খনিকৰ (নাট)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
খনিকৰ
লিখক জ্যোতিপ্ৰসাদ আগৰৱালা
চৰিত্ৰসমূহ
  • নবীনচন্দ্ৰ ফুকন
  • মিঃ ভইন
  • মহম্মদ আলি
  • পৰিমল
  • কল্পনা কুমাৰ বৰুৱা
  • জীৱনৰাম ফুকন
মূল ভাষা অসমীয়া
বিষয় সামাজিক নাট

খনিকৰ হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত এখন পূৰ্ণাংগ অসমীয়া নাটক। ১৯২৮ চনত লিখিবলৈ আৰম্ভ কৰা নাটখনি ১৯৪০ চনত লিখা সম্পূৰ্ণ হয়।[1] এই নাটখনিত শিল্প-ভাস্কৰ্যৰ প্ৰতি অনুৰক্ত নবীন নামৰ এজন ডেকাল'ৰাই বিভিন্ন প্ৰতিকূলতা নেওচি বিলাতলৈ গৈ এজন প্ৰখ্যাত শিল্পকাৰ হৈ উঠাৰ কাহিনী বৰ্ণনা কৰা হৈছে। এই নাটখনত পাঁচটা অংক আৰু তিনিটা গীত আছে।

পটভূমি[সম্পাদনা কৰক]

জীৱনৰাম বৰুৱাৰ বৰপুত্ৰ নবীনৰ মনোবাঞ্চা হ'ল বিলাতলৈ গৈ চিত্ৰ-ভাস্কৰ্যৰ শিক্ষা গ্ৰহণ কৰা। শিল্পকলাৰ আদৰ নকৰা তেওঁৰ চৌপাশৰ মানুহবোৰে নবীনক নিৰুৎসাহ কৰিলেও নবীন নিজৰ মতত অটল আৰু দৃঢ়প্ৰতিজ্ঞ। ঘৰৰ সন্মতি নাথাকিলেও নবীন কলিকতা বন্দৰত উপস্থিত হয় আৰু তাৰ পৰা বোম্বাইলৈ যায়। তাৰ পৰা জাহাজ এখনত বাবুৰ্চিৰ কাম কৰি পেৰিছ গৈ পায়। পেৰিছত কিছু দিন দিনত এখন ৰেষ্টোৰাত ৱেইটাৰৰ কাম কৰে আৰু ৰাতি ভাস্কৰ্য নিৰ্মাণ শিকে। কিছুদিন পিছত তেওঁ পৰিমল নামৰ বঙালী ল'ৰ এজনৰ লগত থাকিবলৈ লয় আৰু দিনে ৰাতি ভাস্কৰ্য নিৰ্মাণত ব্ৰতী হয়। অৱশেষত নবীনে নিৰ্মাণ কৰা সীতাৰ ভাস্কৰ্য দেখি পেৰিছৰ শিল্পী-সমাজ মুগ্ধ হয়। পেৰিছত এক সভা অনুষ্ঠিত কৰি সকলোৱে নবীনক অকল পেৰিছ বা ভাৰতৰে নহয় সমগ্ৰ বিশ্বৰে অন্যতম শিল্পী বুলি সম্বৰ্দ্ধনা জনাই।

চৰিত্ৰসমূহ[সম্পাদনা কৰক]

  • জীৱনৰাম ফুকন : এজন চাহ-খেতিয়ক মৌজাদাৰ
  • নবীনচন্দ্ৰ ফুকন : জীৱনৰামৰ বৰপুতেক
  • মিঃ ভইন ( মিঃ টঙ্কেশ্বৰ ভূঞা, বাৰ এট্ ল) : এজন বিলাত ফেৰত বেৰিষ্টাৰ, জীৱনৰামৰ ভাবী জোঁৱাই
  • শুক্লেশ্বৰ বৰা : প্ৰাইভেট টিউটৰ
  • মহম্মদ আলি : নবীনৰ সহপাঠী অন্তৰঙ্গ বন্ধু
  • কল্পনা কুমাৰ বৰুৱা : নবীনৰ সহপাঠী কবি
  • গান্ধৰ্বপ্ৰসাদ বৰুৱা : নবীনৰ সহপাঠী গণিতজ্ঞ
  • উপেন শইকীয়া : নবীনৰ সহপাঠী পেট্ৰিয়ট
  • মিঃ পৰিমল বাগছী : এজন পেৰিছত থকা বঙালী ছাত্ৰ
  • প্ৰফেছৰ ইবেনষ্টাইন : আমেৰিকাৰ হাৰ্ভাৰ্ড ইউনিভাৰচিটিৰ আৰ্ট কলেজৰ অধ্যক্ষ
  • মিঃ অলিভাৰ : এজন আমেৰিকাৰ ক্ৰোৰপতি
  • ওঙ্কাৰমল আচোৱাল : এজন ধনী মাৰোৱাৰী, জীৱনৰামৰ বেংকাৰ
  • সাৱিত্ৰী ফুকননী : নবীনৰ মাক
  • নবনলিনী ফুকন : নবীনৰ বাইদেৱেক, জীৱনৰামৰ জীয়েক, মিঃ ভইনৰ ভাবী পত্নী
  • মেডামুজেল জঞজ : এজনী ফ্ৰেঞ্চ আৰ্টিষ্ট ছোৱালী
  • মেডাম ডালকুৰ : পেৰিছত নবীনৰ লেণ্ড লেডী
  • সৰুবাপু আৰু মাজুবাপু : নবীনৰ সৰু ভায়েক
  • পেনুকণা : জীৱনৰামৰ ঘৰৰ চাকৰ ল'ৰা
  • এটা গোৱানিছ ছেইলৰ, ওৱেটাৰ আৰু ওৱেট্ৰিছ, কলিকতাৰ বঙালী বাটৰুৱা, ফেৰিৱালা, জাহাজৰ নাবিকবোৰ, পেৰিছত অৰিয়েণ্টেল একজিভিশ্যনৰ ফৰাচী মুনিহ-তিৰোতা, পেৰিচৰ হোটেলত বলডেন্স কৰা ডেকা-ডেকেৰীবোৰ ইত্যাদি।


জ্যোতিপ্ৰসাদৰ আন আন পুৰুষ চৰিত্ৰবোৰৰ দৰে নবীন সৌন্দৰ্য-পিয়াসী, কলাপ্ৰিয়, কিছু মইমতীয়া আৰু কল্পনাপ্ৰিয় যুৱক। খনিকৰ নাটত নবীনক প্ৰতিকূল পৰিৱেশৰ লগত যুঁজ দি শিল্পসাধনাত নিজক উছৰ্গা কৰা এক প্ৰতিষ্ঠাপ্ৰয়াসী চৰিত্ৰ হিচাপে অংকন কৰা হৈছে। নাটকখনৰ আন এক উল্লেখযোগ্য চৰিত্ৰ হ'ল মিষ্টাৰ ভইন ওৰফে মিষ্টাৰ ভূঞা। বিলাতলৈ গৈ নিজৰ উপাধি বিকৃত কৰি চাহাবী ঢং ল'লেও ভূঞা কিন্তু পৰোপকাৰী আৰু সৰল মনৰ মানুহ। এই চৰিত্ৰৰ মাজেৰে নাট্যকাৰে মিছা চাহাবী ঢং দেখুওৱা মানুহৰ নিন্দা কৰিছে যদিও চৰিত্ৰটি বিশেষ সহানুভূতিৰে চৰিত্ৰাংকণ কৰিছে। তেৱেঁই একমাত্ৰ ঘৰুৱা মানুহ যিয়ে নবীনক বিলাতলৈ যাবলৈ প্ৰেৰিত কৰে, নবীনৰ সন্ধানত ফ্ৰান্সলৈ যায় আৰু নবীনৰ কৃতকাৰ্যতাত অভিনন্দন জ্ঞাপন কৰে। খনিকৰত প্ৰধান ভূমিকাত কোনো স্ত্ৰী-চৰিত্ৰ নাই। মাত্ৰ এটা দৃশ্যত দেখা পোৱা নৱনলিনী চৰিত্ৰ স্বকীয় মহিমাৰে উজ্জ্বল। তেওঁ আধুনিক স্ত্ৰী-স্বাধীনতাকামী মুক্ত নাৰীৰ প্ৰতিনিধি।

উৎস আৰু শৈলী[সম্পাদনা কৰক]

খনিকৰ নাটত ৰোমাণ্টিক কল্পনাৰ প্ৰাধান্য নাই। চৰিত্ৰৰ আৱেগ-অনুভূতিবোৰক ইয়াত কাব্যিক ৰূপ দিয়া হোৱা নাই। এই নাটখনৰ ৰচনা ১৯২৮ চনত আৰম্ভ কৰি বহুবাৰ সংশোধনৰ পিছত ১৯৪০ চনত সম্পূৰ্ণ কৰা হয়। ১৯৪০ চনত প্ৰথমৰ অংক দুটা নতুনকৈ সজাই পুনৰ পাণ্ডুলিপি তৈয়াৰ কৰিবলৈ লোৱা হৈছিল।[1] এই নাটকখন যি সময়ত লিখা হৈছিল তেতিয়া অসমত ভাস্কৰ্য আৰু চিত্ৰকলাৰ অনুশীলন আৰু মূল্যবোধ সম্পৰ্কে অসমীয়া সমাজ সচেতন নাছিল। কোনোবাই চিত্ৰ-ভাস্কৰ্যত মনোনিৱেশ কৰিব খুজিলে পৰিয়ালৰ পৰা সহযোগ পোৱা নাছিল। আধুনিক শিক্ষা লাভ কৰা সকলেও শিল্পকলা সম্পৰ্কত ভ্ৰান্ত ধাৰণা পোষণ কৰিছিল। পাশ্চাত্য জগতৰ স্বীকৃতি নোপোৱালৈকে সমাজে এনে বিষয়সমূহ গ্ৰহণ কৰিবলৈ টান পাইছিল। এনে প্ৰতিকূল সময়ত অসমীয়া শিক্ষিত সমাজক সুকুমাৰ কলাৰ চৰ্চা সম্পৰ্কে সজাগ কৰিবলৈ জ্যোতিপ্ৰসাদে খনিকৰ নাটখন ৰচনা কৰিছিল বুলি ভবা হয়। খনিকৰ নাটকখন ৰচনাৰ আঁৰত এক পাৰিবাৰিক ঘটনাও লুকাই আছিল। চন্দ্ৰকুমাৰ আগৰৱালাৰ মাজুপুত্ৰ অৰুণকুমাৰে পিতৃৰ ইচ্ছাৰ বিৰূদ্ধে বিলাতলৈ যাবলৈ মন কৰিছিল। বিলাতলৈ যোৱাৰ সুবিধা পোৱাৰ আশাত তেওঁ কলিকতাৰ বন্দৰলৈ গৈ নাৱিকৰ সৈতে চিনাকি হৈছিল, ইটালীৰ জাহাজ এখনৰ চাফাই কৰ্মী এজনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল। জাহাজত এক চাকৰি যোগাৰ কৰি যাবলৈয়ে সাজু হৈছিল। কিন্তু শেষত তেওঁ মাতৃলৈ মনত কৰি ঘৰলৈ উভতি আহে। অৰুণকুমাৰে পিছলৈ আত্মহত্যা কৰে।

খনিকৰ এখন সামাজিক নাট আৰু নাটৰ গতি বিষয়বস্তুৰ পৰা মুঠেই আঁতৰি যোৱা নাই। উপবস্তু বা ছাব-প্লট থাকিলেও দৰ্শকৰ দৃষ্টি মূলবস্তুৰ পৰা বিক্ষিপ্ত নহয়। কোনো অবান্তৰ দৃশ্য বা চৰিত্ৰ নাটখনত নাই। যি উপবস্তুই মূলবস্তুৰ বাতাবৰণ, চৰিত্ৰ-চিত্ৰায়ণ আৰু ৰূপায়ণত প্ৰয়োজনীয় তেনে সংযোগ হে নাট্যকাৰে ঘটাইছে।[1]

সমালোচনা[সম্পাদনা কৰক]

খনিকৰ নাটখনি জ্যোতিপ্ৰসাদৰ আন আন নাটসমূহৰ তুলনাত জটিলতা বিহীন। নাটকৰ চৰিত্ৰসমূহৰ অন্তৰ্দ্বন্দ্ব্ব নাই। নবীন আৰু মিষ্টাৰ ভূঞাৰ বাহিৰে বাকীবোৰ চৰিত্ৰ সাময়িকী, নাটকত স্থায়িত্ব লাভ কৰা চৰিত্ৰ নহয়। নাটখনিৰ ঘটনাবিন্যাসত উৎকণ্ঠা নাই। বাস্তৱতা আৰু ৰংগমঞ্চত সফলতা লাভৰ লক্ষণ থাকিলেও খনিকৰ নাটখনে জ্যোতিপ্ৰসাদৰ নাট্যপ্ৰতিভাৰ স্বাক্ষৰ বহন নকৰে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 লক্ষ্মীনাথ তামুলী (২০০৪). হীৰেণ গোহাই, লক্ষ্মীনাথ তামুলী. ed. জ্যোতিপ্ৰসাদৰ নাটক. অসম প্ৰকাশন পৰিষদ.