সমললৈ যাওক

লভিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লভিতা

১৯৪৮ চনত প্ৰকাশিত লভিতাৰ প্ৰথম প্ৰকাশনৰ বেটুপাত
লিখক জ্যোতিপ্ৰসাদ আগৰৱালা
চৰিত্ৰসমূহ
  • লভিতা
  • ইলাহী
  • গোলাপ
  • মৌজাদাৰ
  • মৌজাদাৰণী
  • পত্ৰলেখা
মূল ভাষা অসমীয়া
বিষয় বাস্তৱধৰ্মী নাট

লভিতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত চতুৰ্থখন সম্পূৰ্ণ নাট। ই এখন সামাজিক নাটক।[1] ১৯৪৭ চনত ৰচিত এই নাটকখনত অসমৰ জনসাধাৰণৰ ওপৰত বিয়াল্লিছ চনৰ বিপ্লৱ আৰু অসমৰ ওপৰেদি বৈ যোৱা দ্বিতীয় মহাসমৰৰ ঢৌৱে কেনেদৰে প্ৰতিক্ৰিয়া কৰিছিল তাৰ এক চিত্ৰ ৰূপায়ণ কৰা হৈছে। ১৯৪৮ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা এই নাটকখন পাঁচটা অংকত বিভক্ত।

লভিতাৰ কাহিনীভাগ ১৯৪২ চনৰ স্বাধীনতা আন্দোলন আৰু দ্বিতীয় মহাসমৰৰ পটভূমিত ৰচিত হৈছে। জ্যোতিপ্ৰসাদৰ মতে 'লভিতা'ৰ চৰিত্ৰৰ প্ৰথম ছোৱাৰ বাবে সমল গোটোৱা হৈছে ১৯৪১ চনৰ শেহত তেজপুৰৰ শালনি এয়াৰ ফিল্ডত হোৱা ঘটনা এটাৰ পৰা। তাত শালনি এয়াৰ ড্ৰমৰ লগালগি অসমীয়া গাঁও এখনত মিলিটেৰীৰ সহায়েৰে মানুহবোৰক তুলি দিয়া হৈছিল। তাৰে গাঁৱৰ এঘৰত ভেটিৰ পৰা আঁতৰি নাযাওঁ বুলি কেবাগৰাকীও তিৰোতাই গোৰ্খা চিপাহীৰ বন্দুকৰ আগতে বুকুপাতি থিয় হৈছিল। বন্দুক বৰতোপেৰে ভয়খুৱাই তেওঁলোকক আঁতৰ কৰিব নোৱাৰি শেহত জিলাৰ ডেপুটি কমিছনাৰে তাৰ কংগ্ৰেছৰ কৰ্তৃপক্ষৰ দ্বাৰা তেওঁলোকক বুজনি দিয়াইহে আঁতৰাবলৈ সমৰ্থ হৈছিল। গাঁৱলীয়া অসমীয়া ছোৱালীয়ে কেইবা ঠাইতো মিলিটেৰীৰ হাতত ধৰ্ষিতা হৈ পিছত সমাজত ঠাই নাপাই অলৈ তলৈ গৈ যুদ্ধৰ কামত ভৰ্ত্তি হোৱা ঘটনাও ঘটিছিল। ঢেকীয়াজুলি, গহপুৰ, বৰহমপুৰত অসমীয়া ছোৱালীয়ে দেশৰ বাবে জীৱন উছৰ্গাও কৰিছিল। কিছুমান অসমীয়া ছোৱালী নাৰ্ছ হৈ আৰু যুদ্ধৰ আন কামতো দেশ এৰি বিদেশলৈও গৈছিল। বহুতো অসমীয়া ল'ৰায়ো যুদ্ধত যোগ দি অসমীয়াৰ ছাত্ৰশক্তিৰ পৰিচয় দি ভাৰত উদ্ধাৰৰ বাবে সুভাষ চন্দ্ৰ বসুৱে গঢ়া আই. এন. এত গৈ উচ্চ সামৰিক পদবী পাই আই. এন. এ.ৰ সৈতে অসমৰ সীমা আক্ৰমণ কৰিছিল।[2] এই সত্য ঘটনাবোৰৰ ওপৰত ভেঁজা দিয়েই নাট্যকাৰে লভিতা নাটৰ চৰিত্ৰায়ণ কৰিছিল।

নাটকৰ প্ৰথমভাগতে ১৯৪২ চনৰ জাপানী বোমাৰ আক্ৰমণত লভিতাৰ পিতৃৰ মৃত্যু হয়। গৃহহাৰা হৈ তাই মৌজাদাৰৰ ঘৰত থাকিবলৈ যাই যদিও মৌজাদাৰণীৰ অত্যাচাৰত তাৰ পৰা ওলাই আহে। এক পুলিচ বিষয়াই তাইক দুৰ্বৃত্তৰ হাতত ধৰ্ষিতা হোৱাৰ পৰা ৰক্ষা কৰে। তাৰ পিছত তাই ইলাহী নামৰ বৃদ্ধ মুছলমান এজনৰ ঘৰত আশ্ৰয় লয়। পিছলৈ তাই সামৰিক নাৰ্চ হিচাপে ব্ৰিটিছ বাহিনীত সোমাই আৰু কহিমা পাইগৈ। শেষত লভিতাই আই. এন. এ. ফৌজত যোগদান কৰে আৰু ব্ৰিটিছৰ বাৰুদৰ আগত মৃত্যুবৰণ কৰে।

চৰিত্ৰসমূহ

[সম্পাদনা কৰক]
  • লভিতা : ফুলগুৰি গাঁৱৰ খেতিয়ক বাণেশ্বৰ বৰুৱাৰ জীয়েক
  • সোণ
    ৰূপ
    হীৰা: ফুলগুৰি গাঁৱৰ গাভৰু ছোৱালী
  • মৌজাদাৰণী : লহৰজান মৌজাৰ মৌজাদাৰৰ ভাৰ্যা
  • কেইজনীমান অসমীয়া নাৰ্ছ, নগা ছোৱালী ব্ৰহ্মদেশীয় ছোৱালী
  • বাণেশ্বৰ বৰুৱা : লভিতাৰ বাপেক
  • গোলাপ : ফুলগুৰি গাঁৱৰ শিক্ষিত দেকা এ.আৰ.পি. কেপ্তেইন
  • পুলিচ চাহাব
  • পুলিচ ইন্সপেক্টৰ
  • পুলিচ এ.এচ.আই.
  • এ.আৰ.পি. অফিচাৰ
  • পুলিচ চাহাব
  • পুলিচ ইন্স্‌পেক্টৰ
  • পুলিচ এ. এচ. আই.
  • এ. আৰ. পি অফিচাৰ—গোলাঘাট অঞ্চলৰ
  • গাঁওবুঢ়া—লহৰ জান মৌজাৰ
  • মৌজাদাৰ—লহৰজানৰ
  • ইলাহী বকছ্—এজন লহৰ-জানৰ মুছলমান বুঢ়া
  • লেফ্‌টেনেণ্ট বৰুৱা—আজাদ হিন্দ ফৌজৰ অসমীয়া লেফটেনেণ্ট
  • ডক্টৰ হাজৰিকা—জাপানীয়ে ধৰি নিয়া এজন ডাক্তৰ
  • কেপটেইন শৰ্মা—এজন মিলিটেৰী অফিচাৰ
  • কেপটেইন সেনাপতি—এজন আসাম ৰেজিমেণ্টৰ অফিচাৰ
  • শিখ কামাণ্ডাৰ—আজাদ হিন্দ ফৌজৰ কামাণ্ডাৰ
  • নিগ্ৰো সৈন্য। ভাৰতীয় সৈন্য। কংগ্ৰেছ ভলেণ্টিয়াৰ, এ. আৰ. পি., গাঁৱলীয়া মুনিহ-তিৰোতাবোৰ, পাইলট, নগামানুহ, বৰ্ম্মা-মানুহ, জাপানী সৈন্য, আমোলা, ঠিকাদাৰ, মাৰোৱাৰী ব্যৱসায়ী, পুলিচ, দাৰোগা, এম. পি., ইত্যাদি।

জ্যোতিপ্ৰসাদে লভিতা নাটত কোনো নায়ক নায়িকা নাই বুলি কৈছে।[2] অৱশ্যে নায়ক নাথাকিলেও লভিতাক সহজেই নায়িকা বুলি ক'ব পাৰি। লভিতাৰ চৰিত্ৰ বৰ্ণনা কৰোঁতে নাট্যকাৰে কোনো কাব্যিকতাক প্ৰশ্ৰয় দিয়া নাই। মাত্ৰ 'বগা আৰু শুৱনি' বুলি লভিতাৰ বৰ্ণনা দিয়া হৈছে আৰু সেই চৰিত্ৰ নিৰ্মাণতো সকলো ৰোমাণ্টিক ভাৱবিলাস ত্যাগ কৰিছে। লভিতাৰ নাৰীসুলভ কমনীয়তা আৰু সহনশীলতাক বৰ্জন কৰি তাইৰ বৈপ্লৱিক সত্তাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। এঠাইত লভিতাই কৈছে

কি কলিকালৰ কথা কৈছা। গান্ধী মাহাত্মাইনো কি বেয়া কাম কৰিছে। আমাৰ দেশক গচকি গচকি সাত সাগৰৰ পাৰৰ ইংৰাজহঁতে ঢাহিমুহি খালে। সোপাকে সিহঁতৰ দেশলৈ কঢ়িয়াইছে। গান্ধীয়ে তেওঁ সিহঁতক আমাৰ দেশ এৰি দিবলৈহে কৈছে। আমাৰ মানুহক লোকৰ তলতীয়া বহতীয়া গোলাম হৈ নাথাকি নিজে নিজে স্বৰাজ কৰিবলৈহে কৈছে।

আকৌ একেজনী লভিতাই মই গান্ধীৰ বহীত নাম লিখোৱা নাই বুলি দাৰোগাৰ পৰা পিষ্টল কাঢ়ি লৈছে।

এক কথাত ক'বলৈ গ'লে লভিতাই সমস্ত দেশৰ ইতিহাস কান্ধত লৈ আগবাঢ়িছে য'ত হা-হুমুনিয়াহৰ অৱকাশ নাই। লভিতাই অসীম সাহস আৰু ধৈৰ্যৰে প্ৰতিকূলতাৰ বিৰূদ্ধে যুঁজি দেশৰ বাবে প্ৰাণ আহুতি দিছে। লভিতা এক কথাত ত্যাগ আৰু সাহসৰ জ্বলন্ত শিখা। মানসিক দৃঢ়তা, প্ৰতিৰোধ ক্ষমতা আৰু সাহসিকতাৰ প্ৰতিমূৰ্ত্তি স্বৰূপে অংকন কৰোঁতে লভিতাই এক আদৰ্শাত্মক স্তৰ পাইছে। জ্যোতিপ্ৰসাদে কাৰেঙৰ লিগিৰী আৰু ৰূপালীমতো এনে এক নাৰী চৰিত্ৰ অংকন কৰিবলৈ চেষ্টা কৰিছে যদিও লভিতাত সেই চেষ্টাই পূৰ্ণতা পাইছে। শ্বেইকছপীয়েৰৰ নাটৰ দৰেই জ্যোতিপ্ৰসাদৰ নাটৰ চৰিত্ৰ জটিলতা আৰু অন্তৰ্দ্বন্দ্ব্ব অসমীয়া সাহিত্যত এক মৌলিক অৱদান।[3]

জ্যোতিপ্ৰসাদৰ নাটকসমূহ জাগৰণৰ নাটক, চেতনা উত্তৰণৰ নাটক। লভিতাত এজনী সাধাৰণ অসমীয়া গাভৰু গতানুগতিক জীৱনৰ পৰা খুন্দা খাই উফৰি আহি আত্ম আৱিষ্কাৰ আৰু আত্ম প্ৰত্যয়ৰ আধুনিক অভিজ্ঞতা অৰ্জন কৰিছে। লভিতা নাটখন লিখাৰ বেলিকা জ্যোতিপ্ৰসাদ আগৰ নাট্যৰীতিৰ পৰা আঁতৰি আহিছে। বাস্তৱবাদী শৈলীৰে ৰচিত নাটখনত সমসাময়িক ঘটনাৱলী প্ৰতিফলিত হৈছে। এই ক্ষেত্ৰত পছিমীয়া সাহিত্যৰ বাস্তৱধৰ্মী, সমস্যামূলক, চিন্তাশীল নাটৰ প্ৰভাৱ পৰা বুলি কোৱা হৈছে।[4] দৰাচলতে সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পৰিমণ্ডলৰ যিবোৰ প্ৰশ্নই জ্যোতিপ্ৰসাদৰ সৃষ্টি চেতনাক জৰ্জৰিত কৰি ৰাখিছিল তাৰ এক বিশ্লেষণ আৰু সমাধানৰ ইংগিতৰ প্ৰয়াস লভিতাত দেখা যায়। নাটকৰ পাতনিতে তেওঁ লিখিছে যে সচৰাচৰ যেনেকৈ নাটকত আখ্যান, প্লট, চৰিত্ৰাংকন থাকে সেইবোৰ লভিতা নাটত নাই। আখ্যান আছে যদিও তাক নাটকীয় ঘটনাৱলী গাঁঠিবলৈ সূত্ৰৰ দৰেহে লোৱা হৈছে। জ্যোতিপ্ৰসাদে ইয়াত কোনো চৰিত্ৰকে নায়ক বা নায়িকাৰ স্থান দিব খোজা নাই। তেওঁৰ মতে অসমীয়া জাতি, অসমীয়া সমাজেই নাটকৰ নায়ক। অসমীয়া সমাজে কেনেকৈ বেলেগ-বেলেগ জীৱন ক্ষেত্ৰত সেই ক্ষেত্ৰৰ মাজেদি ভাৰতত সাম্ৰাজ্যবাদী প্ৰভুত্ব ৰোধ কৰিবলৈ বিয়াল্লিছৰ বিপ্লৱৰ মাজেদি জাতিৰ সক্ষমতা বা অক্ষমতা দেখুৱাইছে লভিতাত তাৰেই নাট্যৰূপ দিয়া হৈছে। দৰাচলতে ভাৰতীয় গণনাট্য সংঘৰ সংস্পৰ্শলৈ অহাৰ পিছত উপজিয়ে হৈ আহো বিশ্ব নাগৰিক বুলি কোৱা জ্যোতিপ্ৰসাদে বিশ্ব নাগৰিক সম্পৰ্কীয় চিন্তা-চেতনাৰ বাস্তৱিক তাৎপৰ্য বুজি পাইছিল। লভিতাত গোটেই সমাজখনকেই নায়ক বুলি কোৱাৰ জৰিয়তে তেওঁ বিশ্ব-সমাজৰ প্ৰতিজন লোকেই যে নায়কৰ ভূমিকা লোৱাৰ সমকক্ষ তাকেই সূচাইছে। লভিতা নাটকৰ সৃষ্টিৰ নেপথ্যত থকা নাট্যকাৰৰ মূল বাসনা হৈছে এক নতুন সমাজ ব্যৱস্থাৰ সপোন। অসমীয়া জীৱনৰ সন্ধিক্ষণত অসমীয়াই নিজৰ স্বৰূপ চাবলৈ সুবিধা পাই নিজৰ নিজৰ চৰিত্ৰৰ সবলতা দুৰ্ব্বলতা জানি প্ৰতিজনে ভৱিষ্যতৰ সৈতে যুঁজিবলৈ সক্ষম হ'ব পৰাটোৱেই নাট্যকাৰৰ কামনা। বিশ্ব-মানৱৰ মুক্তিৰ স্বাৰ্থত লভিতাৰ জৰিয়তে জ্যোতিপ্ৰসাদৰ নাটত যি মহাকাব্যিক নাট্যৰীতিৰ প্ৰৱেশ ঘটিছে তাত পৰম্পৰাগত নাটৰ কাহিনী-বিন্যাসৰ পৰিচ্ছন্নতা, চৰিত্ৰাংকন আদিয়ে গুৰুত্ব নাপায়। মহাকাব্যত যিদৰে কাৰো পক্ষপাতিত্ব নকৰাকৈ ঐতিহাসিক ঘটনাৱলীৰ নিৰ্মোহ বিৱৰণ ডাঙি ধৰা হয় ঠিক তেনেদৰে লভিতা নাটকতো দ্বিতীয় মহাসমৰৰ ধুমুহাই অসম তথা অসমৰ ৰাইজৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছিল তাৰ কাহিনী প্ৰকাশ পাইছে।[5]

লভিতাৰ দ্বিতীয় অংকৰ দ্বিতীয় দৰ্শনৰ মঞ্চসজ্জা, সংলাপ তথা চৰিত্ৰাংকণ আজিৰ নাট্যকাৰৰ বাবে প্ৰেৰণাৰ উৎস। ইয়াত গাওঁবুঢ়াই সাম্ৰাজ্যবাদী শাসনত শোষিত-জৰ্জৰিত ভাৰতত চলি থকা মহাৰাণীৰ শাসনক প্ৰশংসা কৰিছে। আপাততঃ সৰল যেন লগা এই ব্যংগাত্মক টিপ্পনীয়ে নাট্যকাৰৰ পৰিপক্বতা আৰু মনোজ্ঞতাৰ সূচক।

সমালোচনা

[সম্পাদনা কৰক]

জ্যোতিপ্ৰসাদৰ আন আন নাটৰ তুলনাত লভিতা মাটিৰ গোন্ধ সমৃদ্ধ, স্বাধীনতাৰ প্ৰতি থকা মানুহৰ স্বাভাৱিক দূৰ্বাৰ আকৰ্ষণেৰে উদ্বুদ্ধ তথা মহাকাব্যিক নাটৰ বিশালতাৰে মহীয়ান।[উদ্ধৃতিৰ প্ৰয়োজন] কিন্তু ইয়াৰ পিছতো এই নাটখনিয়ে মঞ্চকলা তথা সাহিত্যকৃতি হিচাপে পলমকৈহে স্বীকৃতি পায়। ষাঠী সত্তৰ দশকলৈ অসমৰ নাট্যলোচনা কেৱল বিদ্যায়তনিক ক্ষেত্ৰতেই সীমাৱদ্ধ হৈ থকাকে ইয়াৰ কাৰণ বুলি কোৱা হৈছে। তদুপৰি নাটকৰ লগত জড়িত ব্যক্তিসকলৰ আধুনিক ভাৱধাৰাৰ নাটকক লৈ পৰীক্ষা-নিৰীক্ষা চলোৱাৰ প্ৰৱণতা নাছিল। ধ্ৰুপদী নাট্যৰীতিৰ পৰা ৰোমাণ্টিক নাট্যৰ্ৰীতিত অভ্যস্ত হ'লেও লভিতাৰ দৰে বাস্তৱধৰ্মী নাটৰ ৰসস্বাদনৰ বাবে সাহিত্য পণ্ডিতসকল প্ৰস্তুত নাছিল। নাটখনিত জ্যোতিপ্ৰসাদে সময়ে সময়ে মহাত্মা গান্ধীৰ অহিংস নীতিক কটাক্ষ কৰা বহুতে সহজভাৱে ল'ব পৰা নাছিল।[5] লভিতা নাটত সমসাময়িক ঘটনাৱলীৰ উমান পোৱা যায় যদিও ১৯৪১-৪২ চনৰ পটভূমিত নাটকখন ৰচিত হৈছে আৰু প্ৰধান চৰিত্ৰ লভিতাই তথা গাঁৱৰ ৰাইজে কমিউনিষ্ট কাৰ্যকলাপৰ বিষয়ে জনা বুলি কোৱা হৈছে কিন্তু সেই সময়ত অসমৰ গাঁৱে-ভূঁয়ে কমিউনিষ্ট কাৰ্যকলাপ সিমান ব্যাপক নাছিল।[6]

তদুপৰি লভিতাৰ সংলাপসমূহৰ কিছুমান আৱেগৰ আধিক্যত অযথা দীঘল আৰু জটিল হৈ পৰা দেখা যায়। আনহাতে সংলাপবিহীন কিছুমান দৃশ্যৰ কঠিন মঞ্চায়নে প্ৰযোজনাৰ ক্ষেত্ৰত আহুকাল সৃষ্টি কৰা দেখা যায়।

মঞ্চ ৰূপায়ণ

[সম্পাদনা কৰক]
জ্যোতি প্ৰসাদ আগৰৱালাৰ "লভিতা" নাটকৰ দৃশ্য-শ্ৰাব্য অংশ

লভিতা পোন প্ৰথমবাৰৰ বাবে ১৯৪৭ চনৰ শাৰদীয় দুৰ্গা পূজাত ডিব্ৰুগড়ৰ আমোলাপট্টি নাট্যমন্দিৰ ৰংগমঞ্চত ডিব্ৰুগড় আৰ্ট প্লেয়াৰ্ছৰ দ্বাৰা মঞ্চস্থ কৰা হয়। দ্বিতীয় বাৰৰ বাবে লভিতা মঞ্চস্থ হয় ১৯৭৮ চনত ডিব্ৰুগড়তেই। বিজয় সংঘৰ দ্বাৰা ইণ্ডিয়া ক্লাব ৰংগমঞ্চত এই মঞ্চায়ন অনুষ্ঠিত হয়।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. প্ৰফুল্ল কুমাৰ বৰুৱা (জানুৱাৰী, ২০১৫). জ্যোতিপ্ৰসাদৰ নাটক. প্ৰকাশক গুৱাহাটী: বনলতা. পৃষ্ঠা. ১৪০. ISBN ৮১-৭৩৩৯-২২২-৬. 
  2. 2.0 2.1 জ্যোতিপ্ৰসাদ আগৰৱালা (১৯৪৭). "পাতনি". লভিতা. অসমীয়া সাহিত্য মন্দিৰ. https://as.wikisource.org/wiki/%E0%A6%B2%E0%A6%AD%E0%A6%BF%E0%A6%A4%E0%A6%BE. 
  3. ড॰ শৈলেন ভৰালী (২০০৪). "লভিতা সম্বন্ধে এটি সমালোচনা". In হীৰেন গোহাঁই, লক্ষ্মীনাথ তামুলী. জ্যোতিপ্ৰসাদৰ নাটক. অসম প্ৰকাশন পৰিষদ. 
  4. ড॰ পোণা মহন্ত (২০০৪). "জ্যোতিপ্ৰসাদৰ নাটক সমাজ সচেতনতা". In হীৰেন গোহাঁই, লক্ষ্মীনাথ তামুলী. জ্যোতিপ্ৰসাদৰ নাটক. অসম প্ৰকাশন পৰিষদ. 
  5. 5.0 5.1 5.2 মুনীন শৰ্মা. "এলাগী লভিতা". In অখিল গগৈ, গীতাশ্ৰী তামুলী. শিল্পীৰ আলোকযাত্ৰা. জ্যোতি প্ৰকাশন. 
  6. লক্ষ্মীনাথ তামুলী (২০০৪). "প্ৰকাশকৰ কৈফিয়ত". In হীৰেন গোহাঁই, লক্ষ্মীনাথ তামুলী. জ্যোতিপ্ৰসাদৰ নাটক. অসম প্ৰকাশন পৰিষদ.