জাম্বিলা আঠন
অসমৰ এক উল্লেখযোগ্য পাৰ্বত্য জনগোষ্ঠী কাৰ্বিসকল। কাৰ্বিসকলৰ ঐতিহ্যমণ্ডিত জাতীয় গৌৰৱাত্মক প্ৰতীক জাম্বিলা আঠন বা জাম্বিলী আথন (ইংৰাজী: Jambili Athon)। জাম্বিলী শব্দৰ অৰ্থ ‘কাৰ্বি মোনা’ আৰু আথন মানে ‘গছৰ ঠানি’। গতিকে জাম্বিলী আথনৰ আক্ষৰিক অৰ্থ ‘মোনা ৰখা ডাল’। এখন দা আৰু এখন মোনা কান্ধত লৈ ফুৰাটো মংগোলীয় মানুহৰ এক বৈশিষ্ট্য। কাৰ্বিসকলো মংগোলীয় মূলৰ। সেয়ে তেওঁলোকো ইয়াৰ ব্যতিক্ৰম নহয়। সেয়ে, শব্দগত অৰ্থৰ ফালৰ পৰা ‘জোলোঙা থোৱা আধাৰ’ৰূপে জাম্বিলী আথনৰ উৎপত্তি বুলি ভাবিবৰ থল আছে। কাৰ্বি জনগোষ্ঠীৰ লিখিত বুৰঞ্জী পাবলৈ নাই। বহু ক্ষেত্ৰত লোক কথা, কাহিনীগীত আদিক ঐতিহাসিক সমল হিচাপে লোৱা হয়। জাম্বিলী আথনৰ সৈতে সম্পৰ্কিত তেনে কাহিনী গীতৰ পৰা জাম্বিলী আথনক পোনতে প্ৰেমৰ প্ৰতীক, ৰাজকীয় প্ৰতীক, আধ্যাত্মিক ভাৱাদৰ্শ নিহিত ধৰ্মীয় সম্পদৰূপে গণ্য কৰা হয়। এই তিনিওটাৰ লগত জড়িত কাহিনীগীত এতিয়াও কাৰ্বি সমাজত প্ৰচলিত হৈ আছে।
কাৰ্বি সমাজৰ মুখ্য উংসৱ চ'মাংকানৰ লগত ‘জাম্বিলী আথন’ বিশেষ ভাৱে জড়িত। জাম্বিলী আথন সম্পৰ্কে ৰংবং তেৰাঙে কয়, “চ'মাংকান উৎসৱ যদি কাৰ্বি কৃষ্টিৰ প্ৰাণ বুলি ধৰা হয়; তেনেহলে কাৰ্বি কৃষ্টিৰ আত্মা হ’ল জাম্বিলী আথন”।[1] জাম্বিলী আথন বিশেষ কাঠেৰে নিৰ্মিত ক’লা ৰং বোলোৱা এক সুন্দৰ শিল্পকৰ্ম। জাম্বিলী আথন নিৰ্মাণ কৰিবলৈ এক শ্ৰেণীৰ বিশেষ শিল্পী আছে। তেওঁলোকক ‘বাৰই’ বোলা হয়। জাম্বিলী আথনৰ মাজত এডাল মূল দণ্ড থাকে, যাৰ উচ্চতা ৪.১২ মিটাৰ আৰু ইয়াৰ চাৰিওটা দিশত চাৰিডাল তুলনামূলকভাৱে সৰু দণ্ড মূল দণ্ডৰ সৈতে সংযোগ কৰা থাকে। ই বেংৱই নামৰ এজাতি বিশেষ কাঠৰ পৰা নিৰ্মিত। মধ্যদণ্ডৰ একেবাৰে ওপৰত ভীমৰাজ পখী, শাখাদণ্ড সমূহত ফেঁচু চৰাই আৰু মধ্যদণ্ডৰ গাটোত বিভিন্ন ভংগীত বাঢ়ৈটোকা চৰাইৰ প্ৰতিকৃতি ৰখা হয়। ইয়াৰ উপৰি দুটা মোহৰৰ সৈতে ল’জি (আইনা), বিশডাল চ’ৱাই আলেক(কঁড়িৰ মালা) আৰু এডাল লেকপংতিং (ঢোলাৰদৰে মণিৰ গলপতা) সুন্দৰকৈ আঁৰি জাম্বিলী আথন সঁজা হয়। ওপৰৰ পৰা তললৈ এই কাষ্ঠ দণ্ড বৰ সুন্দৰকৈ ৰং কৰা আৰু ইয়াৰ কাম অতি মিহি হয়। জাম্বিলী আথন কাৰ্বিসকলৰ প্ৰিয় উৎসৱ চ'মাংকানত প্ৰদৰ্শন কৰা হয়। আন সময়ত ইয়াক ‘বাৰই’, ‘হাবে’, আৰু ‘পিনোই’য়ে ঘৰত সযতনে ৰাখি থয়।[2]
জাম্বিলী আথনৰ প্ৰতিটি অংগৰ সৈতে কাৰ্বিসকলৰ বিভিন্ন দিশ প্ৰতীকাত্মক ৰূপত ধৰা পৰে। মূল দণ্ডৰ লগতে আন চাৰিটি শাখা দণ্ড, মুঠ পাঁচটি দণ্ডই কাৰ্বিসকলৰ মূল পাঁচটি ফৈদ যেনে, ইংতি, ইংহি, তেৰাং, টেৰণ আৰু তিমুঙক প্ৰতিনিধিত্ব কৰে। কেউটি গোট এডাল মূল দণ্ডতে সংযুক্ত হৈ কাৰ্বি জাতিৰ ঐক্য সংহতি প্ৰতিপন্ন কৰিছে। অৱশ্যে বহুতে এই ধাৰণা মানি নলৈ বেলেগ বেলেগ কাহিনীগীতৰ মতে বেলেগ বেলেগ ব্যাখ্যা দাঙি ধৰে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে ঠাইভেদে জাম্বিলী আথনৰ গঠনৰ তাৰতম্যও সম্প্ৰতি দেখা যায়।
জাম্বিলী আথন চ'মাংকান উছৱৰ এক অপৰিহাৰ্য্য অংগ। এই উছৱত দূৰ-দূৰণিৰ পৰা কাৰ্বি ডেকা-গাভৰুৱে ঢাল-তৰোৱাল, ঢাক-ঢোল-পেঁপা আৰু আটকধুনীয়া সাজ-সজ্জাৰে সজ্জিত হৈ সুন্দৰ একোডাল জাম্বিলী আথন কঢ়িয়াই আনে। দহাঘৰৰ প্ৰাংগণত ‘হংথৰ’ (বাঁহেৰে সজা দীঘল চাং)ৰ সম্মুখত প্ৰত্যেকে জাম্বিলী আথন পুতি থিয় কৰি থৈ ঢোলৰ ছেঁৱে ছেঁৱে নৃত্য কৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ “তিনি জনগোষ্ঠীৰ লোক উছৱৰ চাক্ষুষ অভিজ্ঞতা” মুৰুলীধৰ দাস: - ‘মনপুৰ- মৌচন্দা’ অসম সাহিত্যসভাৰ ত্ৰিসপ্ততিতম কলিয়াবৰ অধিৱেশনৰ স্মাৰক গ্ৰন্থ।
- ↑ Traditional woodcraft, Jambili Athon of the Karbis: Robindra Teron, Deptt. of Botany, Diphu Govt. College : Indian Journal of Traditional Knowledge, Vol. 7(1) January 2008