দিলীপ চৌধুৰী
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
দিলীপ চৌধুৰী | |
---|---|
জন্ম | তেজপুৰ জিলাত। ১৭ অক্টোবৰ, ১৯৪৪ অসম |
মৃত্যু | ২১ জানুৱাৰী, ২০০৬ (৬১ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
দিলীপ চৌধুৰী (ইংৰাজী: Dilip Choudhuri) হৈছে এগৰাকী অসমীযা সংগীতৰ একান্ত সাধক।
সংক্ষিপ্ত জীৱনী
[সম্পাদনা কৰক]১৯৪৪ চনৰ ১৭ অক্টোবৰত তেজপুৰ চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ নিলগৰ দিপোটা অঞ্চলৰ এটি অতি সম্ভ্ৰান্ত মৌজাদাৰৰ ঘৰত তেখেতৰ জন্ম হয়। ১৯৫৯ চনত তেজপুৰ চৰকাৰী হায়াৰ চেকেণ্ডেৰী স্কুল পৰা মেট্ৰিক,১৯৬১ চনত গুৱাহাটী বি .বৰুৱা কলেজৰ পৰা আই.এছ আৰু ১৯৬৩ চনত দৰং কলজৰ পৰা বি.এ পাছ কৰে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগৰ এম. এ. শ্ৰেণীত এবছৰ মান পঢ়ি সামৰি চৌধুৰদেৱে কলেজ আৰু বিশ্ববিদ্যালয়ত শ্ৰেষ্ঠ গায়কৰ সন্মান লাভ কৰে। ১৯৬৮ চনত 'এই পৃথিৱীৰ নাটঘৰ মই ভাৱৰীয়া' শীৰ্ষক গীতটি আকাশ বাণী গুৱাহাটী কেন্দ্ৰত গীত গাবলৈ লোৱা চৌধুৰী দেৱৰ বহু কেইটা স্মৰণীয় গীতৰ সুৰকাৰ তথা গায়ক। ১৯৮০ চনত তেওঁ সাংস্কৃতিক সঞ্চালকৰ অধীনৰ 'জ্যোতি-ভাৰতী'ত প্ৰযোজনা সহায়ক হিচাপে যোগদান কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]
২০০৬ চনৰ ২১ জানুৱাৰীত দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।[উদ্ধৃতিৰ প্ৰয়োজন]