মিলখা সিং
মিলখা সিং | |
---|---|
![]() ২০১২ চনত চণ্ডীগড় গ'ল্ফ ক্লাবত সিং | |
জন্ম | ১৯৩৫ গোবিন্দপুৰা (এতিয়া পাকিস্তানত), পঞ্জাব অঞ্চল, ব্ৰিটিছ শাসিত ভাৰত |
বাসগৃহ | চণ্ডীগড়, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
অন্য নাম | উৰন্ত শিখ (The Flying Sikh) |
পেচা | ট্ৰেক এণ্ড ফিল্ড এথ্লীট |
নিয়োগকৰ্তা | অৱসৰ; পূৰ্বে ভাৰতীয় সেনা আৰু পঞ্জাব চৰকাৰৰ পদত নিয়োজিত |
ধৰ্ম | শিখ |
দাম্পত্যসঙ্গী | নিৰ্মল কৌৰ |
সন্তান | ৩ গৰাকী কন্যা; এজন পুত্ৰ; এজন তোলনীয়া পুত্ৰ |
অলিম্পিক পদক ৰেকৰ্ড | ||
---|---|---|
Men's এথ্লেটিক্ছ | ||
প্ৰতিনিধিত্ব কৰা দেশ ![]() | ||
ব্ৰিটিছ সাম্ৰাজ্য আৰু কমন্ৱেল্থ গে'ম্ছ | ||
![]() |
1958 Cardiff | 440 yards |
Asian Games | ||
![]() |
1958 Tokyo | 200 m |
![]() |
1958 Tokyo | 400 m |
![]() |
1962 Jakarta | 400 m |
![]() |
1962 Jakarta | 4 x 400 m relay |
মিলখা সিং (ইংৰাজী: Milkha Singh; জন্ম: ১৯৩৫) এজন ভূতপূৰ্ব ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড দৌৰবিদ। উৰন্ত শিখ (The Flying Sikh) নামেৰেও জনাজাত সিঙে ভাৰতীয় সেনাত কৰ্মৰত হৈ থাকোঁতে খেলজগতত প্ৰৱেশ কৰে। ২০১৩ চনলৈকে কমন্ৱেল্থ গে'ম্ছত ব্যক্তিগত শাখাত এথ্লেটিক্ছৰ স্বৰ্ণ পদক দখল কৰা তেখেত একমাত্ৰ ভাৰতীয় পুৰুষ। তেখেতে মেলবৰ্ণৰ ১৯৫৬ গ্ৰীষ্মকালীন অলিম্পিক, ৰোমৰ ১৯৬০ গ্ৰীষ্মকালীন অলিম্পিক আৰু টকিঅ'ৰ ১৯৬৪ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰিছিল। ক্ৰীড়াজগতলৈ তেখেতৰ অৱদানৰ বাবে তেখেতক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী উপাধি প্ৰদান কৰা হয়।
সিঙে ভাগ লোৱা সবাতোকৈ বিখ্যাত প্ৰতিযোগিতাখন আছিল ১৯৬০ চনৰ অলিম্পিকৰ ৪০০ মিটাৰ দৌৰৰ ফাইনেল য'ত তেওঁ চতুৰ্থ স্থান দখল কৰিছিল। প্ৰতিযোগিতাৰ অন্যতম ফেভৰিট হিচাপে অংশগ্ৰহণ কৰা মিলখা সিং প্ৰথম ২৫০ মিটাৰলৈকে আহবাঢ়ি আছিল যদিও তাৰপিছত বাকী প্ৰতিযোগীয়ে তেওঁক চেৰ পেলাই যায়। এই দৌৰত কেইবাটাও অভিলেখ স্থাপন হৈছিল আৰু ফটো ফিনিছৰ যোগেদি আমেৰিকাৰ অ'টিছ ডেভিছক দ্বিতীয় স্থানত থকা কাৰ্ল কৌফ্মেনতকৈ ১/১০০ ছেকেণ্ডৰ ব্যৱধানত বিজয়ী ঘোষণা কৰা হৈছিল। মিলখা সিঙে ইয়াত ৪৫.৭৩ ছেকেণ্ড সময়েৰে ভাৰতীয় অভিলেখ স্থাপন কৰিছিল যিটো প্ৰায় ৪০ বছৰ অক্ষত থাকে।
ভাৰতৰ বিভাজনৰ সময়ত মাউৰা হৈ পৰা মিলখা সিং নিজৰ কষ্টৰ বলেৰে পিছলৈ ভাৰতৰ ক্ৰীড়া জগতৰ তাৰকা হৈ পৰিছিল। ২০০৮ চনত সাংবাদিক ৰোহিত ব্ৰিজনাথে তেওঁক "ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ এথ্লিট" আখ্যা দিয়ে।[1] ২০১২ চনত দ্য ইণ্ডিপেণ্ডেণ্ট কাকতে কয় যে "ভাৰতৰ সকলোতকৈ সন্মানীয় অলিম্পিয়ানজন এজন সাহসী পৰাজয়ী।"[2]
মিলখা সিং আৰু জীয়েক চ'নিয়া চানৱাল্কাই মিলি তেওঁৰ আত্মজীৱনী "The Race of My Life" লিখি উলিয়ায়।[3] এই গ্ৰন্থখনৰ ভিত্তিতে নিৰ্মাণ কৰা চলচ্চিত্ৰ "ভাগ্ মিলখা ভাগ্"-এ ২০১৩ চনত মুক্তি লাভ কৰে।[4][5][6]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Brijnath, Rohit (30 July 2008). "The 'Flying Sikh' remembers". BBC News. http://news.bbc.co.uk/1/hi/world/south_asia/7532626.stm। আহৰণ কৰা হৈছে: 12 July 2013.
- ↑ "Opening week's action at the Games... and what to expect". The Independent. 29 July 2012. http://www.independent.co.uk/sport/olympics/news/opening-weeks-action-at-the-games-and-what-to-expect-7985155.html। আহৰণ কৰা হৈছে: 14 July 2013.
- ↑ "Milkha Singh: ‘My God, my religion, my beloved’". Livemint/Hindustan Times. 10 July 2013. http://www.livemint.com/Leisure/zqnhgnEijysVEmD6DfEhrJ/Milkha-Singh--My-God-my-religion-my-beloved.html। আহৰণ কৰা হৈছে: 15 July 2013.
- ↑ "I don’t know how much people know about Milkha Singh: Farhan Akhtar". Hindustan Times. 12 July 2013. http://www.hindustantimes.com/Entertainment/Bollywood/I-don-t-know-how-much-people-know-about-Milkha-Singh-Farhan-Akhtar/Article1-1091306.aspx। আহৰণ কৰা হৈছে: 15 July 2013.
- ↑ "Bhaag Milkha Bhaag Picks Up Well On Day One". Box Office India. 12 July 2013. Archived from the original on 13 July 2013. http://archive.is/PBHiR। আহৰণ কৰা হৈছে: 13 July 2013.
- ↑ Ramnath, Nandini (1 July 2013). "When Milkha Singh ran for his life". Livemint/Hindustan Times. http://www.livemint.com/Leisure/fawdjxruZQLB1WdtIkQ5DI/When-Milkha-Singh-ran-for-his-life.html। আহৰণ কৰা হৈছে: 13 July 2013.
বহিঃ সংযোগ[সম্পাদনা কৰক]
- "Transcript of a webchat". Rediff. 22 August 2001. http://www.rediff.com/chat/trans/0824milk.htm.
- "Video of Singh in the closing stages of the 440 yards (400m) race, 1958 British Empire & Commonwealth Games". IBN. http://topic.ibnlive.in.com/milkha-singh/videos/1958-milkha-singh-440y-the-british-empire-games-cardiff-u3Dr4OsY32o-199591.html.