সমললৈ যাওক

পতিতাবৃত্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পতিতাবৃত্তি

চিত্ৰকৰ্ম ফেমচ দে মেইচন ১৮৯৩-৯৫
জীৱিকা
সক্ৰিয়তাৰ ক্ষেত্ৰ
যৌন উদ্যোগ
বিৱৰণ
সম্পৰ্কিত চাকৰি
ষ্ট্ৰিপাৰ, পৰ্ণ’গ্ৰাফিক অভিনয়শিল্পী

পতিতাবৃত্তি বা বেশ্যাবৃত্তি (ইংৰাজী: Prostitution) হৈছে ধনৰ বিনিময়ত যৌন কাৰ্যকলাপত লিপ্ত হোৱাৰ ব্যৱসায় বা কৰ্ম।[1][2] "যৌন কাৰ্যকলাপ"ৰ সংজ্ঞা প্ৰতিটো ক্ষেত্ৰতে একে নহয়, আৰু প্ৰায়ে গ্ৰাহকৰ সৈতে প্ৰয়োজন হোৱা শাৰীৰিক সম্পৰ্ক (যেনে যৌন সম্ভোগ, অ-অনুপ্ৰবেশ যৌনক্ৰিয়া, মুখমৈথুন আদি) হিচাপে সংজ্ঞায়িত কৰা হয়।[3] শাৰীৰিক সংস্পৰ্শৰ বাবে পতিতাবৃত্তিয়ে ৰোগ সংক্ৰমন কৰাৰ আশংকা সৃষ্টি কৰে। ইয়াক কেতিয়াবা যৌন সেৱা, বাণিজ্যিক যৌনতা বা কথিত ভাষাত হুকিং (hooking) বুলিও বৰ্ণনা কৰা হয়। ইয়াক কেতিয়াবা পৃথিৱীৰ "পৃথিৱীৰ আটাইতকৈ পুৰণি বৃত্তি" বুলি কোৱা হয়।[4] এই ক্ষেত্ৰখনত কাম কৰা ব্যক্তি এগৰাকীক পতিতা বুলি কোৱা হয় আৰু তেওঁ এক প্ৰকাৰৰ যৌন কৰ্মী।

পতিতাবৃত্তিৰ বিভিন্ন প্ৰকাৰ আছে আৰু ইয়াৰ আইনী স্থিতি দেশভেদে পৃথক হয়। (কেতিয়াবা এখন নিৰ্দিষ্ট দেশতে অঞ্চলভেদে ভিন্ন হয়। ) পৰ্ণগ্ৰাফী, ষ্ট্ৰিপিং, আৰু কামোদ্দীপক নৃত্যৰ দৰে ই যৌন উদ্যোগৰ এটা বিভাগ। পতিতালয়বোৰ বিশেষভাৱে পতিতাবৃত্তিৰ বাবে সমৰ্পিত প্ৰতিষ্ঠান। এছক'ৰ্ট পতিতাবৃত্তিত (escort prostitution) যৌনকাৰ্য গ্ৰাহকৰ বাসগৃহ বা হোটেলৰ কোঠাত (যাক আউট-কল বুলি কোৱা হয়); বা এছক'ৰ্টৰ বাসগৃহত বা এছক'ৰ্টৰ দ্বাৰা ভাড়াত লোৱা হোটেলৰ কোঠাত (ইন-কল) হ'ব পাৰে। এই বৃত্তিৰ আন এটা ৰূপ হ'ল পথ-পতিতাবৃত্তি (street prostitution)।

সমগ্ৰ বিশ্বতে প্ৰায় ৪২ নিযুত পতিতা আছে। অৱশ্যে মধ্য-এছিয়া, মধ্যপ্ৰাচ্য আৰু আফ্ৰিকাৰ বেছিভাগ অংশৰ সম্পূৰ্ণ তথ্য পোৱা নাযায়, যদিও সেই বৃহৎ অঞ্চলৰ দেশবোৰে শীৰ্ষ যৌন পৰ্যটনৰ ক্ষেত্ৰত শীৰ্ষস্থান লাভ কৰিছে)।[5] বিশ্বজুৰি পতিতাবৃত্তিৰ দ্বাৰা উপাৰ্জন কৰা বাৰ্ষিক আয় ১০০ বিলিয়ন ডলাৰৰ অধিক বুলি ঠাৱৰ কৰা হৈছে।[6]

অধিকসংখ্যক পতিতাই মহিলা আৰু তেওঁলোকৰ গ্ৰাহকবোৰ সাধাৰণতে পুৰুষ হয়।

পতিতাবৃত্তিৰ স্থিতি আৰু এই সংক্ৰান্তিয় আইন দেশ অনুসৰি বেলেগ বেলেগ হয়; যিয়ে ভিনভিন মতৰ প্ৰতিফলন কৰে। কিছুমানে পতিতাবৃত্তিক মহিলা,[7] আৰু শিশুৰ বিৰুদ্ধে শোষণ বা হিংসাৰ এক প্ৰকাৰ[8] আৰু যি মানৱ সৰবৰাহৰ কাৰ্য সংঘটিত হৈছে বুলি বিবেচনা কৰে।[9] প্ৰতিষ্ঠান বা উদ্যোগ হিচাপে পতিতাবৃত্তিৰ কিছুমান সমালোচক হৈছে "নৰ্দিক মডেল"ৰ সমৰ্থকসকল, যিয়ে যৌনতা ক্ৰয়-বিক্ৰয় কাৰ্যক অবৈধ বুলি গণ্য কৰে। কানাডা, আইচলেণ্ড, আয়াৰলেণ্ড, উত্তৰ আয়াৰলেণ্ড, নৰৱে, ফ্ৰান্স আৰু ছুইডেনেও এই দৃষ্টিভংগী গ্ৰহণ কৰিছে। আন কিছুমানে যৌন কাৰ্য্যক এক বৈধ বৃত্তি হিচাপে বিবেচনা কৰে, যাৰ দ্বাৰা এজন ব্যক্তিয়ে ধনৰ বিনিময়ত যৌন কাৰ্য্যৰ ব্যৱসায় কৰে বা বিনিময় কৰে। এমনেষ্টি ইণ্টাৰনেচনেল হৈছে পতিতাবৃত্তিৰ পৰা দণ্ড অপসাৰণৰ বাবে আহ্বান জনোৱা এটা উল্লেখযোগ্য প্ৰতিষ্ঠান।[10]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
টোকা
  1. "Prostitution – Definition and More from the Free Merriam-Webster Dictionary". Merriam-Webster. http://www.merriam-webster.com/dictionary/prostitution আহৰণ কৰা হৈছে: 19 September 2013.
  2. "Prostitution Law & Legal Definition". US Legal. http://definitions.uslegal.com/p/prostitution আহৰণ কৰা হৈছে: 19 March 2013.
  3. "What counts as prostitution?". Archived from the original on 2021-05-13. https://web.archive.org/web/20210513130308/https://core.ac.uk/download/pdf/193161466.pdf আহৰণ কৰা হৈছে: 2021-09-01.
  4. Forrest Wickman (6 March 2012). "Rush Limbaugh calls Sandra Fluke a "prostitute": Is prostitution really the world's oldest profession?". Slate Magazine. http://www.slate.com/articles/news_and_politics/explainer/2012/03/rush_limbaugh_calls_sandra_fluke_a_prostitute_is_prostitution_really_the_world_s_oldest_profession_.html আহৰণ কৰা হৈছে: 4 February 2016.
  5. Gus Lubin (17 January 2012). "There Are 42 Million Prostitutes In The World, And Here's Where They Live". Business Insider. http://www.businessinsider.com/there-are-42-million-prostitutes-in-the-world-and-heres-where-they-live-2012-1 আহৰণ কৰা হৈছে: 14 December 2015.
  6. "Prostitution Market Value". Archived from the original on 22 May 2010. https://web.archive.org/web/20100522185003/http://www.havocscope.com/activities/prostitution/ আহৰণ কৰা হৈছে: 22 May 2010.
  7. Meghan Murphy (12 December 2013). "Prostitution by Any Other Name Is Still Exploitation". VICE. https://www.vice.com/read/decriminalizing-prostitution-may-not-be-the-answer আহৰণ কৰা হৈছে: 4 February 2016.
  8. Malika Saada Saar (29 July 2015). "The myth of child prostitution". CNN. http://www.cnn.com/2015/07/29/opinions/saar-child-trafficking-united-states/ আহৰণ কৰা হৈছে: 4 February 2016.
  9. Carol Tan (2 January 2014). "Does legalized prostitution increase human trafficking?". Journalist's Resource. http://journalistsresource.org/studies/international/human-rights/legalized-prostitution-human-trafficking-inflows আহৰণ কৰা হৈছে: 4 February 2016.
  10. Q&A: policy to protect the human rights of sex workers. Amnesty International. Retrieved 23 November 2017.
গ্ৰন্থপঞ্জী