প্ৰাগ চিনে বঁটা ২০১৪

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰাগ চিনে বঁটা ২০১৪
দিনাংক ২২ মাৰ্চ, ২০১৪
স্থান এন জি ভি ইণ্ডোৰ ষ্টেডিয়াম, বেংগালুৰু
আঁত ধৰোঁতা কপিল বৰা
জেৰিফা ৱাহিদ
আয়োজক প্ৰাগ চেনেল
Assam Society of Bangalore
মূল তথ্য
শ্ৰেষ্ঠ চলচ্চিত্ৰ অজেয়
শ্ৰেষ্ঠ পৰিচালক যদুমণি দত্ত
পানী
শ্ৰেষ্ঠ অভিনেতা আদিল হুছেইন
ৰাগ - দ্য ৰিদম অৱ লাভ
শ্ৰেষ্ঠা অভিনেত্ৰী জয়া শীল
শৃংখল
সৰ্বাধিক বিজয় চিঞৰ (৬)
সৰ্বাধিক মনোনয়ন ৰাগ - দ্য ৰিদম অৱ লাভ (১২)

প্ৰাগ চিনে বঁটা, ২০১৪ (ইংৰাজী: Prag Cine Awards) মাৰ্চ মাহৰ ২২ তাৰিখে বেংগালুৰুৰ এন জি ভি ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয়। পোন প্ৰথমবাৰৰ বাবে এই অনুষ্ঠান অসমৰ বাহিৰত আয়োজন কৰা হয়। এই অনুষ্ঠানটো আয়োজন কৰে অসমৰ ছেটেলাইট চেনেল প্ৰতিষ্ঠান, প্ৰাগ এ এম টেলিভিশ্যন প্ৰাইভেট লিমিটেডে।[1][2][3] অভিনেতা কপিল বৰা আৰু জেৰিফা ৱাহিদ দুয়োয়ে এই অনিষ্ঠানৰ আঁত ধৰে।[4] নাট্যকাৰ অৰুণ শৰ্মা, কানাড়া চলচ্চিত্ৰ পৰিচালক নাগাথাহাল্লি চন্দ্ৰশেখৰ (ইংৰাজী: Nagathihalli Chandrashekhar) আৰু বলিউডৰ অভিনেত্ৰী মহিমা চৌধুৰীয়ে অনুষ্ঠানটো উদ্বোধন কৰে।[5]

অসমীয়া চলচ্চিত্ৰ জগতলৈ যোগোৱা অৱদানৰ বাবে অভিনেত্ৰী মৃদুলা বৰুৱাজীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰা হয়। ৰাগ - দ্য ৰিদম অৱ লাভত কৰা অভিনয়ৰ বাবে আদিল হুছেইনক শ্ৰেষ্ঠ অভিনেতা আৰু শৃংখলত কৰা অভিনয়ৰ বাবে জয়া শীলক শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হয়। জাহ্নু বৰুৱাঅজেয় বোলছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰে।[3]

মনোনয়ন আৰু বঁটা[সম্পাদনা কৰক]

২০০৪ চনৰ ৩ মাৰ্চৰ দিনা প্ৰাগ চিনে বঁটা ২০১৪ৰ মনোনয়ন লাভ কৰা চলচ্চিত্ৰ সমূহৰ নাম ঘোষণা কৰা হৈছিল। এই অনুষ্ঠানত অসমত নিৰ্মাণ হোৱা অসমীয়া ভাষাৰ লগতে আন ভাষাৰ চলচ্চিত্ৰৰ মুঠ ২৩ টা বিভাগত বঁটা প্ৰদান কৰা হয়। ৰজনী বসুমতাৰীৰাগ বোলছবিখনে মুঠ ১২ টা শাখাত, জাহ্নু বৰুৱাঅজেয় আৰু কংকন ৰাজখোৱাৰ চিঞৰ বোলছবিখনে ১১ টা শাখাত মনোনয়ন লাভ কৰিছিল।[6][7][8]

বঁটা[সম্পাদনা কৰক]

আদিল হুছেইন, শ্ৰেষ্ঠ অভিনেতা

বঁটা লাভ কৰা সকলৰ নাম প্ৰথমতে আৰু ডাঙৰ আখৰেৰে লিখা হৈছে।[3]

শ্ৰেষ্ঠ চলচ্চিত্ৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ পৰিচালক
শ্ৰেষ্ঠ অভিনেতা শ্ৰেষ্ঠ অভিনেত্ৰী
শ্ৰেষ্ঠ সহঃ অভিনেতা শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী
  • বাদল দাস (শৃংখল)
শ্ৰেষ্ঠ সংগীত শ্ৰেষ্ঠ গীতিকাৰ
শ্ৰেষ্ঠ নেপথ্য গায়ক শ্ৰেষ্ঠ নেপথ্য গায়িকা
শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী শ্ৰেষ্ঠ সম্পাদক
  • প্ৰদীপ দৈমাৰী – চিঞৰ
    • সিদ্ধাৰ্থ বৰুৱা – শৃংখল
    • সুমন দুৱৰা – অজেয়
  • কংকন ৰাজখোৱা – চিঞৰ
    • ৰূপম কলিতা – পানী
    • হিউৱেন বৰুৱা – অজেয়
শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ শ্ৰেষ্ঠ নৃত্য নিৰ্দেশক
  • যদুমণি দত্ত আৰু দীপক কুমাৰ গগৈ – পানী
    • ৰজনী বসুমতাৰী – ৰাগ - দ্য ৰিদম অৱ লাভ
    • প্ৰবীণ হাজৰিকা – শৃংখল
শ্ৰেষ্ঠ শব্দযন্ত্ৰী শ্ৰেষ্ঠ কলা নিৰ্দেশক
  • দীপক দত্ত – দুৰ্জন
  • দীপ্তি চাওলা আৰু অৰ্চনা মল্‌হোট্ৰা – ৰাগ - দ্য ৰিদম অৱ লাভ
    • ফটিক বৰুৱা – অজেয়
    • ফটিক বৰুৱা – শৃংখল
শ্ৰেষ্ঠ মেক-আপ শিল্পী শ্ৰেষ্ঠ সাজ-সজ্জা
  • আকাশ গগৈ – ৰাগ - দ্য ৰিদম অৱ লাভ
    • অসিতাভ বৰুৱা – অজেয়
    • অসিতাভ বৰুৱা – শৃংখল
  • গীতাৰাণী গোস্বামী – অজেয়
    • দীপ্তি চাওলা আৰু শুভলক্ষ্মী বেনাৰ্জী – ৰাগ - দ্য ৰিদম অৱ লাভ
    • ৰুমি – চিঞৰ
শ্ৰেষ্ঠ জনপ্ৰিয় চলচ্চিত্ৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ (অন্য ভাষা)
  • মমতাজ

জীৱনজোৰা কৃতিত্ব বঁটা[সম্পাদনা কৰক]

অসমীয়া চলচ্চিত্ৰ জগতলৈ যোগোৱা অৱদানৰ বাবে অভিনেত্ৰী মৃদুলা বৰুৱাক জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰা হয়।[3]

অন্যান্য বঁটা[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]