ফৰিদা জালাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফৰিদা জালাল
Farida Jalal

২০১৪ চনত জি চিনে এৱাৰ্ড অনুষ্ঠানত ফৰিদা জালাল
জন্ম ১৪ মাৰ্চ, ১৯৪৯ (৭৫ বছৰ)
নতুন দিল্লী, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেত্ৰী, কমেডিয়ান
সক্ৰিয় হৈ থকা সময় ১৯৬৭-বৰ্তমান
দাম্পত্যসঙ্গী তাব্ৰিজ বৰ্মাবীৰ(১৯৭৮-২০০৩) (কাৰণ-মৃত্যু)
বঁটা, সন্মান, পুৰস্কাৰ আদি * ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা: পাৰছ (১৯৭২)
* ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা: হেনা (১৯৯২)
* ফিল্মফেয়াৰৰ সমালোচকৰ পৰা শ্ৰেষ্ঠ অভিনত্ৰীৰ বঁটা: মম্মো (১৯৯৫)
* ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা: দিলৱালে দুলহানিয়া লে জায়েংগে (১৯৯৬)

ফৰিদা জালাল (ইংৰাজী: Farida Jalal, জন্ম ১৪ মাৰ্চ ১৯৪৯) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ পঞ্চাছ বছৰৰো অধিক সময় ছবি জগতৰ লগত জড়িত থকা ফৰিদা জালালে হিন্দী, তেলেগু আৰু তামিল ভাষাৰ দুইশতাধিক ছবিত অভিনয় কৰিছে৷ স্বতন্ত্ৰ ছিনেমাকে ধৰি মূলসুঁতিৰ একাধিক ছবিত অভিনয় কৰা ফৰিদা জালালে চাৰিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ উপৰি দুটা বংগ ছবি সাংবাদিক সন্থা বঁটা লাভ কৰিছে৷[1]

১৯৬৭ চনত টকদিৰ নামৰ ছবিখনৰ জৰিয়তে ফৰিদা জালালে কেৰিয়াৰৰ পাতনি মেলে৷ '৮০ আৰু '৯০ৰ দশকত বহুকেইখন ছবিত তেখেতে শীৰ্ষ আৰু সহ-অভিনেত্ৰী হিচাপে কাম কৰে৷ ১৯৭১ চনৰ ছবি পাৰছ, ১৯৯১ চনৰ ছবি হেনা, ১৯৯৫ চনৰ ছবি দিলৱালে দুলহানীয়া লে জায়েংগে হৈছে ফৰিদা জালালৰ কেইখনমান উল্লেখযোগ্য ছবি৷ এইকেইখন ছবিত অভিনয় কৰি তেখেতে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা লাভ কৰে৷ কুৰি শতিকাৰ শেষৰফালে বহুকেইটা মাতৃৰ চৰিত্ৰত সবল অভিনয় কৰি তেখেতে দৰ্শক আৰু সমালোচকৰ মাজত প্ৰশংসা আৰু সমাদৰ লাভ কৰে৷ ১৯৯৪ চনত তেখেতে মেম্মো নামৰ ছবিখনত অভিনয় কৰি ফিল্মফেয়াৰৰ পৰা সমালোচকৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বঁটা লাভ কৰে৷ ২০১২ চনৰ হাৰলেম আন্তৰ্জাতিক ছবি মহোৎসৱত তেখেতে এ গ্ৰেন প্লেন শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে৷[2]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৪৯ চনৰ ১৪ মাৰ্চত নতুন দিল্লীত ফৰিদা জালালৰ জন্ম হয়৷[3] ১৯৬০ৰ দশকত ফৰিদা জালালে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে৷ ১৯৬৫ চনত ফিল্মফেয়াৰৰ উদ্যোগত আয়োজিত হোৱা ইউনাইটেড ফিল্ম প্ৰডিউছাৰছ টেলেণ্ট হাণ্ট প্ৰতিযোগিতাত তেখেতে বিজয় সাব্যস্ত কৰে৷ অভিনেতা ৰাজেশ খান্নাৰ লগত তেখেতে ফাইনেলত প্ৰৱেশ কৰে আৰু দুয়োগৰাকীকে একেখন মঞ্চত বিজয়ী ঘোষণা কৰা হয়৷ দৰ্শকৰ আসনত বহি থকা তাৰাচন্দ বাৰতাজ্যই ফৰিদা জালালক টকদিৰ নামৰ ছবিখনত অভিনয় কৰিবলৈ প্ৰস্তাৱ দিয়ে৷ এইখনেই হৈ পৰে ফৰিদা জালালৰ প্ৰথমখন ছবি৷[4]

১৯৯০ৰ দশকত ফৰিদা জালালে ভাৰতৰ বহুকেইখন হিট ছবিত অভিনয় কৰে৷ তাৰে ভিতৰত ৰাজা হিন্দুস্তানী, কুচ কুচ হোতা হ্যেয়, দিল ট' পাগল হ্যেয়, কহো না...প্যাৰ হ্যেয়, কভি খুচি কভি গম আৰু দিলৱালে দুলহানিয়া লে জায়েংগেৰ কথা উল্লেখ কৰিব পাৰি৷ দিলৱালে দুলহানিয়া লে জায়েংগেৰ বাবে তেখেতে ১৯৯৫ চনত ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ সন্মান লাভ কৰে৷ আনহাতে মেমো নামৰ ছবিখনতত ফৰিদা জালালে শীৰ্ষ চৰিত্ৰত অভিনয় কৰে৷ ছবিখনে হিন্দী ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে৷ আনহাতে ফৰিদা জালালে ফিল্মফেয়াৰত সমালোচকৰ পৰা শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বঁটা লাভ কৰে৷ ফৰিদা জালালে দূৰদৰ্শনতো দেখ ভাই দেখৰ দৰে জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰে৷

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

কৰ্ণাটকৰ ভাটকালত জন্মলাভ কৰা টাবৰিজ বৰ্মাবীৰৰ লগত ফৰিদা জালালৰ বিবাহ সম্পন্ন হয়৷ ১৯৭৮ চনৰ নৱেম্বৰ মাহত তেওঁলোকৰ বিবাহ হয়৷[4] তেওঁলোকৰ য়াছিন নামৰ এটি পুত্ৰ সন্তান আছে৷[5]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Farida Jalal Awards: List of awards and nominations received by Farida Jalal | Times of India Entertainment". timesofindia.indiatimes.com. https://timesofindia.indiatimes.com/topic/Farida-Jalal/awards। আহৰণ কৰা হৈছে: 2020-06-29. 
  2. January 15, 2019. "This is what filmmakers tell Farida Jalal on her wish to play negative character". India Today. https://www.indiatoday.in/movies/Bollywood/story/this-is-what-filmmakers-tell-farida-jalal-on-her-wish-to-play-negative-character-1431190-2019-01-15। আহৰণ কৰা হৈছে: 31 March 2020. 
  3. Mohamed, Khalid (14 March 2017). "Happy Birthday Farida Jalal: B-Town's Most Dependable Co-Actor". The Quint. https://www.thequint.com/entertainment/celebrities/farida-jalal-from-rajesh-khanna-sweetheart-to-dilip-kumar-sister-to-aapa-in-student-of-the-year। আহৰণ কৰা হৈছে: 15 April 2018. 
  4. 4.0 4.1 Farida Jalal – Interview (2000) Archived 3 March 2014 at the Wayback Machine, "Cineplot.com"
  5. Ethiraj. ""I virtually grew up and grew old in the industry" – Farida Jalal". http://www.bollywoodhungama.com/celebrities/features/type/view/id/7616.