জগদ্ধাত্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
জগদ্ধাত্ৰী/জগতধাত্ৰী
2006-11-01 Jagaddhatripuja5 06 009.jpg
জগদ্ধাত্ৰী পূজাৰ প্ৰতিমা
সম্পৰ্ক পাৰ্বতী, মহাদেৱী, দুৰ্গা,শিৱানী
মন্ত্ৰ ওঁ দূং শ্ৰীশ্ৰীমজ্জগদ্ধাত্ৰীদুৰ্গায়ৈ নমঃ
গায়ত্ৰী: মহাদেব্যৈ বিদ্মহে সিংহবাহিন্যৈ ধীমহি। তন্নো দেবী প্ৰচোদয়াৎ।
অস্ত্ৰ শঙ্খ, ধনু, বাণ,
সঙ্গী শিৱ
আসন/বাহন সিংহ

জগদ্ধাত্ৰী বা জগতধাত্ৰী বা জগধত্ৰী (ইংৰাজী: Jagadhatri) (জগত ধাৰণ কৰ্তা) হৈছে হিন্দু দেৱী পাৰ্বতীৰ এটা ৰূপ। এই গৰাকী দেৱীৰ জনপ্ৰিয়তা বিশেষকৈ ভাৰতৰ পশ্চিম বংগ আৰু উৰিষ্যাত বেছি।[1] দুয়োখন ৰাজ্যত দেৱীৰ পূজা কৰা হয়। তেখেতৰ উপাসনা আৰু ইয়াৰ ৰীতি-নীতি সমূহ পোনপটীয়াকৈ তন্ত্ৰ শাস্ত্ৰৰ পৰা আহৰণ কৰা হৈছে য'ত তেওঁ সত্ত্বৰ প্ৰতীক বিপৰীতে দুৰ্গা আৰু কালী ৰজো আৰু তমো গুণৰ প্ৰতীক। পুৰাণৰ মতে জগদ্ধাত্ৰী হৈছে সিদ্ধিধাত্ৰীৰ অৱতাৰ।

ব্যুৎপত্তি[সম্পাদনা কৰক]

জগদ্ধাত্ৰী শব্দৰ আভিধানিক অৰ্থ “জগৎ+ধাত্ৰী অৰ্থাৎ জগতৰ (ত্ৰিভুবনৰ) ধাত্ৰী (ধাৰণকৰ্ত্ৰী, পালিকা)।”[2]

আখ্যান[সম্পাদনা কৰক]

দেৱী দুৰ্গাক সৃষ্টি কৰাৰ পিছত ইন্দ্ৰ, বৰুণ, বায়ু (দেৱতা)|বায়ু]] আৰু অন্যান্য সকলো দেৱতাই নিজকে অতি শক্তিশালী বুলি ভাবিছিল। তেওঁলোকে ভাবিছিল যে তেওঁলোক সৰ্বশক্তিমান আৰু তেওঁলোকে নিজৰ শক্তিৰে যিকোনো কাম কৰিব পাৰে। তেওঁলোকে পাহৰি যায় তেওঁলোকৰ প্ৰকৃত শক্তি কোন। গতিকে আদি শক্তি মা পাৰ্বতীয়ে তেওঁলোকৰ পৰীক্ষা লয়। তেওঁ মায়াৰূপে তেওঁলোকৰ সন্মুখলৈ আহি এডাল ঘাঁহৰ সৃষ্টি কৰে। দেৱতাসকলক আহ্বান কৰি দেৱীয়ে ক'লে, "হে শক্তিশালী দেৱগণ, অনুগ্ৰহ কৰি এই ঘাঁহডাল উভালি পেলাওক।" এই কথাত তেওঁলোকে হাঁ‌হে আৰু ইন্দ্ৰই বায়ুক সেই ঘাঁহটো বাহিৰলৈ উলিয়াবলৈ পঠিয়ায়। বায়ুৱে বাৰে বাৰে চেষ্টা কৰিও এই কাৰ্যত বিফল হয়। ইয়াৰ পিছত প্ৰত্যেক দেৱতাই একোবাৰকৈ চেষ্টা কৰে যদিও প্ৰত্যেকেই বিফল হয়। তেতিয়া দেৱী পাৰ্বতী দেৱতাসকলৰ আগত প্ৰকট হয় আৰু তেওঁলোকক কয় যে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো শক্তি তেওঁৰ। দেৱী গোটেই পৃথিৱীৰ শক্তি। তেতিয়া সকলো দেৱতাই তেওঁলোকৰ দোষ উপলব্ধি কৰে। সিংহৰ ওপৰত আৰোহণ কৰি দেৱী দেৱতাসকলৰ সন্মুখলৈ আহিছিল আৰু তেওঁলোকৰ অহংকাৰে এটা হাতীৰ ৰূপ লৈছিল। সেয়ে দেৱী জগদ্ধাত্ৰীক সিংহৰ ওপৰত আৰোহিত অৱস্থাত আৰু তেওঁৰ তলত হাতীৰ অৱস্থিতি দেখা যায়।

জগদ্ধাত্ৰী পূজা[সম্পাদনা কৰক]

জগদ্ধাত্ৰী পূজা প্ৰথমে বংগৰ নদিয়াৰ কৃষ্ণনগৰৰ ৰাজা কৃষ্ণচন্দ্ৰই আৰম্ভ কৰিছিল। কৃষ্ণনগৰ, তেহট্টা, ৰিশ্ৰা, চন্দননগৰ, ভদ্ৰেশ্বৰ, হুগলী, বোইঞ্চি, অশোকনগৰ-কল্যাণগড়ত জগদ্ধাত্ৰী পূজা অতিশয় জনপ্ৰিয়। নদিয়াৰ কৃষ্ণনগৰৰ ৰাজ ৰাজেশ্বৰী জগদ্ধাত্ৰী পূজা হৈছে বংগৰ আটাইতকৈ পুৰণি জগদ্ধাত্ৰী পূজা। জনশ্ৰুতি অনুসৰি এবাৰ বংগত নৱাবসকলৰ শাসনকালত মহাৰাজ কৃষ্ণচন্দ্ৰক নৱাব চিৰাজ-উদ-দৌল্লাই সময়মতে কৰ পৰিশোধ নকৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল। বিজয়া দশমীৰ দিনত তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰা হৈছিল যাৰ বাবে তেওঁৰ ৰাজ্যত সেইবাৰৰ দুৰ্গা পূজাৰ গোটেই উৎসৱটো বিনষ্ট হৈছিল। সেয়েহে পৰিৱেশটো পুনৰ আনন্দমুখৰ কৰিবতুলিবলৈ মহাৰাজে এই জগদ্ধাত্ৰী পূজাৰ ৰীতি-নীতি আৰম্ভ কৰিছিল। [3] এই সন্দৰ্ভত পালপাৰাৰ বসু পৰিয়ালৰ জগদ্ধাত্ৰী পূজা বিশেষভাৱে উল্লেখযোগ্য। পৰিয়ালটোৰ এই পূজাভাগ প্ৰথমতে মুৰ্শিদাবাদত তেওঁলোকৰ পৈতৃক গৃহত অনুষ্ঠিত হৈছিল। লোককথা অনুসৰি এই পূজা ১৭৮৮ চনত আৰম্ভ হৈছিল। পূজাভাগ পিছত চন্দননগৰৰ ইয়াৰ বৰ্তমানৰ স্থানলৈ স্থানান্তৰিত কৰা হৈছিল। এই দেৱীৰ সঠিক ইতিহাস অজ্ঞাত যদিও পাৰিবাৰিক তথ্যসমূহে ইয়াক ১৬৪০ চনৰ বুলি সূচায়।[4]

ধ্যানমন্ত্ৰ[সম্পাদনা কৰক]

জগদ্ধাত্ৰীৰ ধ্যানমন্ত্ৰত দেবীৰ তলত দিয়া ধৰণে ৰূপকল্পনা কৰা হৈছে-

ওঁ দুঁ সিংহস্কন্ধসমাৰূঢ়াং নানালঙ্কাৰভূষিতাম্।
চতুৰ্ভূজাং মহাদেবীং নাগযজ্ঞোপবীতিনীম্॥
শঙ্খশাৰ্ঙ্গসমাযুক্তাম্ বামপাণিদ্বয়ান্বিতাম্।
চক্ৰঞ্চ পঞ্চবাণাংশ্চ ধাৰয়েত্তঞ্চ দক্ষিণে॥
ৰক্তবস্ত্ৰাপৰিধানাং বালাৰ্কসদৃশীতনুম্।
নাৰদাদ্যৈৰ্মুনিগণৈঃ সেবিতাং ভবসুন্দৰীম্॥
ত্ৰিবলীবলয়োপেত নাভিনালমৃণালিনীম্।
ঈষৎসহাস্যবদনাম্ কাঞ্চনাভাম্ বৰপ্ৰদাম্॥
নবযৌবন সম্পন্নাম সৰ্বাভৰণ ভূষিতাম্।
কৰুণামৃত বৰ্ষিন্যা পশ্যন্তীম্ সাধকম্ দৃশা॥
ৰত্নদ্বীপে মহাদ্বীপে সিংহাসনসমন্বিতে।
প্ৰফুল্লকমলাৰূঢ়াং ধ্যায়েত্তাং ভবগেহিনীম্॥
বিচিন্তয়েৎ জগতাম্ ধাত্ৰীম্ ধৰ্মকামাৰ্থ মোক্ষদাম্॥

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Hindu Gods and Goddesses, Swami Harshananda, Sri Ramakrishna Math, Chennai, p. 123
  2. বাংলা ভাষাৰ অভিধান, জ্ঞানেন্দ্ৰমোহন দাস সংকলিত আৰু সম্পাদিত, সাহিত্য সংসদ, কলকাতা
  3. অমলকুমাৰ বন্দ্যোপাধ্যায়. পৌৰাণিকা : বিশ্বকোষ হিন্দুধৰ্ম. ফাৰ্মা কেএলএম প্ৰাঃ লিঃ. পৃষ্ঠা. ৫৬২. 
  4. "Overflowing with Ecstasy". The Stattesman. https://www.thestatesman.com/features/overflowing-with-ecstasy-1502517398.html.