ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান
Dr. Bhupen Hazarika Regional Government Film and Television Institute
Jyoti Chitraban.jpg
জ্যোতি চিত্ৰবন
প্ৰতিষ্ঠা১৯৬১
ৰাষ্ট্ৰঅসম,  ভাৰত
নেতৃত্বভূপেন হাজৰিকা
বিষ্ণুপ্ৰসাদ ৰাভা
কাৰ্যালায়ৰ ঠিকনাকাহিলীপাৰা, গুৱাহাটী
অসম, পিন: ৭৮১০১৯[1]

ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান পূৰ্বতে জ্যোতি চিত্ৰবন চলচ্চিত্ৰ আৰু টেলিভিশ্যন প্ৰশিক্ষণ প্ৰতিষ্ঠান (ইংৰাজী: Jyoti Chitraban Film and Television Institute) সমগ্ৰ উত্তৰ-পূব ভাৰতৰ একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ'।[2] পূৰ্বতে এই প্ৰতিষ্ঠানটো জ্যোতি চিত্ৰবন বুলি জনা গৈছিল। গুৱাহাটীকাহিলীপাৰাত অৱস্থিত এই ষ্টুডিঅ'ৰ নামকৰণ কৰা হৈছিল প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত। ১৯৬৮ চনত জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ' নামেৰে এই ষ্টুডিঅ'ৰ স্থাপন কৰা হৈছিল। ১৯৯৯ চনত জ্যোতি চিত্ৰবনক আনুষ্ঠানিক ভাৱে 'জ্যোতি চিত্ৰবন চলচ্চিত্ৰ আৰু টেলিভিশ্যন প্ৰশিক্ষণ প্ৰতিষ্ঠান' বুলি অভিহিত কৰি চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ সংশ্লিষ্ট বিষয়ৰ শিক্ষা প্ৰদানৰ অনুষ্ঠান হিচাপে গঢ় দিয়া হৈছে। অসম আৰু উত্তৰ পূৰ্বাঞ্চলত এইখন চলচ্চিত্ৰ আৰু দূৰদৰ্শন বিষয়ক প্ৰশিক্ষণৰ একমাত্ৰ শিক্ষানুষ্ঠান। আন্তৰ্জাতিক খ্যাতি সম্পন্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত তেওঁৰ নামেৰে এই প্ৰতিষ্ঠানৰ নতুনকৈ নামাকৰণ কৰা হয়।[3]

ইতিহাস[সম্পাদনা কৰক]

প্ৰথম অসমীয়া বোলছবি জয়মতী নিৰ্মান কৰিছিল জ্যোতি প্ৰসাদ আগৰৱালাই। জয়মতী নিৰ্মানৰ বাবে জ্যোতিপ্ৰসাদে নিজৰ ভোলগুৰি চাহ বাগিচাত 'চিত্ৰবন' নাম দি অস্থায়ী ষ্টুডিঅ' সাজি লৈছিল।[4] ১৯৫১ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ পাছত বিশিষ্ট সংগীতজ্ঞ ভূপেন হাজৰিকাই জ্যোতিপ্ৰসাদৰ স্মৃতিত এটা ষ্টুডিঅ' নিৰ্মান কৰিবলৈ দাবী তোলে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই এই দাবী সমৰ্থন কৰে।[5]

১৯৬১ চনত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই জ্যোতি চিত্ৰবনৰ বাবে গুৱাহাটীৰ কাহিলীপাৰাৰ ওচৰত ৭৩ বিঘা মাটি দান কৰে।[6] ১৯৬৮ চনৰ ১৭ জানুৱাৰীত তেখেতৰ দ্বাৰাই জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ' মুকলি কৰা হয়। ১৯৭৩ চনত ইয়াক পঞ্জীয়নভূক্ত সমিতি (registered society) কৰা হয়। ২০০৪ চনত ইয়াৰ নাম সলনি কৰি জ্যোতি চিত্ৰবন (ফিল্ম ষ্টুডিঅ') ছোছাইটি ৰখা হ্য়।

জ্যোতি চিত্ৰবন চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰশিক্ষন প্ৰতিষ্ঠান[সম্পাদনা কৰক]

১৯৯৯ চনত জ্যোতি চিত্ৰবনক চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰশিক্ষণ প্ৰতিষ্ঠানলৈ উন্নীত কৰা হয়। সৰ্বমুঠ ৫০ জনৰ আসন প্ৰাপ্ত এই অনুষ্ঠানৰ বাবে অসম আৰু ছিকিমকে ধৰি উত্তৰ-পূব ভাৰতৰ ছাত্ৰৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা আছে। বৰ্তমান এই প্ৰতিষ্ঠানত নিম্নোক্ত বিষয়ৰ ডিগ্ৰী প্ৰদান কৰা হয়।[2][1]

  • ফটোগ্ৰাফীৰ ডিপ্ল'মা (এবছৰীয়া)
  • চলচ্চিত্ৰ সম্পাদনাৰ ডিপ্ল'মা (এবছৰীয়া)
  • অডিঅ'গ্ৰাফী আৰু ছাউণ্ড ইঞ্জিনীয়াৰিং ফিল্ম আৰু ভিডিঅ' (এবছৰীয়া)
  • প্ৰায়োগিক অভিনয় (ফিল্ম আৰু টিভি)-ৰ চাৰ্টিফিকেট কোৰ্ছ (এবছৰীয়া)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Jyoti Chitraban Film & Television Institute: Address and Contact Details". Cinemagine Media Limited. http://www.filmmaking.net/filmschools/film_school_details.asp?id=1412। আহৰণ কৰা হৈছে: February 24, 2013. 
  2. 2.0 2.1 "Jyoti Chitraban Film and Television Institute". minglebox.com. http://www.minglebox.com/college/Jyoti-Chitraban-Film-and-Television-Institute। আহৰণ কৰা হৈছে: February 24, 2013. 
  3. Arup Kumar Dutta (2002). Bhupen Hazarika: The Roving Minstrel. Rupa & Company. https://books.google.com/books?id=O4mfAAAAMAAJ। আহৰণ কৰা হৈছে: 8 April 2013. 
  4. Tamuli, Babul (2002) The making of Joymoti, The Assam Tribune. আহৰণ কৰা তাৰিখ: ৫ এপ্ৰিল, ২০১২
  5. ভূপেন হাজৰিকা, মই বিধান সভাৰ সদস্য কিয় হৈছিলোঁ?, শিল্পীৰ পৃথিৱীৰ ভূপেন হাজৰিকা (সম্পাদনা: হেমচন্দ্ৰ বৰা), তৃত্বীয় প্ৰকাশ, নৱেম্বৰ, ২০১১ পৃষ্ঠা: ১৪
  6. [http://www.telegraphindia.com/1080905/jsp/guwahati/story_9788093.jspRs 60 lakh for Jyoti Chitraban - Secretary transferred, The Telegraph, September 5, 2008]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]