সমললৈ যাওক

কুল বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুল বৰুৱা

কুল বৰুৱা
জন্ম ২১ জানুৱাৰী, ১৯৩৮
মৃত্যু ২৪ ফেব্ৰুৱাৰী, ২০২১ (৮৩ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা
  • গীতিকাৰ
  • সুৰকাৰ
  • কণ্ঠশিল্পী
  • সংগীত পৰিচালক
পিতৃ-মাতৃ প্ৰেমধৰ বৰুৱা (পিতৃ)
লিলি বৰুৱা (মাতৃ)

কুল বৰুৱা (ইংৰাজী: Kula Barua) অসমৰ এজন গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী আৰু সংগীত পৰিচালক। তেখেতে একাধিক অসমীয়া গান জয়ন্তীকা হাজাৰিকাৰ[স্পষ্টীকৰণৰ প্ৰয়োজন] সৈতে গাইছিল আৰু গীটাৰ, মেণ্ডোলিন, আফ্ৰিকাৰ ড্ৰামৰ দৰে পশ্চিমীয়া সঁজুলি অন্তৰ্ভুক্ত থকা গানবোৰ গাই সেই সময়ত অসমীয়া সমাজত আধুনিক সংগীতৰ নতুন ঢৌৰ সৃষ্টি কৰিছিল।[1]

জন্ম পৰিচয়

[সম্পাদনা কৰক]

১৯৩৮ চনৰ ২১ জানুৱাৰীত কণ্ঠশিল্পী কুল বৰুৱাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম প্ৰেমধৰ বৰুৱা আৰু মাতৃৰ নাম লিলি বৰুৱা। মাক লিলি বৰুৱা আছিল বিখ্যাত মজিন্দাৰ বৰুৱা পৰিয়ালৰ বংশধৰ। কুল বৰুৱা স্কুলত পঢ়ি থকা কালতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অকণিৰ চ’ৰা আৰু চেমনীয়া চ’ৰাত গীত পৰিবেশন কৰিছিল।[2] ১৯৬৮ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পী স্বীকৃতি লাভ কৰে। তেওঁ সেন্দূৰ, সাদৰী, বৃষ্টি, প্ৰভাতী পখীৰ গান আদিৰ চলচ্চিত্ৰত নেপথ্য গায়ক ৰূপেও কণ্ঠদান কৰিছে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে বিশিষ্ট সংগীত শিল্পী অণিমা বৰঠাকুৰ আৰু কুল বৰুৱালৈ ২০১৮ বৰ্ষৰ শিল্পী বঁটা আগবঢ়াইছে।

শিক্ষাগ্ৰহণ

[সম্পাদনা কৰক]

স্কুলীয়া শিক্ষা লাভ কৰিছিল প্ৰথমে তেজপুৰত। পাছলৈ কটন কলেজীয়েট স্কুলত পঢ়ে। কলেজীয়া শিক্ষা লাভ কৰিছিল বি বৰুৱা কলেজত। [3]

সংগীত পৰিচালনা

[সম্পাদনা কৰক]

এজন দক্ষ গায়কৰ উপৰিও, বাৰুৱাই সংগীত পৰিচালক হিচাপেও নিজৰ দক্ষতা প্ৰমাণ কৰিছিল। তেওঁ অতুল মেধিৰ সৈতে দুখন বোলছবি – শ্ৰীমতী মহিমাময়ী আৰু সাদৰিত সংগীত পৰিচালনা কৰিছিল। বোলছবিৰ উপৰিও, তেওঁ দুৰদৰ্শনত প্ৰচাৰিত দুখন টেলিভিছন ধাৰাবাহিক- লহৰ আৰু নামঘৰীয়াত সংগীত পৰিচালকৰ হিচাপে কাম কৰিছিলে। কুলা বাৰুৱাই গান গোৱাৰ উপৰিও হাৱাইন গীটাৰ, কঙ্গো আৰু বেঞ্জোৰ দৰে বাদ্য বজাইছিল। এজন সংগীতজ্ঞ হিচাপে, মহাবিদ্যালয়ৰ দিনত তেওঁ ‘মেলোডিকা’ নামৰ এটা সংগীত গোটৰ সদস্য আছিল। মেলোডিকা অসমৰ প্ৰথম লাইভ প্ৰদৰ্শন কৰা বেণ্ডৰ ভিতৰত অন্যতম আছিল আৰু ইয়াত ৰমেন চৌধুৰী, ৰমেন বৰকটকী, পদ্ম বৰুৱা, প্ৰভাত শৰ্মা, শিব গগৈ আৰু উৎপল বৰুৱাৰ দৰে বিশিষ্ট শিল্পীসকল অন্তৰ্ভুক্ত আছিল। দলটোৱে প্ৰয়াত ভূপেন হাজৰিকা, খগেন মহন্ত আৰু জয়ন্ত হাজৰিকাৰ দৰে কিংবদন্তী শিল্পীসকলৰ সৈতেও জড়িত আছিল। তেওঁ সংগীত পৰিচালনা কৰা বোলছবিৰ দুটা জনপ্ৰিয় গীত-[4]

  • দুহাততে দিছা মোক ফুল (শ্ৰীমতী মহিমাময়ী)
  • নীলা আকাশৰে ৰূপোৱালি পৰী জীয়াঁৰে (শ্ৰীমতী মহিমাময়ী)

কণ্ঠ দিয়া গীতৰ তালিকা

[সম্পাদনা কৰক]

কুল বৰুৱা কণ্ঠদান কৰা গীতসমূহ হৈছে:[5]

গীতসমূহ গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী
এই বৃষ্টি এই বৃষ্টি - - কুল বৰুৱা
শেৱালি পাহিয়ে কোমল মিচিকি হাঁহিৰে তফজ্জুল আলি কুল বৰুৱা কুল বৰুৱা
সৰু সৰু - - কুল বৰুৱা
কাৰোবাৰ দুনয়ন ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা কুল বৰুৱা
জুমি জুমি চোৱা তুমি সতীশ দাস কুল বৰুৱা কুল বৰুৱা
তোমাৰ গানবোৰ - - কুল বৰুৱা
নিসংগতাৰ নীৰৱ ৰাতিৰ মিনতি বৰুৱা কুল বৰুৱা কুল বৰুৱা
নীলা আকাশৰে ৰূপোৱালি পৰী নিৰ্মলপ্ৰভা বৰদলৈ কুল বৰুৱা কুল বৰুৱা
অতুল মেধি ডলী ঘোষ
প্ৰস্তৰ পোহৰে - - কুল বৰুৱা
ফুল নুফুলিলে - - কুল বৰুৱা
তেনেকৈ নেচাবা আজলী ছোৱালী প্ৰশান্ত বৰদলৈ কুল বৰুৱা কুল বৰুৱা
মই যেন এটা - - কুল বৰুৱা
মন দেখোন হ’ব খোজে - - কুল বৰুৱা
মুখখনি গৈ নিৰ্মলপ্ৰভা বৰদলৈ - কুল বৰুৱা
ৰম্ভা, মেনকা কিম্বা যুথিকা নামবোৰ নাজানো ভাই ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা জয়ন্ত হাজৰিকা, কুল বৰুৱা

২০২১ চনৰ ২৪ ফেব্ৰুৱাৰীত কুল বৰুৱাৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Borthakur, P., Baridua, M., & Kalita, B. C. (2018). Development of modern music in Assam: Guwahati (GMC), a mosaic of cultural fusion and diffusion.
  2. https://www.asomiyapratidin.in/kula-boruah-news-updates/[সংযোগবিহীন উৎস]
  3. অসমীয়া আধুনিক সংগীতৰ ৰূপকাৰসকল,লোকনাথ গোস্বামী
  4. https://www.sentinelassam.com/melange/melody-master/
  5. "আৰ্কাইভ কপি". Archived from the original on 2021-01-28. https://web.archive.org/web/20210128124009/https://xurorenajori.info/kula-baruah-%E0%A6%95%E0%A7%81%E0%A6%B2-%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE/। আহৰণ কৰা হৈছে: 2021-02-25. 
  6. https://www.asomiyapratidin.in/spcl-writing-about-kula-boruah-write-by-mridul-kumar-handiquee/[সংযোগবিহীন উৎস]