সমললৈ যাওক

তুমি যদি কোৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তুমি যদি কোৱা
পৰিচালক চিম্পল গগৈ
ৰচনা চিম্পল গগৈ
প্ৰযোজক এল এন ফিল্মছ
অভিনয়ত প্ৰসেনজিত বৰা
জুপিতৰা ভূঞা
মুনমী কলিতা
ৰূপম শৰ্মা
প্ৰিন্স
ভাস্কৰ ৰঞ্জন
ৰঞ্জন দত্ত
কৃষ্ণ
সংগীত পৰিচালক চন্দন বেজবৰুৱা
মুক্তি
১৪ জুন, ২০১৩
দেশ ভাৰত
বাজেট ৫০ লাখ

তুমি যদি কোৱা (ইংৰাজী: Tumi Jodi Kuwa) এখন অসমীয়া ভাষাৰ ৰোমাণ্টিক বোলছবি৷ এই বোলছবিখনৰ পৰিচালনা আৰু সংলাপ চিম্পল গগৈৰ৷ এল এন ফিল্মছৰ বেনাৰত জিতুমণি টেৰণে এই বোলছবিৰ প্ৰযোজনা কৰে৷[1] এই বোলছবিত অভিনয় কৰা উল্লেখযোগ্য শিল্পীসকল হৈছে- প্ৰসেনজিত বৰা, জুপিতৰা ভূঞা, মুনমী কলিতা, ৰূপম শৰ্মা, প্ৰিন্স, ভাস্কৰ ৰঞ্জন, ৰঞ্জন দত্ত আৰু কৃষ্ণ৷ বোলছবিখনৰ কাহিনী গৌতম ৰাভাৰ৷ ২০১৩ চনৰ ১৪ জুন তাৰিখে এই বোলছবিখনে মুক্তি লাভ কৰে৷[2]

কাহিনীভাগ

[সম্পাদনা কৰক]

নতুন প্ৰজন্মৰ ধ্যান ধাৰণাৰ ভিত্তিত বোলছবিখনৰ কাহিনীভাগ ৰচিত হৈছে৷ এই কাহিনীত সংগীতপ্ৰেমী যুৱককেইজনমানৰ নিজৰ গানৰ বেণ্ডক সংগীতৰ জগতখনত প্ৰতিষ্ঠাৰ বাবে কৰা সংগ্ৰাম দেখুউৱা হৈছে৷

বোলছবিখনৰ সংগীত পৰিচালনা কৰিছে চন্দন বেজবৰুৱাই৷ [3] গীতসমূহ গাইছে জুবিন গাৰ্গ, অনন্যা, দীক্ষু আদি গায়কসকলে৷ [4]

সংগীত
নং শিৰোনামগায়ক দৈৰ্ঘ্য
1. "মন আকাশী ৰঙৰে"  জুবিন গাৰ্গ, নবনীতা ৫:২৪
2. "নীলা নীলা নীলা"  দীক্ষু, নবনীতা ৪:৫৪
3. "তুমি যদি কোৱা"  দীক্ষু, অনন্যা ৫:২০
4. "দুচকুতে চকু থৈ"  দীক্ষু, অনন্যা ৪:৩৩
5. "এটোপ দুটোপ কৰি"  দীক্ষু ৫:৫৭
6. "কিয়নো হঠাতে"  দীক্ষু ৫:০৪
মুঠ দৈৰ্ঘ্য:
৩১:১২

অভিনয়ত

[সম্পাদনা কৰক]
  • প্ৰসেনজিত বৰা
  • জুপিতৰা ভূঞা
  • মুনমী কলিতা
  • ৰূপম শৰ্মা
  • ভাস্কৰ ৰঞ্জন
  • ৰঞ্জন দত্ত
  • কৃষ্ণ

কলা-কুশলী

[সম্পাদনা কৰক]
  • প্ৰযোজনা-জিতুমণি টেৰণ
  • পৰিচালনা/সংলাপ- চিম্পল গগৈ
  • কাহিনী- গৌতম ৰাভা
  • সংগীত-চন্দন বেজবৰুৱা

তথ্যসূত্ৰ

[সম্পাদনা কৰক]