আগাথা ক্ৰিষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আগাথা ক্ৰিষ্টি
লেডি মেলোৱেন
জন্ম আগাথা মেৰি ক্লেৰিছা মিলাৰ
১৫ ছেপ্টেম্বৰ, ১৮৯০
টৰ্কুৱেই, ডেভন, ইংলেণ্ড
মৃত্যু ১২ জানুৱাৰী, ১৯৭৬ (৮৫ বছৰ)
উইণ্টাৰবুক হাউছ, উইণ্টাৰবুক, অক্সফৰ্ডশ্বায়াৰ
সমাধিস্থল ছেইণ্ট মেৰিৰ গীৰ্জা, ছ'লছেই, অক্সফৰ্ডশ্বায়াৰ, ইংলেণ্ড
ছদ্মনাম মেৰি ৱেষ্টমেকট
পেচা ঔপন্যাসিকা,
চুটি গল্পৰ লেখিকা,
নাট্যকাৰ,
কবি,
আত্মজীৱনীকাৰ
ধৰণ হত্যাজনিত ৰহস্য, থ্ৰিলাৰ, অপৰাধমূলক সাহিত্য, ডিটেকটিভ সাহিত্য, ৰোমাণ্টিক সাহিত্য
সাহিত্যিক বিপ্লৱ ডিটেকটিভ কল্প-কাহিনীৰ সোণালী যুগ
উল্লেখনীয় কৰ্মৰাজি হাৰকিউল পয়ৰট আৰু মিছ মাৰ্পল নামৰ চৰিত্ৰ সৃষ্টি,
মাৰ্ডাৰ অন ডা অৰিয়েণ্ট এক্সপ্ৰেছ,
এণ্ড ডেন ডেয়াৰ ওৱেৰ নান,
ডা মাউছট্ৰেপ
সন্তান

স্বাক্ষৰ
ৱেবছাইট agathachristie.com

ডেম আগাথা মেৰি ক্লেৰিছা মিলাৰ, লেডি মেলোৱেন (ইংৰাজী: Dame Agatha Mary Clarissa Christie, Lady Mallowan; ১৫ ছেপ্টেম্বৰ ১৮৯০-১২ জানুৱাৰী ১৯৭৬) এগৰাকী বিশ্ববন্দীত ইংৰাজী লেখিকা। তেওঁৰ জনপ্ৰিয়তাৰ মূল কাৰণ হৈছে তেওঁৰ দ্বাৰা লিখিত ৬৬খন উপন্যাস, ১৪খন চুটিগল্প সংকলন আৰু হাৰকিউল পয়ৰো, মিছ মাৰ্পল নামৰ কাল্পনিক ডিটেকটিভ চৰিত্ৰ দুটাৰ সৃষ্টি। দা মাউছট্ৰেপ (The Mousetrap) নামৰ ৰহস্যধৰ্মী নাটকখনৰ বাবেও আগাথা ক্ৰিষ্টি জনাজাত। উল্লেখযোগ্য যে, এইখন হৈছে পৃথিৱীত সুদীৰ্ঘ সময় ধৰি প্ৰদৰ্শিত হোৱা নাটক। [1]

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে আগাথা ক্ৰিষ্টিক সৰ্বকালৰ সৰ্বাধিক বিক্ৰী হোৱা ঔপন্যাসিকা হিচাপে তালিকাভুক্ত কৰিছে। তেওঁৰ উপন্যাসৰ বিক্ৰী-সংখ্যাই প্ৰায় ৩০০ কোটিৰ ঘৰ চুইছে। পৃথিৱীত বহুলভাৱে প্ৰকাশিত হোৱা গ্ৰন্থৰ তালিকাখনত শ্বেইকছপীয়েৰ আৰু বাইবেলৰ পিছতেই আছে আগাথা ক্ৰিষ্টিৰে নাম।[2] ইণ্ডেস্ক ট্ৰেন্সলেছ'নামৰ মতে(Index Translationum) আগাথা ক্ৰিষ্টিৰ গ্ৰন্থ ১০৩টা ভাষালৈ অনূদিত হৈছে। সৰ্বাধিক ভাষালৈ অনূদিত হোৱা লেখকৰ তালিকাত আগাথা ক্ৰিষ্টিয়েই প্ৰথম স্থান অধিকাৰ কৰিছে। [3]

আগাথা ক্ৰিষ্টিৰ দ্বাৰা লিখিত এণ্ড ডেন ডেয়াৰ ওৱেৰ নান শীৰ্ষক উপন্যাসখন হৈছে তেওঁৰ সৰ্বাধিক বিক্ৰী হোৱা উপন্যাস। কিতাপখনৰ এতিয়ালৈকে ১০ কোটি (১০০ মিলিয়ন) কপি বিক্ৰী হৈছে। সেইকাৰণে এইখন গ্ৰন্থক পৃথিৱীৰ সৰ্বাধিক বিক্ৰী হোৱা ৰহস্যধৰ্মী কাহিনী আখ্যা দিয়া হয়। [4] ক্ৰিষ্টিৰ দ্বাৰা ৰচিত এখন আলোড়ন-সৃষ্টিকাৰী নাটক দা মাউছট্ৰেপৰ এটা বিৰল অভিলেখ আছে। এইখন নাটকৰ প্ৰথমটো প্ৰদৰ্শনী আৰম্ভ হৈছিল ১৯৫২ চনৰ ২৫ নৱেম্বৰত। ইংলেণ্ডৰ ৱেষ্ট এণ্ডস্থিত এম্বাছাডৰছ্ থিয়েটাৰত। আৰু তেতিয়াৰ পৰা ২০১৯ চনৰ এপ্ৰিললৈকে এই নাটকখনে ২৭,০০০টা প্ৰদৰ্শনী সম্পন্ন কৰিছে। পৃথিৱীত দীৰ্ঘসময়ৰ বাবে চলা এইখনেই হৈছে একমাত্ৰ নাটক।[5]

শৈশৱ আৰু শিক্ষা[সম্পাদনা কৰক]

কৈশোৰ অৱস্থাত আগাথা ক্ৰিষ্টি

আগাথা ক্ৰিষ্টিৰ জন্ম হৈছিল ১৮৯০ চনৰ ১৫ ছেপ্টেম্বৰত। দক্ষিণ-পশ্চিম ইংলেণ্ডৰ ডেভনৰ টৰ্কুৱেইত। আগাথাৰ জন্ম হৈছিল এক মধ্যবিত্তৰ পৰিয়ালত। আন ল'ৰা-ছোৱালীৰ লগত স্কুললৈ পঠিওৱাৰ পৰিৱৰ্তে আগাথাই ঘৰতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। আৰু এইক্ষেত্ৰত বেছিকৈ সহায় কৰিছিল তেওঁৰ দেউতাকে। আগাথাৰ মাকৰ নাম আছিল ক্লাৰা। তেওঁ খুউব ধুনীয়াকৈ সাধু ক'ব জানিছিল। আঠ বছৰ নোহোৱা পৰ্যন্ত আগাথাই কিতাপ পঢ়াটো তেওঁ বিচৰা নাছিল। কিন্তু এইটো পৰিৱেশে এসময়ত আগাথাক আমুৱালে আৰু তেওঁ নিজেই কিতাপ পঢ়িবলৈ শিকিলে। সেইসময়ত আগাথাৰ বয়স আছিল পাঁচ বছৰ। [6]

আগাথাৰ ১১ বছৰ বয়সত তেওঁৰ দেউতাকৰ মৃত্যু হৈছিল। আৰ্থিক দুৰ্যোগৰ পৰিণতিত দেউতাকৰ স্বাস্থ্য ক্ৰমাৎ শোচনীয় হৈ আহিছিল আৰু এদিন হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁ মৃত্যু মুখত পৰে। দেউতাকৰ মৃত্যু হোৱাত আগাথা আৰু মাতৃ ক্লাৰা শোক আৰু হতাশাত ভাগি পৰে। তেওঁলোক কিংকৰ্তব্যবিমূঢ় হৈ পৰে। আৰ্থিক সমস্যাৰে জুৰুলা হৈ তেওঁলোকে বহুমূলীয়া সম্পত্তিও বিক্ৰী কৰাৰ কথা ভাবিছিল। অৱশেষত এই বিপদৰ পৰা মুক্তি পাবলৈ তেওঁলোকে অইন এটা পথ দেখা পালে। পেঞ্চনৰ সুবিধা গ্ৰহণ কৰি ১৫ বছৰ বয়সত আগাথাই পিয়ানো আৰু সংগীতৰ শিক্ষা গ্ৰহণ কৰিলে। পিছে আগাথাই অচিনাকি মানুহৰ সমুখত সংগীত পৰিৱেশন কৰিবলৈ ভীষণ লাজ আৰু অপ্ৰস্তুত অনুভৱ কৰিছিল। ১৮ বছৰ বয়সত আগাথাই কিছুমান চমৎকাৰী চুটি গল্প লিখিব পৰা হ'ল। সেইবোৰ গল্প '৩০ৰ দশকত সংশোধিত হৈ প্ৰকাশৰ মুখ দেখা পাইছিল।[6]

বিবাহ[সম্পাদনা কৰক]

১৯১২ চনত আগাথা ক্ৰিষ্টিৰ সাক্ষাৎ হয় বৈমাণিক আৰ্চি ক্ৰিষ্টিৰ লগত। ১৯১৪ চনৰ বৰদিনৰ সময়ত তেওঁলোক দুয়ো বিবাহপাশত আৱদ্ধ হয়। প্ৰথমখন বিশ্বযুদ্ধৰ সময়ত তেওঁলোকৰ মাজত কমকৈ দেখা-দেখি হৈছিল। ১৯১৮ চনত আৰ্চিক লণ্ডনস্থিত যুদ্ধৰ কাৰ্যালয়ত স্থলাভিষিক্ত কৰা হয়। ১৯১৯ চনৰ ৫ আগষ্টত তেওঁলোকৰ ৰজেলিণ্ড নামৰ একমাত্ৰ কন্যা সন্তানটিৰ জন্ম হয়। পিছে দুৰ্ভাগ্যজনকভাৱে আগাথা আৰু আৰ্চিৰ বৈবাহিক জীৱন বেছি বছৰ স্থায়ী নহ'ল। ১৯২৮ চনত তেওঁলোক দুয়োৰে মাজত বিবাহ-বিচ্ছেদ হয়। আৰ্চি তেওঁ সতীৰ্থ গ'ল্ফ খেলুৱৈ নেন্সি নিলেৰ প্ৰেমত পৰিছিল। ১৯৩০ চনৰ ১১ ছেপ্টেম্বৰত আগাথাই তেওঁতকৈ তেৰ বছৰ সৰু[7]প্ৰত্নতত্ত্ববিদ মেক্স মেলোৱিনৰ লগত পুনৰ বিবাহত বহে। এডিনবাৰ্গৰ ছেইণ্ট কাথবাৰ্টৰ গীৰ্জাত তেওঁলোকৰ বিবাহ সম্পন্ন হয়। [6] আগাথা ক্ৰিষ্টিৰ মৃত্যু পৰ্যন্ত তেওঁলোক দুয়োয়ে এক সুখী দাম্পত্য জীৱন কটাইছিল।[8]


আগাথা ক্ৰিষ্টি অন্তৰ্ধান হ'ল[সম্পাদনা কৰক]

বাতৰিকাকতত ক্ৰিষ্টি উদ্ধাৰ হোৱাৰ বাতৰি

১৯২৬ চনৰ ৩ ডিচেম্বৰত আগাথা ক্ৰিষ্টি হঠাতে ঘৰৰ পৰা অন্তৰ্ধান হয়। জীয়েক ৰজেলিণ্ড আৰু ঘৰটোক বনকৰা মহিলাৰ হাতত চমজাই আগাথা ঘৰৰ পৰা প্ৰস্থান কৰে। ক'লৈ যাব, কি কৰিব-এই বিষয়ে তেওঁ একো কথাই জনোৱা নাছিল। তাৰ পিছদিনা অৰ্থাৎ, ৩ ডিচেম্বৰৰ দিনা আগাথাৰ গাড়ীখন 'চ্ছাৰে'ৰ নিউলেণ্ডছ্ কৰ্ণাৰ নামৰ ঠাই এডোখৰত থকা ছাইলেণ্ট পুল হ্ৰদ এটাৰ কাষত পৰিত্যক্ত অৱস্থাত পোৱা যায়। আগাথাৰ এই আকস্মিক নিৰুদ্দেশ হোৱাৰ খবৰে সমগ্ৰ দেশতে এক আলোড়নৰ সৃষ্টি কৰে। আৰক্ষীৰ ফালৰ পৰা জোৰদাৰ অনুসন্ধান কাৰ্য চলোৱা হয়। এদিন খবৰ ওলাল, হেৰোগেট নামৰ ঠাইত থকা হেৰোগেট স্পা হোটেলত থেৰেছা নিল নামৰ মহিলা এগৰাকীক দেখা পোৱা গৈছে আৰু তেঁৱেই আগাথা বুলি ঠাৱৰ কৰা হৈছে। হোটেলখনৰ কৰ্মচাৰীয়ে আগাথাক চিনাক্ত কৰিলে আৰু ততালিকে আৰক্ষীক খবৰ দিলে। পিছে যেতিয়া প্ৰথমজন স্বামী আৰ্চিয়ে তেওঁক দেখা কৰিবলৈ আহিল, আগাথাই তেওঁক চিনি নেপালে। আগাথাই স্মৃতিভ্ৰংশত ভুগিছে বুলি সন্দেহ কৰা হ'ল। সেয়ে বোধহয় তেওঁ কথাবোৰ মনত পেলাব পৰা নাছিল। আগাথা ক্ৰিষ্টি অত্যন্ত একান্ত মনৰ মানুহ আছিল। অৰ্থাৎ নিজৰ ব্যক্তিগত কথা ৰাজহুৱা কৰাটো তেওঁৰ ব্যক্তিত্ববৰ্হিভূত দিশ আছিল। সংবাদমাধ্যমৰ হুলস্থূলীয়া পৰিৱেশত তেওঁৰ সেই স্বভাৱৰ চোক বৃদ্ধিহে হৈছিল। জীৱনৰ এঘাৰদিনীয়া অন্তৰ্ধানৰ কথা আগাথাই কোনোদিনেই তেওঁৰ পৰিয়ালৰ মানুহৰ আগত, বন্ধুমহলৰ আগত প্ৰকাশ কৰা নাছিল।[6][9]

কৰ্মজীৱন[সম্পাদনা কৰক]

ডিটেকটিভ হাৰকিউল পয়ৰোৰ সৃষ্টি[সম্পাদনা কৰক]

প্ৰথম বিশ্বযুদ্ধৰ সময়ত ,অইন বিভিন্ন ঠাইৰ দৰে টৰ্কুৱেইতো কিছুমান বেলজিয়ান শৰণাৰ্থীক দেখিবলৈ পোৱা গৈছিল। বাস্তৱ জীৱনৰ সেই শৰণাৰ্থীসকলৰ পৰাই আগাথা ক্ৰিষ্টিয়ে এজন কাল্পনিক আৰক্ষী বিষয়া সৃষ্টি কৰিবলৈ প্ৰেৰণা লাভ কৰিলে। যাৰ নাম ৰখা হ'ল-হাৰকিউল পয়ৰো। প্ৰথম বিশ্ব যুদ্ধৰ সময়ৰ পৰাই আগাথাই ডিটেকটিভ গল্প লিখিবলৈ আৰম্ভ কৰিছিল। তাৰপিছত তেওঁ উপন্যাস-ৰচনাত মনোনিৱেশ কৰিলে। পিছে আগাথাই প্ৰথমখন ডিটেকটিভ উপন্যাস The Mysterious Affair at Styles লিখোঁতে যিমান সময় লাগিল, তাতকৈ বেছি সময় কিতাপখন প্ৰকাশ কৰিব খোজা প্ৰকাশক বিচাৰোতে লাগিল। অৱশেষত ব্ৰডলি হে'ডৰ জন লেনে উপন্যাসখন প্ৰকাশ কৰাৰ দায়িত্ব লয়। কিন্তু উপন্যাসৰ সমাপ্তিটো সলোৱাৰ প্ৰস্তাৱ দিয়ে। আগাথাই সেই প্ৰস্তাৱত সন্মতি দিয়ে।[10]১৯২০ চনত উপন্যাসখন প্ৰকাশিত হয়। [11]

আগাথা ক্ৰিষ্টি-সৃষ্ট অন্যান্য চৰিত্ৰ[সম্পাদনা কৰক]

হাৰকিউল পয়ৰটৰ বাহিৰেও আগাথা ক্ৰিষ্টিয়ে একাধিক জনপ্ৰিয় চৰিত্ৰ সৃষ্টি কৰিছিল।

  • মিছ মাৰ্পল

ছেইণ্ট মেৰি মিডৰ এখন গাঁৱত জীৱন কটোৱা এগৰাকী বুদ্ধিমতী মহিলা। মানৱীয় চৰিত্ৰ সূক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ অদ্ভুত ক্ষমতাৰ গৰাকী। ছাৰ হেনৰি ক্লিথাৰিঙৰ মতে- মিছ মাৰ্পল হৈছে ভগৱানে সৃষ্টি কৰা শ্ৰেষ্ঠতম ডিটেকটভ। পৰিচিত মাটিত জন্মগ্ৰহণ কৰা এগৰাকী প্ৰাকৃতিক জিনিয়াছ। ১৯৩০ চনত প্ৰকাশিত উপন্যাস 'দা মাৰ্ডাৰ এট্ দা ভাইকাৰেজ'ত মিছ মাৰ্পলে পোনপ্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰে।[12]

  • টমি আৰু টাপিন্স

টাপিন্স এগৰাকী যুৱতী। আনহাতে টমি এজন যুৱক। তেওঁলোক হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চোৰাংচোৱা। অভিযানসমূহ নিয়াৰিকৈ চলাই নিবলৈ তেওঁলোক দুয়ো মিলি ইয়ং এডভেন্সাৰছ্ লিমিটেড গঠন কৰিছিল। এই দুয়োটা চৰিত্ৰই ১৯২২ চনত প্ৰকাশিত উপন্যাস দা চিক্ৰেট এডভাৰ্ছাৰিত আত্মপ্ৰকাশ কৰে। [13]

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

আগাথা ক্ৰিষ্টিয়ে ৰহস্যধৰ্মী,ৰোমাণ্টিক,থ্ৰিলাৰধৰ্মীকে ধৰি বহুতো উপন্যাস, গল্পাদি ৰচনা কৰিছিল। তেওঁৰ জনপ্ৰিয় চৰিত্ৰ হাৰকিউল পয়ৰোৱে ৩৩খন উপন্যাস আৰু ৬৫টা চুটি গল্পত ভূমুকি মাৰিছিল। আনহাতে ডিটেকটিভ নাৰী চৰিত্ৰ জেন মাৰ্পলক লৈ আগাথাই মুঠ ১২খন উপন্যাস আৰু ২০টা চুটি গল্প ৰচনা কৰিছিল। [14]

  • ৰহস্যধৰ্মী উপন্যাস (ডিটেকটিভ চৰিত্ৰ: হাৰকিউল পয়ৰো)
  1. দা মাৰ্ডাৰ অন দা লিংকছ্ (১৯২৩)
  2. দা মাৰ্ডাৰ অৱ ৰ'জাৰ এক্ৰয়ড (১৯২৬)
  3. দা বিগ ফ'ৰ (১৯২৭)
  4. দা মিষ্ট্ৰী অৱ দা ব্লু ট্ৰেইন (১৯২৮)
  5. মাৰ্ডাৰ অন দা অৰিয়েণ্ট এক্সপ্ৰেছ(১৯৩৪)[15]

  • ৰহস্যধৰ্মী উপন্যাস (ডিটেকটিভ চৰিত্ৰ: মিছ মাৰ্পল)
  1. দা বয় ইন দা লাইব্ৰেৰি (১৯৪২)
  2. এ মাৰ্ডাৰ ইজ এনাউন্সড্ (১৯৫০)
  3. এ পকেট ফুল অৱ ৰায় (১৯৫৩)
  4. এ কেৰিবিয়ান মিষ্ট্ৰী (১৯৬৪)
  5. নেমেছিছ (১৯৭১)[16]

  • ৰোমাণ্টিক উপন্যাস
    (আগাথা ক্ৰিষ্টিয়ে মেৰি ৱেষ্টমেক'ট ছদ্মনামেৰে ছখন ৰোমাণ্টিক উপন্যাস ৰচনা কৰিছিল। )
  1. জায়েণ্টছ ব্ৰেড (১৯৩০)
  2. আনফিনিছড পট্ৰেয়ট (১৯৩৪)
  3. এবছেণ্ট ইন দা স্প্ৰীং (১৯৪৪)
  4. দা ৰ'জ এণ্ড দা ইউ ট্ৰি (১৯৪৮)
  5. এ ড'টাৰছ্ এ ড'টাৰ (১৯৫২)
  6. দা বাৰ্ডেন (১৯৫৬)[17]

মৃত্যু[সম্পাদনা কৰক]

বিশ্বৰ অগণন মানুহক নিজৰ অতুলনীয় সৃষ্টিৰে বিস্ময়াভিভূত কৰি আগাথা ক্ৰিষ্টিয়ে ১৯৭৬ চনৰ ১২ জানুৱাৰীত মৃত্যুবৰণ কৰে। ৱালিংফ'ৰ্ডৰ সমীপৱৰ্তী চ'লছেৰ ছেইণ্ট মেৰিজ সমাধিক্ষেত্ৰত তেওঁক সমাধিস্থ কৰা হয়। [18]

আগাথা ক্ৰিষ্টিৰ সমাধিক্ষেত্ৰ

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "আৰ্কাইভ কপি". Archived from the original on 2012-06-26. https://web.archive.org/web/20120626071333/https://www.the-mousetrap.co.uk/Online/default.asp। আহৰণ কৰা হৈছে: 2012-06-26. 
  2. http://www.independent.co.uk/arts-entertainment/books/news/agatha-christie-mystery-of-crime-writers-disappearance-tackled-in-kate-mosse-story-10500837.html
  3. McWhirter, Norris; McWhirter, Ross (1976). Guinness Book of World Records, 11th U.S. Edition. Bantam Books. p. 704.
  4. http://entertainment.howstuffworks.com/arts/literature/21-best-sellers14.htm#page=6
  5. http://artsbeat.blogs.nytimes.com/2012/01/26/london-theater-journal-comfortably-mousetrapped/
  6. 6.0 6.1 6.2 6.3 "এবাউট আগাথা ক্ৰিষ্টি". আগাথা ক্ৰিষ্টিৰ ৱেবছাইট. http://www.agathachristie.com/about-christie। আহৰণ কৰা হৈছে: 23 July 2019. 
  7. http://www.freebmd.org.uk/cgi/information.pl?cite=X/BgKHlbCh8EpgSzBDoLGQ&scan=1
  8. Thompson, Laura (2008), Agatha Christie: An English Mystery, London, UK: Headline Review, ISBN 978-0-7553-1488-1
  9. http://www.poirot.us/disappear.php
  10. http://books.google.co.in/books/about/Agatha_Christie.html?id=w4paAAAAMAAJ&redir_esc=y
  11. The Mystery of Agatha Christie – A Trip With David Suchet (Directed by Claire Lewins). Testimony films (for ITV)
  12. http://www.agathachristie.com/characters/miss-marple#explore
  13. http://www.agathachristie.com/characters/tommy-and-tuppence#explore
  14. http://www.poirot.us/poirot.php
  15. http://www.agathachristie.com/stories?format=novel&character=hercule-poirot&sorting=yearFirstReleased#filters
  16. http://www.agathachristie.com/stories?format=novel&character=miss-marple&sorting=yearFirstReleased#filters
  17. #http://www.agathachristie.com/stories/mary-westmacott
  18. http://www.agathachristie.com/about-christie#christies-life

বাহ্যিক সংযোগ[সম্পাদনা কৰক]