাভাৰত, হৰিবংশ আৰু ভাগৱত পুৰাণত অন্তৰ্ভুক্ত হৈ আছে।

ৰেণুকা সাগৰা, মালাপ্ৰভা নদী, সৌন্দাট্টী। (বেলগাম জিলা), উত্তৰ কৰ্ণাটক, কৰ্ণাটক

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

ৰজা ৰেণু (ৰেণুকাৰ পিতৃ) এক যজ্ঞ কৰিছিল - এক ৰীতি যাক শান্তি আৰু সুস্বাস্থ্য বজাই ৰখাৰ বাবে কৰা হয়। তেওঁ সেই যজ্ঞৰ জুইৰ পৰা উদ্ভৱ হোৱা এগৰাকী কন্যা সন্তান লাভ কৰিছিল আৰু আশীৰ্বাদপ্ৰাপ্ত হৈছিল। ৰেণুকা এগৰাকী উজ্জ্বল আৰু সক্ৰিয় শিশু আছিল লগতে তেওঁ পিতৃ-মাতৃৰ আটাইতকৈ প্ৰিয় সন্তান হৈ পৰিছিল।

যেতিয়া তেওঁৰ বয়স আঠ বছৰ হৈছিল তেতিয়া ৰজা ৰেণুৰ গুৰু অগস্ত্যই পৰিপক্কতাত উপনীত হোৱাত তেওঁৰ কন্যা ৰেণুকাক জমদগ্নিৰ সৈতে বিয়া কৰাবলৈ পৰামৰ্শ দিছিল। জমদগ্নি আছিল ৰুচিক মুনি আৰু সত্যৱতীৰ পুত্ৰ৷ তেওঁ কঠোৰ তপস্যা কৰি দেৱতাসকলৰ পৰা আশীৰ্বাদ লাভ কৰিছিল। ৰেণুকা আৰু জমদগ্নি মুনি বেলাগাভি জিলাৰ বৰ্তমানৰ সৌন্দাট্টী অঞ্চলৰ ওচৰৰ ৰামশ্ৰুং পৰ্বতমালাত বাস কৰিছিল। ৰেণুকাই জমদগ্নি মুনিক বিভিন্ন ৰীতি-নীতি আৰু পূজা-পাতল কৰাত সকলো কামতে সহায় কৰিছিল আৰু লাহে লাহে তেওঁ জমদগ্নিৰ ঘনিষ্ঠ আৰু প্ৰিয় হৈ পৰিছিল। ৰেণুকাই ৰাতিপুৱা সোনকালে সাৰ পাই উঠি মালাপ্ৰভা নদীত সম্পূৰ্ণ মনোযোগ আৰু ভক্তিৰে গা ধুইছিল। তেওঁৰ ভক্তি ইমানেই শক্তিশালী আছিল যে, তেওঁ পানী ধৰি ৰাখিবলৈ এটা পাত্ৰ কেৱল বালিৰে তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ সেই পাত্ৰটো নদীৰ পাৰত ভৰ্তি কৰি, ওচৰত থকা এটা সাপক ৰছীৰ দৰে ব্যৱহাৰ কৰি ৰেণুকাই পাত্ৰটো মূৰত তুলি জমদগ্নিলৈ ৰীতি-নীতিৰ বাবে পাত্ৰটোত পানী আনিছিল৷ ৰেণুকাৰ আন এটি মন্দিৰ গাজীপুৰৰ জামানিয়াৰ ওচৰত অৱস্থিত। আন এটি মন্দিৰ তামিলনাডুৰ ভেল্লোৰৰ ওচৰত আছে (পদাইভিডু) য’ত দেৱী স্বয়ম্ভুৰ ৰূপত আছে৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Sri Renuka Mahar Amman Parameswari". Archived from the original on 2015-05-18. https://web.archive.org/web/20150518065743/http://www.renukaparameswari.org/। আহৰণ কৰা হৈছে: 2015-04-29. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]