জোনাকী ছবিঘৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জোনাকী চিত্ৰগৃহৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
জোনাকী ছবিঘৰ

অসমৰ প্ৰথম স্থায়ী ছবিঘৰ জোনাকীৰ বৰ্তমান ৰূপ
সাধাৰণ তথ্য
প্ৰকাৰ ছবিঘৰ
অৱস্থিতি তেজপুৰ, অসম

জোনাকী ছবিঘৰ (ইংৰাজী: Jonaki Cinema Hall) হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা অসমৰ প্ৰথম স্থায়ী চিত্ৰগৃহ।[1] ১৯৩৭ চনত প্ৰতিষ্ঠিত এই ছবিঘৰটি জ্যোতিপ্ৰসাদৰ ঘাইঘৰ পকীৰ পিছচোতালৰ হাবি-বন মুকলি কৰি তৈয়াৰ কৰা হৈছিল। ১৯৩৫ চনত কলকতাৰ ৰাওণাক ছবিঘৰত জয়মতীয়ে মুক্তি লাভ কৰাৰ পিছত অসমৰ দৰ্শকৰ বাবে কোনো স্থায়ী ছবিঘৰ নাছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত ১৯৩৭ চনত জ্যোতিপ্ৰসাদে জোনাকী ছবিঘৰ নিৰ্মাণ কৰে। জ্যোতিপ্ৰসাদৰ পিছত ঘাইকৈ তেওঁৰ কনিষ্ঠ ভাতৃ হৃদয়ানন্দ আগৰৱালা আৰু তেওঁৰ পুত্ৰ শ্ৰীমন্ত প্ৰতীম আগৰৱালাই চোৱা-চিতা কৰা জোনাকীয়ে ২০১৩ চনৰ ১৭ জানুৱাৰীত মহাৰজত জয়ন্তী পালন কৰে।

চমু ইতিহাস[সম্পাদনা কৰক]

১৯৩৭-১৯৫০[সম্পাদনা কৰক]

অসমীয়া ছবি নিৰ্মাণ কৰিম বুলি মন বান্ধি লৈ জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথমতে শোণিত কুঁৱৰী নাটৰ চিত্ৰৰূপ দিয়াৰ কথা ভাবিছিল। কিন্তু তেওঁ অসমীয়া জাতীয় জীৱনৰ এক সাহসিকতাপূৰ্ণ চিত্ৰ প্ৰস্ফুটিত হৈ উঠা কাহিনী এটাৰ সন্ধানত আছিল। তদুপৰি শোণিত কুঁৱৰীৰ চিত্ৰায়্ণত আহিব পৰা জটিলতাৰ কথাও তেওঁ ভাবিছিল। সেয়েহে তেওঁ লক্ষ্মীনাথ বেজবৰুৱাজয়মতী নাটকখনৰ কাহিনীটো নিৰ্বাচন কৰে।

১৯৩৫ চনৰ ১০ মাৰ্চত কলিকতাৰ 'ৰাওনাক' ছবিঘৰত জয়মতী' প্ৰথম মুক্তি পায়। ছবিখন উদ্বোধন কৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই।[2] সেই সময়ত অসমত স্থায়ী ছবিঘৰ নাছিল। মাত্ৰ গুৱাহাটী, ডিব্ৰুগড় আৰু শ্বিলঙত অস্থায়ীভাৱে ছবি দেখুওৱাৰ ব্যৱস্থা আছিল। সেয়েহে ১৯৩৭ চনত জ্যোতিপ্ৰসাদে জোনাকী ছবিঘৰ নিৰ্মাণ কৰে। লোহাৰ খুটা, ইটা-চূণশিলৰ মিশ্ৰণ আৰু বোকামাটিৰে লিপা দেৱালৰ সৈতে কাঠৰ বেলকনী থকা ছবিঘৰটি এমাহৰ ভিতৰতে নিৰ্মাণ কৰা হয়। মূল গৃহটি ২৭ ফুট বহল, ৮০ ফুট দীঘল আৰু ১৮ ফুট উচ্চতাৰ আছিল। আগৰৱালা পৰিয়ালৰ ঘাইঘৰ পকীৰ পিছচোতালত জোনাকী নিৰ্মাণ কৰা হৈছিল। আম-জামু, বিভিন্ন জোপোহা গছ আৰু অলাগতিয়াল গছ-গছনিৰে ভৰা ঠাই এডোখৰ জোনাকী নিৰ্মাণৰ বাবে নিৰ্বাচন কৰা হৈছিল। আৰু অনাগত দিনবোৰত সেই এন্ধাৰ ঠাইটুকুৰাই মানুহক মনোৰঞ্জন দিব বুলি তাৰ নাম ৰখা হৈছিল জোনাকী[3]

"তেজপুৰৰ আমাৰ ঘাই ঘৰ 'পকী'ৰ (বৰ্তমান জ্যোতি ভাৰতী) এনেয়ে পৰি থকা কচুৱনী আৰু ডাঙৰ ডাঙৰ আম, লিচু আৰু জামু গছেৰে ভৰা ঠাইত নিৰ্মাণ কৰা হৈছিল। সেই ঠাইডোখৰ আন্ধাৰ-মুন্ধাৰ, মানুহ অহা-যোৱা কৰিলেও জোনাকী পৰুৱাৰ পোহৰেহে বাট দেখুৱায়। সেইডোখৰ ঠাইয়ে সদায় পোহৰ হৈ ৰাইজৰ মন আনন্দিত কৰি ৰাখিব বুলিয়েই প্ৰেক্ষাগৃহটোৰ নাম 'জোনাকী' থ'লে বুলি আমাক কোৱা মনত আছে। ..."

- হৃদয়ানন্দ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাতৃ

সেই সময়ত বৃটিছ শাসনতন্ত্ৰৰ পৰা চিনেমা দেখুওৱাৰ অনুমতি পত্ৰ বা লাইচেন্স লাভ কৰাটো সহজসাধ্য নাছিল। কিন্তু আন্দোলনৰ কাৰ্যকলাপৰ পৰা দূৰত ৰাখিবলৈয়ে হয়তো জ্যোতিপ্ৰসাদক অনুমতি পত্ৰ প্ৰদান কৰা হয় আৰু চিত্ৰলেখা ডিষ্ট্ৰিবিউটৰ্ছৰ বেনাৰত ছবি প্ৰদৰ্শনৰ আৰম্ভণি কৰা হয়।[3] ১৯৩৭ চনৰ দুৰ্গাপূজাৰ আগেআগে মেট্ৰো গোল্ডৱিন মেয়ৰৰ এলেফেণ্ট বয় ছবিখনেৰে জোনাকী ছবিঘৰৰ শুভাৰম্ভ কৰা হয়। ভাৰতীয় চিত্ৰ তাৰকা চাবু অভিনীত ছবিখন চাবলৈ মধ্যমীয়া গতিত দৰ্শকৰ সোঁত ব'বলৈ লয়। লাহেলাহে জ্যোতিপ্ৰসাদে সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত মনোনিবেশ কৰিবলৈ লয় আৰু জোনাকী পৰিচালনাৰ ভাৰ তেওঁৰ ভাতৃ কমলা প্ৰসাদ আগৰৱালাৰ হাতত পৰে। কিন্তু কমলা প্ৰসাদো ৰাজনীতিত প্ৰৱেশ কৰিবলৈ মন মেলে আৰু সহোদৰ বিবেকানন্দ আগৰৱালাও ভোলাগুৰি চাহ-বাগিচা চোৱা-চিতা কৰিবলৈ আঁতৰি যাবলগীয়াত পৰে। ইপিনে সেই সময়ত চিনেমাৰ ৰীলবোৰ কলিকতাৰ পৰা ৰেলে-জাহাজে আনিবলগীয়া হোৱাত আৰু দৰ্শকৰ সংখ্যাও কমি যোৱাত জোনাকী বন্ধ হোৱাৰ উপক্ৰম হয়। চোৱা-চিতা কৰিবলৈ কোনো নথকা দেখি তেজপুৰৰ আবুল হুছেইনক ৪২ টকা প্ৰতি মাহত লীজত দিয়া হয়। ১৯৪০ চনৰ পূজাৰ সময়ত আবুল হুছেইনে ব্যৱসায় উন্নত কৰাৰ চেষ্টা চলায় যদিও বিফল হয়। ইতিমধ্যে চৰকাৰে ছবিঘৰৰ আন্তঃগাঁথনি দুৰ্বল বুলি জোনাকীৰ অনুমতি পত্ৰ ৰদ কৰি দিয়ে। সেই সময়তে কলিকতাত পঢ়ি থকা জ্যোতিপ্ৰসাদৰ কনিষ্ঠ ভাতৃ হৃদয়ানন্দ আগৰৱালা ঘৰলৈ আহে আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ পুত্ৰ তৰুণ কুমাৰ আৰু অন্যান্যৰ সহযোগত জোনাকীৰ মেৰামতি কৰে আৰু পুনৰ অনুমতি পত্ৰ আহৰণ কৰে। ১৯৪১ চনৰ ২০ জুনৰ পৰা এম.জি.এম.ৰ ব্লকহেড ছবিৰে পুনৰ জোনাকীৰ প্ৰদৰ্শনী আৰম্ভ হয়। সেই সময়ত পৰিচালকৰ দৰমহা আছিল ১৫ টকা আৰু মেছিন অপাৰেটৰৰ দৰমহা আছিল ১০ টকা। ছবিঘৰৰ দৈনিক উপাৰ্জন ২.৫০ টকাৰ পৰা আৰম্ভ কৰি ৬০-৭০ টকালৈকে হৈছিল।

তাৰ পিছত হৃদয়ানন্দ পৰৱৰ্তী পৰ্যায়ৰ অধ্যয়নৰ বাবে কলিকতালৈ যায় যদিও দ্বিতীয় বিশ্বযুদ্ধৰ অশান্তজৰ্জৰ সময়ত অধ্যয়নৰ সুবিধা নথকাত ১৯৪১ চনৰ নৱেম্বৰত পুনৰ অসমলৈ ঘূৰি আহে ছবিঘৰৰ ব্যৱসায়ত একাণপতীযাকৈ লাগে।[3] সেই সময়ত তেজপুৰত মিত্ৰশক্তিৰ সেনা-বিষয়াৰ আহ-যাহ বাঢ়ি যোৱাত ইংৰাজী চিনেমাৰ ব্যৱসায় ভালৰ ফালে আহে। সেই সময়ত জোনাকীৰ উপাৰ্জন দিনে ১০০ ৰ পৰা ২৫০ টকালৈকে বৃদ্ধি পাই আৰু হৃদয়ানন্দ আগৰৱালাই নগাঁওৰ জয়শ্ৰী ছবিঘৰটি পুনৰুজ্জীৱিত কৰি ব্যৱসায় আৰম্ভ কৰে। ১৯৪৪ চনত এখন চিনেমা ডিষ্ট্ৰিবিউশ্যন ফাৰ্ম খোলা হয়।

১৯৫০-বৰ্তমানলৈ[সম্পাদনা কৰক]

১৯৫০ চনত জোনাকীত এটা নতুন আৰ.চি.এ. প্ৰজেক্টৰ সংৰোপিত কৰা হয়। ষাঠিৰ দশকত অসমত চিনেমাৰ ব্যৱসায় যথেষ্ট উন্নত হয় আৰু জোনাকীয়ে কিছু লাভৰ মুখ দেখে। ১৯৭৩ চনত জোনাকীৰ মেৰামতি কৰা হয় আৰু ৭০০ জন মানুহে একেলগে চাব পৰাকৈ নতুন সাঁচত নিৰ্মাণ কৰা হয়। ১৯৭৮ চনত তামোলবাৰী চাহ বাগিচাৰ মনোৰঞ্জন আগৰৱালাৰ সহযোগত হলঘৰটো ৪০ ফুট বঢ়াই লোৱা হয় আৰু আসনৰ সংখ্য ১০০০ লৈ বঢ়োৱা হয়। ইতিমধ্যে দূৰদৰ্শনৰ আগ্ৰাসন, ভিডিঅ' ছবিৰ সহজলভ্যতা আৰু পাইৰেচীৰ কৱলত পৰি অসমত ছবিৰ ব্যৱসায় মন্দা হ'বলৈ ধৰে। সেই সময়ত তেজপুৰত কেৱল জোনাকী আৰু আনোৱাৰ টকিজেহে ব্যৱসায় কৰি আছিল। অসমীয়া ছবি উদ্যোগক সহায় কৰিবলৈ চৰকাৰে সেৱা কৰ আৰোপ কৰে কিন্তু সি বিশেষ লাভদায়ক নহয়। ১৯৯৯ চনত মনোৰঞ্জন আগৰৱালাৰ মৃত্যু হয় আৰু হৃদয়ানন্দৰ হাতত পুনৰ জোনাকীৰ দায়িত্ব আহি পৰে। একবিংশ শতাব্দীৰ আৰম্ভণিত ডিজেটেল ছবিয়ে বজাৰ দখল কৰে আৰু জোনাকীৰো ডিজেটেলাইজেশ্যন কৰা হয়। ২০০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত প্ৰথম ডিজেটেল প্ৰদৰ্শনী হিচাপে অস্কাৰ বঁটা বিজয়ী ছবি শ্লামডগ মিলিয়নেয়াৰ দেখুওৱা হয়। ২০১৩ চনৰ জানুৱাৰী মাহত জোনাকী ছবিঘৰে মহাৰজত জয়ন্তী পালন কৰে।[1]

চৰকাৰী পৃষ্ঠপোষকতা[সম্পাদনা কৰক]

অসমীয়া ছবিৰ ব্যৱসায় উন্নত কৰিবলৈ অসম চৰকাৰে ছবিঘৰৰ টিকেটত সেৱা কৰ লগায়। এই আয়োজনৰ দ্বাৰা টিকেটৰ পৰা পোৱা কিছু অংশ ধন প্ৰদৰ্শকে নিজে ৰাখি ছবিঘৰসমূহৰ উন্নয়ন সাধিব পৰা ব্যৱস্থা কৰা হৈছিল।[3] শেহতীয়াকৈ অসম চৰকাৰে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধীনত জোনাকী ছবিঘৰৰ মেৰামতিৰ বাবে ৫০ লাখ টকা দিয়াৰ কথা ঘোষণা কৰিছে।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]