সমললৈ যাওক

আজেৰবাইজান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰজাতন্ত্ৰী আজেৰবাইজান
Azərbaycan Respublikası  (Script error: The function "name_from_code" does not exist.)
Three equally sized horizontal bands of blue, red, and green, with a white crescent and an eight-pointed star centered in the red band
Flag
Emblem of আজেৰবাইজান
Emblem
Anthem: Azərbaycan marşı "আজেৰবাইজানৰ সমদল"
আজেৰবাইজানৰ অৱস্থান (সেউজীয়া) আৰু নাগ'ৰ্ণো কাৰাবাখ (পাতল সেউজীয়া)।
আজেৰবাইজানৰ অৱস্থান (সেউজীয়া) আৰু নাগ'ৰ্ণো কাৰাবাখ (পাতল সেউজীয়া)।
ৰাজধানীবাকো
Official languagesআজেৰবাইজানী
Demonymআজেৰবাইজানী
Governmentইউনিটেৰী ডমিনেণ্ট-পাৰ্টী ছেমি-প্ৰেছিডেণছিয়েল প্ৰজাতন্ত্ৰী
ইলহাম আলিয়েভ
আৰ্টোৰ ৰেছিজাড
Legislatureনেচনেল এছেম্বলি
গঠন
২৮ মে ১৯১৮
২৮ এপ্ৰিল ১৯২০
 ছোভিয়েট সংঘৰ পৰা স্বাধীনতা লাভ
৩০ আগষ্ট ১৯৯১ (ঘোষণা)
১৮ অক্টোবৰ ১৯৯১ (স্বাধীনতা)
২৫ ডিচেম্বৰ ১৯৯১ (সম্পূৰ্ণ)
 সংবিধান প্ৰণয়ন
১২ নৱেম্বৰ ১৯৯৫
Area
 Total
86,600 বৰ্গ কি.মি. (৩৩,৪০০ বৰ্গ মাইল) (১১৪তম)
 Water (%)
1.6
Population
 ২০১৬ estimate
৯৭,৫৪,৮৩০[1] (৮৯তম)
 Density
11.6 /কিমি (৩০.০ /বৰ্গ মাইল) (১০৩তম)
GDP (PPP)২০১৫ estimate
 Total
$১৬৮.৪ শ কোটি[2]
 Per capita
$১৭,৫০০[2]
GDP (nominal)২০১৫ estimate
 Total
$৬,৩৯৮.৩ কোটি[2]
 Per capita
$৬,৭৯৪[2]
Gini (২০০৮)৩৩.৭[3]
Error: Invalid Gini value
HDI (২০১৩)০.৭৫১[4]
Error: Invalid HDI value (৭৬তম)
Currencyমনট (₼) (AZN)
Time zoneAZT (ইউটিচি+০৪)
Calling code৯৯৪
Internet TLD.az

আজেৰবাইজান (ইংৰাজী: Azerbaijan; /ˌæzərbˈɑːn/ ( শুনক) az-ər-by-jahn; Azerbaijani: Azərbaycan), চৰকাৰী নান প্ৰজাতন্ত্ৰী আজেৰবাইজান (Azerbaijani: Azərbaycan Respublikası), হৈছে দক্ষিণ কাউকাছাছ অঞ্চলৰ এখন ৰাষ্ট্ৰ। ই দক্ষিণ পশ্চিম এছিয়া আৰু দক্ষিণ পূৱ ইউৰোপৰ সন্ধিস্থলত অৱস্থিত।[5] ইয়াৰ পূৱত কাস্পিয়ান সাগৰ, উত্তৰে ৰাছিয়া, দক্ষিণ-পশ্চিমত জাৰ্জিয়া, পশ্চিমে আৰ্মেনিয়া আৰু দক্ষিণ সীমান্তত ইৰাণ আছে। নাখচিভান বহিক্ষেত্ৰৰ উত্তৰ আৰু পূৱ দিশত আৰ্মেনিয়া, দক্ষিণ আৰু পশ্চিম দিশত ইৰাণ, আৰু উত্তৰ-পশ্চিমৰ এটা সৰু অঞ্চলৰ সীমাত তুৰস্ক আছে।

ৰাজনীতি

[সম্পাদনা কৰক]

আজেৰবাইজানৰ ৰাজনীতিৰ ভিত্তি এক ৰাষ্ট্ৰপতিশাসিত প্ৰজাতন্ত্ৰ, যত আজেৰবাইজানৰ ৰাষ্ট্ৰপতি হৈছে ৰাষ্ট্ৰপ্ৰধান, আৰু প্ৰধানমন্ত্ৰী হৈছে চৰকাৰ প্ৰধান। নিৰ্বাহী ক্ষমতা চৰকাৰৰ হাতত, আইন প্ৰণয়ন ক্ষমতা চৰকাৰ আৰু সংসদ উভয়ৰ হাতত ন্যস্ত। বিচাৰ বিভাগ স্বাধীন।

প্ৰশাসনিক বিভাগ

[সম্পাদনা কৰক]

আজেৰবাইজান ১০ টা অৰ্থনৈতিক অঞ্চলত বিভক্ত; ৬৬ টা ৰিয়ান (ৰিয়ানোলাৰ, একক ৰিয়ান) ৭৭ খন চহৰত বিভক্ত, ইয়াৰে ১২ খন চহৰ বিপাব্লিকৰ প্ৰত্যক্ষ অধিকাৰিত্বত আছে। ইয়াৰোপৰি আজেৰবাইজানত নাখচিভান স্বায়ত্বশাসিত ৰিপাব্লিকো আছে। আজেৰবাইজানৰ ৰাষ্ট্ৰপতিয়ে এই বিভাগসমূহৰ ৰাজ্যপালক নিযুক্ত কৰে, আনহাতে নাখচিভানৰ চৰকাৰ নাখচিভান স্বায়ত্বশাসিত ৰিপাব্লিকে নিৰ্বাচিত আৰু মনোনিত কৰে।

আজেৰবাইজান ইউৰেছিয়াৰ ককেছাছ অঞ্চলত অৱস্থিত। এই দেশৰ ভূগোলত তিনিটা মূল বৈশিষ্ট্য লক্ষণীয়: কাস্পিয়ান সাগৰ, যাৰ অক্ষৰেখা দেশখনৰ পূৱে এক প্ৰাকৃতিক সীমা সৃষ্টি কৰিছে। উত্তৰে বৃহত্তৰ ককেছাছ পৰ্বতমালা। দেশৰ কেন্দ্ৰভাগ বিস্তীৰ্ণ সমতলভূমি। আজেৰবাইজানৰ কালি পৰ্তুগাল বা মাৰ্কিন মূল অংগৰাজ্যৰ প্ৰায় সমান। দেশখনৰ কালি প্ৰায় ৮৬,৬০০ বৰ্গকিলোমিটাৰ।

অৰ্থনীতি

[সম্পাদনা কৰক]

আজেৰবাইজানৰ অৰ্থনীতি বৰ্তমান এক সন্ধিক্ষণত বিদ্যমান, য'ত চৰকাৰে এতিয়াও এক প্ৰভাৱশালী ভূমিকা পালন কৰে। আজেৰবাইজানত আছে গুৰুত্বপূৰ্ণ খনিজ তেলৰ ভাণ্ডাৰ। বৈচিত্ৰ‌্যময় জলবায়ু অঞ্চলৰ উপস্থিতিৰ কাৰণে দেশৰ কৃষি ক্ষেত্ৰৰ উন্নতিৰ সম্ভাবনাও প্ৰচুৰ। ১৯৯০ দশকৰ শেষৰ ফালে আন্তৰ্জাতিক অৰ্থ তহবিলৰ সহযোগিতাত আজেৰবাইজানে এক সফল অৰ্থনৈতিক সুস্থিতিকৰণ প্ৰকল্প হাতত লয়, যাৰ ফলশ্ৰুতিত ২০০০ চনৰ পৰা দেশখনৰ অৰ্থনীতি ১০% হাৰত প্ৰবৃদ্ধি লাভ কৰে। ২০০৭ চনত আজেৰবাইজানৰ স্থূল অভ্যন্তৰীণ উৎপাদন প্ৰায় ২৫% বৃদ্ধি পায়। মূলত তেল খাতেই এই প্ৰবৃদ্ধিৰ মূল চালিকাশক্তি। ২০০৭ চনৰ স্থূল অভ্যন্তৰীণ উৎপাদনৰ (GDP) ৫২.৮% খনিজ তেল খাতৰ পৰা আহৰণ কৰা হয়। আজেৰবাইজানৰ মুদ্ৰাৰ নাম মানাত।

জনসংখ্যা

[সম্পাদনা কৰক]

আজেবাইজানত প্ৰায় ৯৬ লাখ লোকে বাস কৰে। ইয়াৰ ভিতৰত ৯৫% লোক জাতিগতভাৱে আজেৰবাইজানী। অন্যান্য সংখ্যালঘু জাতিৰ লোকৰ ভিতৰত লেজগীয়, ৰুছী, আৰ্মেনীয় আৰু তালিছ জাতিৰ লোক প্ৰধান। ইছলাম ধৰ্ম (মূলতঃ ছিয়া) আজেৰবাইজানী সকলৰ প্ৰধান ধৰ্ম। জনসংখ্যা বৃদ্ধিৰ হাৰ ০.৬৬%।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Azərbaycanda Əhalinin Sayı Açıqlandı [Population of Azerbaijan Announced]" (আজেৰবাইজানী ভাষাত). ১৫ ডিচেম্বৰ ২০১৪. http://www.azadliq.az/xeber/20667/azerbaycan-ehalisinin-sayi-aciqlanib-statistika/Azərbaycanda.[সংযোগবিহীন উৎস]
  2. 1 2 3 4 "Azerbaijan". আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি. http://www.imf.org/external/pubs/ft/weo/2015/02/weodata/weorept.aspx?pr.x=90&pr.y=6&sy=2015&ey=2020&scsm=1&ssd=1&sort=country&ds=.&br=1&c=912&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC&grp=0&a=.
  3. "Gini Index". World Bank. http://data.worldbank.org/indicator/SI.POV.GINI/ আহৰণ কৰা হৈছে: 2 March 2011.
  4. "Human Development Index, 2012 Update". United Nations. 2011. http://hdrstats.undp.org/en/countries/profiles/AZE.html আহৰণ কৰা হৈছে: 15 June 2012.
  5. While often politically aligned with Europe, Azerbaijan is generally considered to be at least mostly in Southwest Asia geographically with its northern part bisected by the standard Asia-Europe divide, the Greater Caucasus. The United Nations classification of world regions places Azerbaijan in Western Asia; the CIA World Factbook places it mostly in Southwest Asia Archived 2009-06-10 at the Wayback Machine and Merriam-Webster's Collegiate Dictionary places it in both; NationalGeographic.com, and Encyclopædia Britannica also place Georgia in Asia. Conversely, some sources place Azerbaijan in Europe such as Worldatlas.com.