শ্যামা (অভিনেত্ৰী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
শ্যামা
জন্ম খুৰচিদ আখটাৰ
৭ জুন, ১৯৩৫
লাহোৰ, পাঞ্জাব প্ৰদেশ, ব্ৰিটিছ ভাৰত
(বৰ্তমান পাকিস্তানত)
মৃত্যু ১৪ নৱেম্বৰ, ২০১৭ (৮২ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
সমাধিস্থল বড়া কবৰস্তান, মেৰাইন লাইনছ্, মুম্বাই
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৪৫-১৯৮৯
উল্লেখযোগ্য কৰ্ম তাৰানা (১৯৫১)
আৰপাৰ (১৯৫৪)
সাৰদা (১৯৫৭)
বৰসাত কী ৰাত (১৯৬০)
দাম্পত্যসঙ্গী ফলি মিস্ত্ৰী (১৯৫৩-১৯৭৯; তেওঁৰ মৃত্যু পৰ্যন্ত)
বঁটা, সন্মান, পুৰস্কাৰ আদি শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা (১৯৫৮)

শ্যামা (জন্ম: খুৰচিদ আখটাৰ; ইংৰাজী: Shyama ; ৭ জুন ১৯৩৫-১৪ নবেম্বৰ ২০১৭) এগৰাকী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী আছিল। ১৯৪৫ৰ ১৯৮৯লৈ তেওঁ অভিনয় জীৱনত সক্ৰিয় হৈ আছিল। তেওঁক আৰপাৰ, বৰসাত কী ৰাত আদি ছবিৰ বাবে খ্যাত।

ব্যাক্তিগত জীৱন[সম্পাদনা কৰক]

চু মন্তৰত (১৯৫৬) শ্যামা

১৯৩৫ চনত এটা মুছলমান পৰিয়ালত তেওঁৰ জন্ম হয়। ১৯৫৩ চনত ফলি মিস্ত্ৰীৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়। ফলি মিস্ত্ৰী গুজৰাটৰ এজন পাৰ্চী সম্প্ৰদায়ৰ লোক আছিল। শ্যামাৰ অভিনয় জীৱনত প্ৰভাৱ পৰিব বুলি তেওঁলোকে এই বিবাহৰ কথা দহ বছৰ ধৰি গোপনে ৰাখিছিল। সেই সময়ত বিবাহিত বুলি জানিলে মহিলা তাৰকাৰ অনুগামীৰ সংখ্যা হ্ৰাস পাব বুলি ভবা হৈছিল। তেওঁলোকৰ প্ৰথম সন্তানটো জন্মৰ সময়তহে এই বিবাহৰ কথা প্ৰকাশ পাইছিল। দম্পতিহালৰ তিনিটা সন্তান আছিল, পুত্ৰ ফাৰুক আৰু ৰোহিত্তন, জীয়ৰী চিৰিন। ফলি মিস্ত্ৰীৰ মৃত্যু ১৯৭৯ চনত হয়। তাৰপিছৰে পৰা শ্যামাই মুম্বাইত থাকিবলৈ লৈছিল।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৪০ৰ দশকত লাহোৰৰ পৰা মুম্বাইলৈ আহিছিল। তেওঁ কম বয়সতে চৌকত ৰিজভিৰ জীন্নতত (১৯৪৫) নুৰজাহানৰ ভূমিকাত আৰু মীৰাবাই (১৯৪৭) ছবিত অভিনয় কৰে।[2] ১৯৫৭ চনত তেওঁক শাম্মী কাপুৰৰ সৈতে ধ্ৰুপদী ৰোমান্তিক ছবি মিৰ্জা চাহিবাত দেখা যায়।

পৰিচালক বিজয় ভাটে তেওঁক মঞ্চনাম শ্যামা দিয়ে, যি নামেৰে তেওঁ পৰৱৰ্তী ছবিবোৰত অভিনয় কৰিছিল। তেওঁ গুৰু দত্তআৰপাৰত মুখ্য ভূমিকাত অভিনয় কৰে। তাৰপিছত কৰে বৰসাত কী ৰাত আৰু এইখনক তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন বুলি ভবা হয়। তেওঁ পঞ্চাচ আৰু ষাঠিৰ দশকৰ এগৰাকী আগশাৰীৰ মুখ্য অভিনেত্ৰী আছিল আৰু ১৫০খনত কৈও অধিক ছবিত অভিনয় কৰিছিল; ইয়াৰ বহুতো নায়িকাৰ চৰিত্ৰত। মিলন, ভাইভাই (১৯৫৬),মিৰ্জা চাহিবা (১৯৫৭),ভাবী (১৯৫৭) আৰু সাৰদাত (১৯৫৭) তেওঁৰ বহুমুখী অভিনয় প্ৰতিভা দেখা যায়। সাৰদা ছবিৰ অভিনয়ৰ বাবে তেওঁ ১৯৫৮ চনৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা পায়।

পঞ্চাছৰ দশকৰ শেষৰ ফালৰ তেওঁ এনে এগৰাকী অভিনেত্ৰী আছিল, যিয়ে সংগীত পৰিচালক আৰু গীতিকাৰসকলৰ ছন্দ আৰু গীতৰ প্ৰতি আটাইতকৈ ধনাত্মক সঁহাৰি দিছিল। শ্যামাৰ ওপৰত চিত্ৰায়িত কৰা "এ দিল মুঝে বতাদে", "ও চান্দ জহাঁ ও যায়ে", "এ লো মেঁ হৰি পিয়া", "দেখো ও চান্দ চুপ কে কৰাতা হ্যায় ক্যা ইছাৰা" আদি গীত তেওঁৰ সংবেদনশীল অভিনয়ৰ উদাহৰণ। তেওঁ "দো বেহেন"ত (১৯৫৯) দুজনী পৰস্পৰ বিপৰীতধৰ্মী চৰিত্ৰৰ ভনীয়েকৰ দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল।

এটা সাক্ষাৎকাৰত তেওঁ উল্লেখ কৰিছিল, ‘মই কেতিয়াও (অভিনয়ৰ বিষয়ে) শিকিবলগীয়া হোৱা নাই। মই আত্মবিশ্বাসী আছিলো আৰু বেছি চিন্তা কৰিবৰ প্ৰয়োজন নাছিল।’ তেওঁ বিশ্বাস কৰিছিল, তাৰকা জন্মে, তৈয়াৰ কৰিব পৰা নাযায়।[3]

জনী ৱাকাৰ আৰু শ্যামাই চু মন্তৰ, আৰপাৰ, মুচাফিৰখানা, খোটে পেইছে আৰু খেল খিলাড়ি কাত একেলগে কাম কৰে।[4] পিছৰ সময়চোৱাত তেওঁ ছবি যেনে- মাষ্টাৰজী (১৯৮৫)অজনবী (১৯৭৪),শাৱন ভাদো (১৯৭০),দিল দিয়া দৰ্দ লিয়া (১৯৬৬) আদিত স্মৰণীয় চৰিত্ৰত অভিনয় কৰিছে।

মৃত্যু[সম্পাদনা কৰক]

১৪ নবেম্বৰ ২০১৭ত ৮২ বছৰ বয়সত হাওফাওৰ সংক্ৰমণ হৈ শ্যামাৰ মৃত্যু হয়। তেওঁক মুম্বাইৰ মেৰাইন লাইনৰ বড়া কবৰস্তানত সমাধিস্থ কৰা হয়।[5]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]