সমললৈ যাওক

ৰীণা ৰয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰীণা ৰয়

২০১৮ চনত ৰয়
জন্ম Saira Ali
০৭ জানুৱাৰী, ১৯৫৭ (৬৯ বছৰ)
বোম্বে, বোম্বে ষ্টেট, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৭২-১৯৮৫, ১৯৯৯-২০০০
উচ্চতা ১৬৯ চেণ্টিমিটাৰ
দাম্পত্যসঙ্গী মহচিন খান (ক্ৰিকেটাৰ) বি.১৯৮৩, বিচ্ছেদলৈকে

ৰীণা ৰয় (জন্ম:চাইৰা আলি; ইংৰাজী: Reena Roy; ৭ জানুৱাৰী ১৯৫৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। বোম্বেত জন্মগ্ৰহণ আৰু ডাঙৰ-দীঘল হোৱা ৰয়ৰ তিনিজন ভাই-ভনী আছিল। ১৫ বছৰ বয়সত তেওঁ জৰুৰত (১৯৭২) নামৰ ছবিৰ যোগেদি চলচ্চিত্ৰজগতত আত্মপ্ৰকাশ কৰে। কিন্তু ৰোমাণ্টিক কমেডী জেইচে কো তেইছা (১৯৭৩) আৰু ৰোমাঞ্চ-একচন ছবি জখমীৰ (১৯৭৫) যোগেদি তেওঁ ব্যাপক স্বীকৃতি লাভ কৰে। ১৯৭৬ চনলৈ বছৰটোৰ বক্স অফিচত বৃহৎ সফলতা লাভ কৰা একচন থ্ৰিলাৰ কালিচৰণ আৰু ভৌতিক ছবি নাগিনত অভিনয় কৰাৰ পিছত ৰয় বলীউডৰ সৰ্বাধিক উপাৰ্জন কৰা অভিনেত্ৰীসকলৰ ভিতৰত এগৰাকী হৈ পৰে।[1]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ৰয়ৰ জন্মৰ নাম আছিল চাইৰা আলি। তেওঁ আছিল ছাদিক আলি আৰু সাৰদা ৰয়ৰ তৃতীয় কন্যা। দেউতাক এজন সৰু-সুৰা অভিনেতা আছিল। মাকে বাৱৰে নেইনত অভিনয় কৰিছিল আৰু পিছলৈ গুনেহগাৰ কৌন নামৰ ছবি এখন প্ৰযোজনা কৰিছিল। তেওঁৰ তিনিজন ভাই-ভনী। পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদৰ পিছত আটাইকেইটা সন্তানক দেউতাকে অস্বীকাৰ কৰে। পিছত তেওঁৰ মাকে চাৰিওটা সন্তানৰ নাম সলনি কৰে। প্ৰথমতে ৰয়ৰ নাম ৰূপা ৰয় ৰখা হয়, যাক তেওঁৰ প্ৰথম ছবি জৰুৰতৰ প্ৰযোজকে ‘ৰীণা ৰয়’লৈ পৰিৱৰ্তন কৰে।[2] ৰয়ে কৈশোৰ অৱস্থাতে চলচ্চিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে। মাক আৰু ভায়েক-ভনীহঁতক আৰ্থিকভাৱে সহায় কৰিবলৈ তেওঁ চলচ্চিত্ৰ জগতত ভৰি দিছিল।[3]

ৰয়ৰ দুজনী ভনীয়েক- বৰ্খা আৰু অঞ্জু। ভাতৃ ৰাজা। শত্ৰুঘ্ন সিনহাৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে বহুল প্ৰচাৰিত হোৱাৰ পিছত ১৯৮৩ চনত ৰয়ে পাকিস্তানী ক্ৰিকেটাৰ মহছিন খানক বিয়া কৰাবলৈ চলচ্চিত্ৰ উদ্যোগ ত্যাগ কৰাৰ সিদ্ধান্ত লয়। পিছত ১৯৯০ ৰ দশকত দম্পতীহালৰ বিবাহ বিচ্ছেদ হয়; ৰয়ে খানৰ উজ্জ্বল জীৱনশৈলীৰ সৈতে খাপ খোৱাটো কঠিন পাইছিল। [4] প্ৰথমতে জীয়েক চানমৰ দায়িত্ব দেউতাকে পাইছিল।[5] কিন্তু তেওঁৰ প্ৰাক্তন স্বামী মহছিন খানে পুনৰ বিবাহ কৰোৱাত ৰয়ে জীয়েকক নিজৰ জিম্মালৈ আনে। [4]

অভিনয় জীৱন

[সম্পাদনা কৰক]

১৯৭১ চনত ৰয়ে পৰিচালক বি.আৰ. ইছাৰাৰ ডেনী জেনজোংপাৰ বিপৰীতে নয়ী দুনীয়া নয়ী লোগত অভিনয় কৰে যদিও ছবিখন ১৯৭৩ চনলৈ স্থগিত ৰখা হয়। সমস্যাবোৰৰ মুক্ত হৈ পৰিচালক ইছাৰাই তেওঁৰ আন এখন ছবি জৰুৰতত ৰয়ক সুযোগ দিয়ে। ছবিখন ১৯৭২ চনত মুক্তি পায়; আৰু বক্স অফিচত ই বেয়াকৈ মুখ থেকেচা খায়। তথাপি ছবিখনত সংযোজন কৰা ৰয়ৰ যৌন আবেদনময়ী দৃশ্যৰ বাবে তেওঁক বিশেষ ভাবে উল্লেখ কৰা হয়। ৰয়ৰ পৰৱৰ্তী ছবি জেইছে কো তেইছাত (১৯৭৩) তেওঁৰ যৌন আবেদনক বিশেষ গুৰুত্ব দিয়া হৈছিল, য’ত তেওঁ জীতেন্দ্ৰৰ সৈতে বৰষুণত তিতি-বুৰি অৱ কে শাৱন মেঁ জী দৰে গীতত ওঠ মিলায়।[6] ছবিখন জনপ্ৰিয় হয়। ১৯৭৫ চনত মুক্তি পায় তেওঁৰ আন এখন জনপ্ৰিয় ছবি জখমী[7] তাত তেওঁ এটা সহযোগী চৰিত্ৰত অভিনয় কৰিছিল আৰু পৰৱৰ্তী সময়বোৰত অ্ন্য প্ৰযোজকসকলক গুৰুত্বপূৰ্ণ ছবিৰ বাবে ৰয়ৰ ওচৰ চাপিবলৈ উৎসাহিত কৰিছিল।[8]

ৰয়ে অপনাপন (১৯৭৭) ছবিত কৰা কামৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা অৰ্জন কৰে। তেওঁৰ সফলতা ১৯৭০ৰ দশকৰ শেষৰ ফালে আৰু ১৯৮০ৰ দশকৰ আৰম্ভণিত ভৌতিক ছবি জানি দুচমন (১৯৭৯),আশা (১৯৮০),অৰ্পন (১৯৮৩),আশা জ্যোতি (১৯৮৪),নচিব (১৯৮১) আৰু ৰোমাণ্টিক কমেডী চনম তেৰী কচম (১৯৮০) আদি ছবিৰে তেওঁৰ জনপ্ৰিয়তা অব্যাহত ৰাখে। ১৯৮৩ চনত তেওঁ মহছিন খানক বিবাহ কৰায় আৰু স্বামীৰ সৈতে পাকিস্তানলৈ গুছি যায়। তেওঁলোকৰ এটি কন্যা সন্তান জন্নতৰ জন্ম হয়, যাক চনম খান বুলিও জনা যায়।[9][10][11]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Top Actress". Box Office India. 1 February 2012. Archived from the original on 17 October 2013. https://web.archive.org/web/20131017104803/http://boxofficeindia.com/cpages.php?pageName=top_actress আহৰণ কৰা হৈছে: 23 July 2021.
  2. "Reena Roy". https://www.imdb.com/name/nm0747155/bio.
  3. 1 2 "After A Heartbreaking Love Affair With Shatrughan Sinha, Reena Roy Married A Famous Cricketer". BollywoodShaadis. https://www.bollywoodshaadis.com/articles/reena-roy-love-life-8191 আহৰণ কৰা হৈছে: 2021-07-23.
  4. "আৰ্কাইভ কপি". Archived from the original on 2009-05-01. https://web.archive.org/web/20090501083430/http://www.indya.com/news/reenaroy_bday.html আহৰণ কৰা হৈছে: 2021-09-06.
  5. "Box Office 1973". Box Office India. 2012-01-20. Archived from the original on 2012-07-07. https://archive.is/20120707001707/boxofficeindia.com/showProd.php?itemCat=179&catName=MTk3Mw== আহৰণ কৰা হৈছে: 2021-07-31.
  6. "Box Office 1975". Box Office India. 2012-01-20. Archived from the original on 2013-10-20. https://web.archive.org/web/20131020122136/http://boxofficeindia.com/showProd.php?itemCat=181&catName=MTk3NQ== আহৰণ কৰা হৈছে: 2021-07-31.
  7. (en ভাষাত) Film World. T. M. Ramachandran. 1977. https://books.google.com/books?id=w3dTAAAAYAAJ.
  8. "Box Office 1978". Box Office India. 2012-01-20. Archived from the original on 2013-05-06. https://web.archive.org/web/20130506132040/http://www.boxofficeindia.com/showProd.php?itemCat=184&catName=MTk3OA==&PHPSESSID=b754628e151e869b2426dfd035eb7581 আহৰণ কৰা হৈছে: 2021-07-31.
  9. "Box Office 1979". Box Office India. 2012-01-20. Archived from the original on 2008-05-15. https://web.archive.org/web/20080515091957/http://boxofficeindia.com/showProd.php?itemCat=185&catName=MTk3OQ== আহৰণ কৰা হৈছে: 2021-07-31.
  10. (en ভাষাত) Film World. T.M. Ramachandran. 1979. https://books.google.com/books?id=o3lTAAAAYAAJ.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]