উৰ্মিলা মাটোণ্ডকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(উৰ্মিলা মাতোণ্ডকাৰৰ পৰা পুনঃনিৰ্দেশিত)
উৰ্মিলা মাটোণ্ডকাৰ

২০১৫ চনত মাটোণ্ডকাৰ
জন্ম ০৪ ফেব্ৰুৱাৰী, ১৯৭৪ (৫০ বছৰ)[1]
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা
  • Actress
  • Politician
সক্ৰিয় হৈ থকা সময় ১৯৭৭-বৰ্তমানলৈ
ৰাজনৈতিক দল
দাম্পত্যসঙ্গী মহছিন আখটাৰ মীৰ (বি. ২০১৬)

উৰ্মিলা মাটোণ্ডকাৰ (ইংৰাজী: Urmila Matondkar ; জন্ম: ৪ ফেব্ৰুৱাৰী ১৯৭৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ।[2] মূলতঃ হিন্দী ছবিৰ কামৰ বাবে পৰিচিত মাটোণ্ডকাৰে তেলেগু, মালয়ালম, মাৰাঠী আৰু তামিল ছবিৰ উপৰিও ফিল্মফেয়াৰ আৰু নন্দী বঁটাকে ধৰি বহু বঁটা-বাহন লাভ কৰিছে। পৰ্দাত এক স্বকীয় ব্যক্তিত্ব প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰীগৰাকী তেওঁৰ নৃত্য দক্ষতাৰ বাবেও পৰিচিত।[3][4]

১৯৭৭ চনৰ ছবি কৰ্মত শিশুশিল্পী ৰূপে অভিষেক ঘটাৰ পিছত[5] মাটোণ্ডকাৰে মাছুম (১৯৮৩) ছবিৰে ব্যাপক স্বীকৃতি লাভ কৰে। তাৰ পিছত তেওঁ আন কেইখনমান ছবিত অভিনয় কৰে। তেওঁ প্ৰথম মুখ্য চৰিত্ৰ অভিনয় কৰে মালয়ালম ছবি চানকিয়ানত (১৯৮৯)। হিন্দী ছবিত তেওঁৰ প্ৰথম মুখ্য চৰিত্ৰ নৰসিংহত (১৯৯১)। দুয়োখনেই ব্যৱসায়িকভাৱে সফল হয়।

সাময়িক বিপৰ্যয়ৰ পিছত মাটোণ্ডকাৰে ৰোমাঞ্চ ছবি ৰংগিলা (১৯৯৫), ড্ৰামা ছবি জুদাই (১৯৯৭), অপৰাধমূলক ছবি সত্য (১৯৯৮), ৰোমান্টিক কমেডী খুবছুৰত (১৯৯৯), আৰু থ্ৰিলাৰ জংগল (২০০০) আদিৰ জৰিয়তে নিজকে এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে। .তেওঁ এন্থাম (১৯৯২), গায়ম (১৯৯৩),ইণ্ডিয়ান (১৯৯৬) আৰু অনাগানাগা ওকা ৰোজুত (১৯৯৭) অভিনয় কৰি তেলেগু আৰু তামিল চলচ্চিত্ৰতো সফলতা লাভ কৰে।[6][7] মাটোণ্ডকাৰে কেইবাখনো চাইকো-থ্ৰিলাৰ আৰু হৰৰ ছবিত ভিন্নমুখী চৰিত্ৰ অভিনয় কৰি সমালোচকৰ স্বীকৃতি পাইছে। তেনেকুৱা ছবি কেইখনমান হ’ল- কৌন (১৯৯৯), প্যাৰ তুনে ক্যা কিয়া (২০০১), ভুত (২০০৩) আৰু এক হাচিনা থী (২০০৪); য’ত তেওঁ ক্ৰমে চিৰিয়েল কিলাৰ, আবেগিক প্ৰেমিকা, ভুতগ্ৰস্থ মহিলা আৰু প্ৰতিশোধ পৰায়ণ ব্যক্তিৰ চৰিত্ৰ ৰূপায়ণ কৰিছে। এই বছৰবোৰত তেওঁ আৰ্ট-হাউছ চিনেমাৰ স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ তেহজীব (২০০৩),পিঞ্জৰ (২০০৩), মেইনে গান্ধীকো নেঁহি মাৰা আদি ছবিতো অভিনয় কৰে।[8]

চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেওঁ বহুতো মানৱীয় কামৰ সৈতে জড়িত। মহিলা আৰু শিশুৱে সন্মুখীন হোৱা সমস্যাৰ বিষয়েও তেওঁ সৰব। কনচাৰ্ট আৰু ষ্টেজ শ্ব’ত অংশগ্ৰহণ কৰাৰ উপৰিও ঝলক দিখলা যা (২০০৭) আৰু ডি.আই.ডি. ছুপাৰ মমছকে (২০২২)ক ধৰি বিভিন্ন নৃত্য ৰিয়েলিটি শ্ব'ৰ বিচাৰক হিচাপে দায়িত্ব লৈছে।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৭৪ চনৰ ৪ ফেব্ৰুৱাৰীত[9] বৰ্তমানৰ মুম্বাইৰ এটা হিন্দু মহাৰাষ্ট্ৰীয় পৰিয়ালত মাটোণ্ডকাৰৰ জন্ম হৈছিল। দেউতাক আৰু মাকৰ নাম ক্ৰমে শ্ৰীকান্ত আৰু সুনীতা মাটোণ্ডকাৰ। তেওঁ মুম্বাইৰ ডি জি ৰূপৰেল কলেজত অধ্যয়ন কৰে। ২০১৬ চনৰ ৩ মাৰ্চত কাশ্মীৰৰ ব্যৱসায়ী আৰু মডেল মহচিন আখতাৰ মীৰৰ সৈতে তেওঁৰ বিবাহ হয়।[10]

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

মাটোণ্ডকাৰে ২০১৯ চনৰ ২৭ মাৰ্চত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে।[11] ২০১৯ চনৰ লোকসভা নিৰ্বাচনত মুম্বাই উত্তৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাস্ত হৈছিল। ২০১৯ চনৰ ১০ ছেপ্টেম্বৰত ক্ষুদ্ৰ আভ্যন্তৰীণ ৰাজনীতিৰ অভিযোগ তুলি তেওঁ দলৰ পৰা পদত্যাগ কৰে।[84] ২০২০ চনৰ ১ ডিচেম্বৰত উদ্ধৱ থাকৰেৰ উপস্থিতিত শিৱসেনাত যোগদান কৰে।[12] শিৱসেনাই দলটোক প্ৰতিনিধিত্ব কৰিবলৈ মাৰাঠী, হিন্দীৰ লগতে ইংৰাজী ভাষাতো দখল থকা আৰু ৰাষ্ট্ৰীয়ভাৱে স্বীকৃতিপ্ৰাপ্ত মুখ আৰু কণ্ঠই দললৈ অহাতো বিচাৰছিল।[13]

বঁটা[সম্পাদনা কৰক]

  • ২০০৪: সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা (ভুত)

তথ্যউৎস[সম্পাদনা কৰক]

  1. "Urmila Matondkar birthday: You will be surprised to know these facts about the 'Rangeela' actress; see pics". Times Now. 4 February 2019. https://www.timesnownews.com/entertainment/news/people/photo-gallery/urmila-matondkar-birthday-you-will-be-surprised-to-know-these-facts-about-the-rangeela-actress-see-pics/359569. 
  2. "Urmila Matondkar goes underwater for her birthday". Thaindian.com. 4 February 2009. Archived from the original on 16 July 2011. https://web.archive.org/web/20110716215149/http://www.thaindian.com/newsportal/uncategorized/urmila-matondkar-goes-underwater-for-her-birthday_100151138.html। আহৰণ কৰা হৈছে: 26 February 2011. 
  3. "From Rangeela to Pinjar, Urmila Matondkar's effortless evolution on screen". The Indian Express. 4 February 2022. https://www.indianexpress.com/article/entertainment/bollywood/from-rangeela-to-pinjar-urmila-matondkar-effortless-evolution-on-screen-7754992/lite/। আহৰণ কৰা হৈছে: 13 November 2022. 
  4. "On Urmila Matondkar's birthday, here's a look at some of her best dance numbers". Firstpost. 4 February 2022. https://www.firstpost.com/entertainment/on-urmila-matondkars-birthday-heres-a-look-at-some-of-her-best-dance-numbers-10343111.html। আহৰণ কৰা হৈছে: 13 November 2022. 
  5. Biswas, Jaya (4 July 2017). "When big stars wowed us on small screen - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/when-big-stars-wowed-us-on-small-screen/articleshow/59438365.cms?from=mdr. 
  6. Srinivasan, V S (16 January 1998). "Rangeela Re!". Rediff.com. http://www.rediff.com/movies/1998/jan/16mat.htm। আহৰণ কৰা হৈছে: 11 November 2008. 
  7. Kulkarni, Ronjita (2008). "Bollywood's top 5, 2003: Urmila Matondkar". Rediff.com. http://in.rediff.com/movies/2003/dec/11sld1.htm। আহৰণ কৰা হৈছে: 11 November 2008. 
  8. "Urmila Matondkar not to rest on her laurels". The Hindu. 26 May 2003. http://www.thehindu.com/lf/2003/05/26/stories/2003052602140200.htm. 
  9. "The real Urmila". 21 May 2001. https://www.rediff.com/movies/2001/may/21slid1.htm। আহৰণ কৰা হৈছে: 13 November 2022. 
  10. "CONGRATULATIONS: 'Rangeela' girl Urmila Matondkar gets MARRIED!". abplive.in. 3 March 2016. Archived from the original on 27 March 2019. https://web.archive.org/web/20190327195419/https://www.abplive.in/movies/congratulations-rangeela-girl-urmila-matondkar-gets-married-300930। আহৰণ কৰা হৈছে: 29 March 2023. 
  11. PTI (27 March 2019). "Actor Urmila Matondkar meets Rahul Gandhi, joins Congress". The Times of India. https://timesofindia.indiatimes.com/elections/news/actor-urmila-matondkar-joins-congress-meets-rahul-gandhi/articleshow/68595981.cms. 
  12. "Urmila Matondkar quits Congress citing infighting and betrayal | Mumbai News - Times of India" (en ভাষাত). The Times of India. 10 September 2019. https://timesofindia.indiatimes.com/city/mumbai/urmila-matondkar-quits-congress-citing-infighting/articleshow/71063811.cms. 
  13. Chitnis, Purva; Sanyal, Anindita (1 December 2020). "Actor Urmila Matondkar, Who Quit Congress Last Year, Joins Shiv Sena". NDTV.com. https://www.ndtv.com/india-news/urmila-matondkar-joins-shiv-sena-she-quit-congress-last-year-after-lok-sabha-election-defeat-2332535. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]