সমললৈ যাওক

ডলী ঘোষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডলী ঘোষ
জন্ম ডিব্ৰুগড়
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা কণ্ঠশিল্পী
দাম্পত্যসঙ্গী অশোক সাধ্যা (বি. ১৯৮২)
পিতৃ-মাতৃ সুধাংশু বিমল ঘোষ (পিতৃ)
বেলাৰাণী ঘোষ (মাতৃ)

ডলী ঘোষ (ইংৰাজী: Doli Ghosh/ Dolly Ghosh) এগৰাকী অসমীয়া আধুনিক আৰু চলচ্চিত্ৰীয় গীতৰ কণ্ঠশিল্পী। তাৰোপৰি তেওঁ বঙালী চলচ্চিত্ৰ আৰু টিভি ধাৰাবাহিকতো কণ্ঠদান কৰিছে। এটা বঙালী পৰিয়ালত জন্মগ্ৰহণ কৰা ঘোষে উজনি অসমৰ বিভিন্ন ঠাইত আৰু কলিকতাত বাস কৰিছিল৷ “দুহাততে দিছা মোক ফুল’’, “নাহৰ ফুলা বতৰতে মোৰ’’, “নীলা আকাশৰে ৰুপোৱালী’’ আদি তেওঁ গোৱা কেইটামান জনপ্ৰিয় অসমীয়া গীত৷

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ডলী ঘোষৰ জন্ম হয় অসমৰ ডিব্ৰুগড় জিলা[1] চেঁচা টি ইষ্টেটত৷ পিতৃৰ নাম আছিল সুধাংশু বিমল ঘোষ আৰু মাতৃ বেলাৰাণী ঘোষ৷ পিতৃ চেঁচা টি ষ্টেটত কৰ্মৰত আছিল৷ মাতৃ আৰু বায়েক ঝৰ্ণা ঘোষ সুগায়িকা হোৱাৰ বাবে ডলীয়ে সৰুৰে পৰা ঘৰত সাংগীতিক পৰিৱেশ পাইছিল আৰু সৰুৰে পৰা ৰাজহুৱা অনুষ্ঠানত গীত গোৱাৰ সুযোগ পাইছিল৷ তেওঁ কলিকতাৰ চাহ কোম্পানীৰ বিষয়া অশোক সাধ্যাৰ সতে ১৯৮২ চনত বিবাহপাশত আবদ্ধ হয়৷[2]ডিব্ৰুগড়ৰ কানৈ কলেজত পঢ়া ডলীৰ নিজৰ ভাষাত “গান যিমান ভাল পাওঁ আৰু একোৱেই ভাল নাপাওঁ৷ গান মানেই জীৱন’’৷[3]

সংগীত যাত্ৰা

[সম্পাদনা কৰক]

সৰুৰে পৰাই ৰাজহুৱা অনুষ্ঠানত গীত পৰিৱেশন কৰা ডলী ঘোষৰ সম্ভাৱনীয়তা দেখি অভিনেতা প্ৰশান্ত বৰদলৈৰ পিতৃ দেৱ বৰদলৈয়ে অধিক উৎসাহিত কৰিছিল৷ তাৰফলত ডলীয়ে সঙ্গীতজ্ঞ প্ৰহ্লাদ দাসৰ ওচৰত সংগীতৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰে৷ গুৱাহাটীত অনুষ্ঠিত হোৱা এখন “মিউজিক কনফাৰেন্স’’লৈ গুৰু প্ৰহ্লাদ দাসে আনি তাত হোৱা সংগীত প্ৰতিযোগিতাত অংশ লোৱায়৷ বিভিন্ন শিতানৰ এই প্ৰতিযোগিতালানিত অংশ লৈ ডলী ঘোষে মুঠ ১১টা শিতানত প্ৰত্যেকতে প্ৰথম পুৰস্কাৰ পাই শ্ৰেষ্ঠা গায়িকাৰ সন্মান লাভ কৰে৷ সেই কনফাৰেন্সত উপস্থিত থকা তফজ্জুল আলি, মুকুল বৰুৱা আদিৰ দৃষ্টি ডলী ঘোষৰ ওপৰত পৰে আৰু তেওঁলোকে ডলীক গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰীক্ষা দিবলৈ কয়৷ ডলীয়ে অনাতাঁৰ কেন্দ্ৰৰ পৰীক্ষা দিছিল আৰু তেওঁ উত্তীৰ্ণ হৈ অনাতাঁৰ কেন্দ্ৰৰ নিয়মীয়া গায়িকা হৈছিল৷ পৰৱৰ্তীকালত ডলী সংগীতৰ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল আৰু তাত তেওঁ চাকিৰুদ্দিন খান, কেষ্ট বেনাৰ্জী, সুধীন দাসগুপ্ত আদি সঙ্গীতজ্ঞৰ ওচৰত তালিম লৈছিল৷[2]

কৃতিত্ব

[সম্পাদনা কৰক]

কলিকতাত থকা সময়ত তেওঁ “এইচ্ এম্ ভি’’ কোম্পানীৰ দৃষ্টিত ধৰা পৰিছিল আৰু তেওঁৰ গীতৰ এখন ৰেকৰ্ড নিৰ্মাণ কৰিছিল৷ তেতিয়াৰে পৰা অৰ্থাৎ ১৯৭৭ চনৰ পৰা ১৯৯৩ চনলৈ প্ৰতিবছৰে এই সংগীত কোম্পানীটোৱে ডলী ঘোষৰ গীত ৰেকৰ্ডিং কৰি আছিল৷

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰা ডলীৰ বাবে ভূপেন হাজৰিকাই “অসমী আইৰে লালিতা পালিতা মই তোলনীয়া জী’’ শীৰ্ষক গীতটি ৰচনা কৰিছিল৷ কিন্তু সেই গীতটি বাণীবদ্ধ কৰাৰ দিনা ডলীৰ বিবাহৰ দিন ধাৰ্য হোৱাত সেই গীতটি উষা মংগেশকাৰৰ দ্বাৰা বাণীবদ্ধ কৰাই পিছত পুনৰ ডলী কণ্ঠতো বাণীবদ্ধ কৰা হৈছিল৷[4] ভূপেন হাজৰিকাই পিছত “বিহুৰে উৰু নিশা’’ শীৰ্ষক আন এটা গীত লিখি ডলীৰ কণ্ঠেৰে গোৱাইছিল৷[2]

কলিকতাত থকাকালত ডলী ঘোষে কেইবাখনো বাংলা কথাছবি আৰু ধাৰাবাহিকত গীত পৰিৱেশন কৰিছিল৷ অসমীয়া কথাছবি “শ্ৰীমতী মহিমাময়ী’’, “বনানী’’ত ডলীয়ে কণ্ঠদান কৰিছে৷ বিবাহৰ পিছত স্বামীৰ সৈতে কৰ্মসূত্ৰে পুনৰ অসমলৈ অহা ডলী অসমৰ সংগীত জগতৰ লগত পুনৰ জড়িত হৈ পৰিছিল৷ তেওঁ কেইবাবাৰো বিদেশৰ মঞ্চত গীত পৰিৱেশন কৰিছে৷[2]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. মেনা, উৎপল (ডিচেম্বৰ ২০২১). "চিনেমাৰ ভুল চৰ্চা, ডলী ঘোষ ইত্যাদি". দৈনিক অসম.
  2. 1 2 3 4 "অসমী আইৰ তোলনীয়া জী ডলী ঘোষ". http://kumarbhaskarjyoti.blogspot.com/2011/06/interview-of-dolly-ghosh.html?m=1 আহৰণ কৰা হৈছে: 21 March 2023.
  3. "গায়িকা ডলী ঘোষৰ সৈতে অন্তৰংগ আলাপ". https://xurorpanchoi.wordpress.com/tag/dolly-ghosh/ আহৰণ কৰা হৈছে: 21 March 2023.
  4. "অসমীয়াই আন ভাষাৰ লোকৰ প্ৰতি অন্তৰত প্ৰীতিৰ ভাব ওপজাব পাৰিব লাগিব". Archived from the original on 21 March 2023. https://web.archive.org/web/20230321133719/https://janambhumi.in/VGxSak0wMVJQVDA9/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE%E0%A6%87-%E0%A6%86%E0%A6%A8-%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE%E0%A7%B0-%E0%A6%B2%E0%A7%8B%E0%A6%95%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A4%E0%A6%BF-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%AD%E0%A6%BE%E0%A6%AC-%E0%A6%93%E0%A6%AA%E0%A6%9C%E0%A6%BE%E0%A6%AC-%E0%A6%AA%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%AC-%E0%A6%B2%E0%A6%BE%E0%A6%97%E0%A6%BF%E0%A6%AC.html আহৰণ কৰা হৈছে: 21 March 2023.