উষা কিৰণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উষা কিৰণ

বাদবানত (১৯৫৪)উষা কিৰণ
জন্ম ২২ এপ্ৰিল, ১৯২৯
হায়দৰাবাদ, ব্ৰিটিছ ভাৰত
মৃত্যু ০৯ মাৰ্চ, ২০০০ (৭০ বছৰ)
নাচিক, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৪৯-২০০০
দাম্পত্যসঙ্গী ডাঃ মনোহৰ খেৰ
সন্তান তন্বী আজমী, অদ্বৈত খেৰ

উষা কিৰণ (ইংৰাজী: Usha Kiran; ২২ এপ্ৰিল ১৯২৯-৯ মাৰ্চ ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। চাৰি দশক জোৰা অভিনয় জীৱনত তেওঁ ৩০০খনৰো অধিক হিন্দী, গুজৰাটী আৰু মাৰাঠী ভাষাৰ ছবিত অভিনয় কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য দাগ (১৯৫২),পাতিলা (১৯৫৩),বাদবান (১৯৫৪),বাৱৰ্চী (১৯৭২)চুপকে চুপকে (১৯৭৫), আৰু মিলি (১৯৭৫)। তেওঁ ১৯৯৬-ৰ পৰা ১৯৯৭-লৈ মুম্বাইৰ নগৰপাল আছিল।[1]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

তেওঁৰ দেউতাকৰ নাম আছিল বালকৃষ্ণ বিষ্ণু মাৰাথে আৰু মাকৰ নাম আছিল ৰাধা। মাক-দেউতাৰ পাঁচজনী জীয়েকৰ ভিতৰত তেওঁ আছিল দ্বিতীয়। মুম্বাইৰ এল.টি.এম.এম.জি হাস্পাতালৰ ডীন ডাঃ মনোহৰ খেৰৰ সৈতে তেওঁ বিবাহ সম্পন্ন হয়। তেওঁ তেওঁ দুই সন্তানৰ মাতৃ, পুত্ৰ অদ্বৈত খেৰ আৰু জীয়ৰী তন্বী আজমী। পুত্ৰ অদ্বৈত পুৰ্বে ম়ডেল আছিল আৰু বৰ্তমান পত্নী, ১৯৮২ৰ ‘ফেমিনা মিচ ইণ্ডিয়া’ উত্তৰা মাত্ৰে খেৰৰ সৈতে নাচিকত বসতি স্থাপন কৰি আছে।[2] উষা কিৰণৰ জীয়ৰী তন্বী আজমী এগৰাকী প্ৰখ্যাত দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ শাবানা আজমীৰ ভাতৃ, প্ৰখ্যাত চিনেমেটোগ্ৰাফাৰ বাবা আজমীৰ পত্নী।[3]

কৰ্মজীৱন[সম্পাদনা কৰক]

এম.জি. ৰংগেকাৰৰ মাৰাঠী নাটক আশীৰ্বাদৰ যোগেদি তেওঁ অভিনয় জীৱনৰ পাতনি মেলে।[4] তেওঁৰ প্ৰথম চলচ্চিত্ৰাভিনয় ১৯৪৩ চনত, মাৰাঠী ছবি কুবেৰত। অমিয় চক্ৰৱৰ্তীয়ে গৌণ(১৯৫০) ছবিৰে তেওঁৰ হিন্দী দৰ্শকৰ সৈতে পৰিচিত কৰাই দিয়ে, য’ত তেওঁৰ বিপৰীতে অভিনয় কৰিছিল ৱাস্তিয়ে। তাপপিছত তেওঁ মনোহৰ দেশাইৰ সৈতে অভিনয় কৰে জে.বি.এইচ. ৱাডিয়াৰ মদহোচত। হ’লেও তেওঁৰ অভিনয় জীৱনৰ উত্তৰণ হয় দাগ (১৯৫২) আৰু পাতিলা (১৯৫৩) ছবিৰ যোগে। এই ছবি দুখনত তেওঁৰ বিপৰীতে অভিনয় কৰিছিল ক্ৰমে দিলীপ কুমাৰ আৰু দেবানন্দই।[1] তেওঁ অসংখ্য জনপ্ৰিয় হিন্দী ছবি, যেনে- নজৰানা (১৯৬১),বাদবান (১৯৫৪),কাবুলিৱালা (১৯৬১), মিলি (১৯৭৫),বাৱৰ্চী (১৯৭২),চুপকে চুপকে (১৯৭৫) আদিত অভিনয় কৰিছে। বানবানৰ অভিনয়ৰ বাবে তেওঁ ১৯৫৫ চনৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।[5][6]

তেওঁৰ প্ৰখ্যাত মাৰাঠী ছবিৰ ভিতৰত আছে- শিকলেলি বায়কো, জসছ তছে, পোষ্টালি মুলগি, দুধ ভাকৰ, স্ত্ৰী জন্ম হী তুজি কাহানী, কন্যাদান, গৰীব গাৰ্চি লেক আৰু কাঞ্চনজংঘাকন্যাদানৰ বাবে তেওঁ মহাৰাষ্ট্ৰ চৰকাৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।

তেওঁ ৰাজ কাপুৰ, অশোক কুমাৰ, ৰাজেন্দ্ৰ কুমাৰ, ৰাজেশ খান্না, ধৰ্মেন্দ্ৰ, অমিতাভ বচ্চন আদি তাৰকা অভিনেতাৰ সৈতে অভিনয় কৰিছে।[1]

মৃত্যু[সম্পাদনা কৰক]

৯ মাৰ্চ ২০০০ত নাচিক কৰ্কটৰোগ চিকিৎসালয়ত একসত্তৰ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। তেওঁ কৰ্কট ৰোগত ভুগি আছিল।[1]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Actress Usha Kiran passes away at 71". The Indian Express. 10 March 2000. http://www.indianexpress.com/Storyold/147020/. 
  2. Romancing Old Pieces Archived 2015-09-15 at the Wayback Machine Newblaze, 17 August 2009.
  3. THE DYNAMIC DYNASTIES: What would the world of films be without them? Archived 10 February 2010 at the Wayback Machine Screen, 22 September 2000.
  4. Mass media 2001. Ministry of Information and Broadcasting. Research, Reference, and Training Division. Government of India, 2001. আই.এচ.বি.এন. 81-230-0942-9. p. 152.
  5. Awards IMDb.
  6. Filmography IMDb.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]