মমতাজ (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মমতাজ
পৰিচালক পুলক গগৈ
প্ৰযোজক সাইঁ ফিল্মছ
অভিনয়ত আব্দুল মজিদ আৰু অন্যান্য
সম্পাদনা দিগন্ত খাউণ্ড
সংগীত পৰিচালক পলাশ গগৈ
মুক্তি
২০১৩
দৈৰ্ঘ্য
৯৯ মিনিট
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

মমতাজ (ইংৰাজী: Momtaaj) ২০১৩ চনত মুক্তি পোৱা এখন অসমীয়া ছবি। পুলক গগৈ এই চলচ্চিত্ৰখনৰ পৰিচালক আছিল। সাইঁ ফিল্মছে এই ছবিখন প্ৰযোজনা কৰিছিল আৰু চলচ্চিত্ৰখনৰ বাবে পুলক গগৈয়ে শ্ৰেষ্ঠ পৰিচালকৰ ‘ভিভেল ফিল্মফেয়াৰ বঁটা (ইষ্ট)’ লাভ কৰিছিল। গল্পসম্ৰাট চৈয়দ আব্দুল মালিকৰ ‘কাঠফুলা’ গল্পৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হৈছিল। [1][2] ২০১৩ চনৰ আগষ্ট মাহৰ ২৩ তাৰিখে চিনেমাখন অসমৰ ছবিগৃহত মুক্তি দিয়া হয়। ছবিৰ কেমেৰাৰ কাম প্ৰদীপ দৈমাৰীৰ আৰু সম্পাদনা দিগন্ত খাউণ্ডৰ। সংগীত পৰিচালক আছিল পলাশ গগৈ।

তথ্য উৎস[সম্পাদনা কৰক]

  1. "MOMTAAZ! trailer no. 3". https://www.youtube.com/. https://www.youtube.com/watch?v=FN5p2JFlmm4। আহৰণ কৰা হৈছে: 12 November 2022. 
  2. "Momtaaj Director Pulak Gogoi Bags the Best Director Assamese Award". ফিল্মফেয়াৰ ফেচবুক পেইজ. 4 December 2020. https://www.facebook.com/Filmfare/videos/momtaaj-director-pulak-gogoi-bags-the-best-director-assamese-award-at-the-filmfa/210527187347241/। আহৰণ কৰা হৈছে: 12 November 2022.