সমললৈ যাওক

ভাৰতীয় জীৱন বীমা নিগম

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ভাৰতীয় জীৱন বীমা নিগম
ধৰণ চৰকাৰী নিগম
উদ্যোগ বিত্তীয় সেৱা
স্থাপিত ১ ছেপ্তেম্বৰ ১৯৫৬
মুখ্য কাৰ্যালয় মুম্বাই, ভাৰত
নেতৃস্থানীয় ব্যক্তিত্ব এচ্. কে. ৰয় (অধ্যক্ষ )
পণ্য জীৱন আৰু স্বাস্থ্য বীমা , বিনিয়োগ প্ৰবন্ধন, মিউচুৱেল ফাণ্ড
মুঠ সম্পত্তি ১৩.২৫ লাখ কোটি (১৮৫.৭৭ বিলিয়ন ডলাৰ) (2010)
স্বত্বাধিকাৰী ভাৰত চৰকাৰ
কৰ্মচাৰীৰ সংখ্যা 115,966 (2010)
সহযোগী প্ৰতিষ্ঠান এলআইচি হাউচিং ফাইনেন্স
এলআইচি কাৰ্ড চাৰ্ভিছেজ
এলআইচি নমূৰা মিউচুৱেল ফাণ্ড
ৱেবছাইট www.licindia.in

ভাৰতীয় জীৱন বীম নিগমা (ইংৰাজী: Life Insurance Corporation of India চমুকৈ LIC) ভাৰতৰ ভিতৰত সকলোতকৈ ডাঙৰ বীমা আৰু বিনিয়োগকাৰী সংস্থা। সম্পূৰ্ণ ভাৰত চৰকাৰৰ অধীনস্থ ভাৰতীয় জীৱন বীমা নিগমে চৰকাৰৰ খৰচৰ প্ৰায় ২৪.৬% পুঁজিৰ যোগান ধৰে। বৰ্তমান এই সংস্থাৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৩.২৫ ট্ৰিলিয়ন টকা হ'ব[1]। ভাৰতীয় জীৱন বীমা নিগমৰ স্থাপনা অধিমিয়মৰ দ্বাৰা হৈছিল আৰু ইয়াক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ১৮ জুন ১৯৫৬ত স্বীকৃতি প্ৰদান কৰে। এই অধিনিয়ম ১ জুলাই ১৯৫৬ ৰ পৰা লাগু কৰা হ'ল আৰু ১ ছেপ্টেম্বৰ ১৯৫৬ ত ভাৰতীয় জীৱন বীমা নিগমৰ কাম কাজ আৰম্ভ হ'ল।

নিগমৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। বৰ্তমান নিগমৰ ৮টা ক্ষেত্ৰীয় কাৰ্যালয়, ১১৩টা মণ্ডল কাৰ্যালয়, ২০৪৮টা শাখা কাৰ্যালয় আৰু যথেষ্ট সংখ্যক উপ-শাখা কাৰ্যালয় আছে। তদুপৰি ৫৪টা গ্ৰাহক ক্ষেত্ৰ, ২৫টা মহানগৰ আঞ্চলিক হাব, ১৩ লাখতকৈ ও অধিক ব্যক্তিগত অভিকৰ্তা আৰু যথেষ্ট সংখ্যক কৰপৰেট অভিকৰ্তা, ৰেফাৰেল অভিকৰ্তা, দালাল গোষ্ঠী আৰু বীমা বেংক আছে।

ভাৰতীয় জীৱন বীমা নিগমৰ মূল মন্ত্ৰ হৈছে 'যুগক্ষম ৱহাম্যহম', যাৰ অৰ্থ হ'ল ' আপোনাৰ কল্যাণৰ দায়িত্ব আমাৰ'। এই মন্ত্ৰ শাৰী 'ভাগৱত গীতা' ৰ নৱম অধ্যায়ৰ ২২ নং শ্লোকৰ পৰা অনা হৈছে[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "The Telegraph - Calcutta (Kolkata) | Business | LIC seeks to pack greater funds punch". প্ৰকাশক Calcutta, India: Telegraphindia.com. 2010-03-08. http://www.telegraphindia.com/1100308/jsp/business/story_12190577.jsp। আহৰণ কৰা হৈছে: 2010-08-30. 
  2. "Bhagavad-gita As It Is Chapter 9 Verse 22". Vedabase.net. Archived from the original on 2013-10-23. https://web.archive.org/web/20131023045529/http://vedabase.net/bg/9/22/en। আহৰণ কৰা হৈছে: 2013-03-06. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]