সমললৈ যাওক

দৈনিক বাতৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দৈনিক বাতৰি
প্ৰকাৰ দৈনিক বাতৰিকাকত
ফৰমেট ডাঙৰ পৃষ্ঠা
সম্পাদক প্ৰধান নীলমণি ফুকন (জ্যেষ্ঠ)
প্ৰতিষ্ঠা ১৯৩৫ চন
ভাষা অসমীয়া
মুখ্য কাৰ্যালয় যোৰহাট, অসম

দৈনিক বাতৰি হ'ল যোৰহাট জিলাৰপৰা অসমীয়া ভাষাত প্ৰকাশিত অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত। [1] ১৮৮০ৰ দশকত ৰায়বাহাদুৰ শিৱ প্ৰসাদ বৰুৱাই অসমৰ যোৰহাট জিলাত ঠেঙাল ভৱন নিৰ্মাণ কৰিছিল[2][3] আৰু ১৯২৯ চনত তেওঁ ইয়াতেই এটা ছপাশাল বহুৱায়। প্ৰথমতে, ইয়াৰ পৰা সাপ্তাহিক বাতৰি কাকত এখন প্ৰকাশ পাইছিল।[4] এই ছপাশালটোৰ পৰাই ১৯৩৫ চনৰ ১২ আগষ্টত প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰি প্ৰকাশ হৈছিল।[5][3] কাকতখনৰ সম্পাদক আছিল বাগ্মীবৰ নীলমণি ফুকন

দৈনিক বাতৰি কাকতখন প্ৰথম প্ৰকাশ হৈছিল ১৯৩৫ চনত। [1]

দৈনিক বাতৰিয়েই ৰয়টাৰ, এচোছিয়েট প্ৰেছ আদি বাতৰি প্ৰতিষ্ঠানৰ বাতৰি কিনি সেয়া অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰাৰ নিদৰ্শন প্ৰথমে দাঙি ধৰিছিল আৰু এই কাকতখনক নিৰ্ভৰ কৰিয়েই বহু সাংবাদিকে সাংবাদিকতাক পেছা ৰূপে গ্ৰহণ কৰিছিল।[1]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 শান্তনু কৌশিক বৰুৱা (ডিচেম্বৰ, ২০২০). অসম ইয়েৰ বুক, ২০২১. জ্যোতি প্ৰকাশন. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮. 
  2. "Thengal Bhawan". District Administration, Jorhat.. http://jorhat.nic.in/thengal-bhawan-in-jorhat.html। আহৰণ কৰা হৈছে: 13 ফেব্ৰুৱাৰী 2014. 
  3. 3.0 3.1 "About Thengal Bhavan". holidayiq.com. Archived from the original on March 26, 2013. https://web.archive.org/web/20130326070625/http://www.holidayiq.com/Thengal-Bhavan-Jorhat-Sightseeing-808-15077.html। আহৰণ কৰা হৈছে: January 06, 2013. 
  4. "Thengal Bhawan". www.tourism.co.in. Archived from the original on March 5, 2016. https://web.archive.org/web/20160305010143/http://tourism.co.in/mainpage.php?action=place&id=855। আহৰণ কৰা হৈছে: January 06, 2013. 
  5. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; heritagetourismindia নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই