সমললৈ যাওক

শিল্পী দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শিল্পী দিৱস
তাৰিখ ১৭ জানুৱাৰী
অৱধি ১ দিন
সংঘটন প্ৰতি বছৰে

শিল্পী দিৱস প্ৰতি বছৰে ১৭ জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস হিচাপে উদ্‌যাপন কৰা হয়।[1][2][3] এই দিনটোতে মহান শিল্পীগৰাকীৰ পৰলোকপ্ৰাপ্তি ঘটিছিল। ১৯৫৩ চনৰ ১৭ জানুৱাৰী তাৰিখে প্ৰথম বাৰৰ বাবে শিল্পীজনাক সুঁৱৰি এই দিৱস উদ্‌যাপন কৰা হৈছিল। প্ৰথম অৱস্থাত এই দিনটো ‘জ্যোতি দিৱস’ হিচাপে পালন কৰা হৈছিল। পৰৱৰ্তী সময়ত জ্যোতি দিৱসক ‘শিল্পী দিৱস’ হিচাপে নামকৰণ কৰা হয়। ১৯৫৩ চনত প্ৰথম বাৰৰ বাবে আয়োজিত এই দিৱস গুৱাহাটী আৰু বৰপেটাত পালন কৰা হৈছিল। সেই সময়ত এই শিল্পীজনাৰ স্মৃতি জীয়াই ৰাখিবৰ হকে এই প্ৰচেষ্টাৰ বাবে আগভাগ লৈছিল ড° ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসে। ভাৰতীয় গণ নাট্য সংঘৰ উদ্যোগত গুৱাহাটীৰ নবীন চন্দ্ৰ হলত এই অনুষ্ঠানটো আয়োজন কৰা হৈছিল। প্ৰথম বছৰৰ সেই অনুষ্ঠানত গুৱাহাটীত ৪০ জনমান লোক উপস্থিত আছিল। সেইসকলৰ ভিতৰত অন্যতম আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ কন্যা জয়শ্ৰী আগৰৱালা (চলিহা), ড° মহেশ্বৰ নেওগ, অধ্যাপক ভৱানন্দ দত্ত ইত্যাদি। একেদিনাই বৰপেটাত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল শিল্পী দিলীপ দত্তই।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Jyoti Prasad Agarwala, Indian Theatre Artist". Indianetzone.com. Archived from the original on 2013-03-30. https://web.archive.org/web/20130330160137/http://www.indianetzone.com/28/jyoti_prasad_agarwala_indian_theatre_artist.htm আহৰণ কৰা হৈছে: 2013-01-31.
  2. "অনলাইন শিৱসাগৰ". Archived from the original on 2023-11-01. https://web.archive.org/web/20231101154723/http://onlinesivasagar.com/movies/jyotiprasad-agarwala.html আহৰণ কৰা হৈছে: জানুৱাৰী 17, 2014.
  3. "বিপুলজ্যোতি শইকীয়াৰ ৱেবছাইট". Archived from the original on 2013-05-17. https://web.archive.org/web/20130517064723/http://www.bipuljyoti.in/authors/jyotiprasad/rupkonwar.html আহৰণ কৰা হৈছে: জানুৱাৰী 17, 2014.
  4. শান্তনু কৌশিক বৰুৱা, জ্ঞানাঞ্জন, প্ৰান্তিক, ৩৫শ বছৰ, ৪ৰ্থ সংখ্যা, পৃষ্ঠা নং: ১৮